চিৰাঙত পুনৰ এনকাউন্টাৰ, পুনৰ উগ্ৰপন্থী নিহত




শেহতীয়াকৈ চিৰাং জিলা হৈ পৰিছে এনকাউন্টাৰৰ নতুন ঠিকনা। জিলাখনত বিগত ২৪ ঘন্টাত দুটাকৈ এনকাউন্টাৰৰ ঘটনা ঘটিছে আৰু তিনিটা উগ্ৰপন্থী নিহত হৈছে। ইয়াৰে অন্তিমটো ঘটনা মঙলবাৰে নিশা জিলাখনৰ হাগ্ৰামা দলঙৰ সমীপত সংঘটিত হয়। আৰক্ষীৰে এনকাউণ্টাৰত মনজিত বসুমতাৰী নামৰ উগ্ৰপন্থী এজন নিহত হয়।


নিহত মনজিত বসুমতাৰী জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত কিষাণবাজাৰ-খামাৰপাৰাত সোমবাৰে নিশা ৰাজা বড়ো নামৰ যুৱক এজনক গুলীয়াই হত্যা কৰা দুজনীয়া দলটোৰ এজন আছিল। এই তথ্য আৰক্ষীৰ।


এনকাউন্টাৰ সন্দৰ্ভত চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাই সংবাদমাধ্যমক জানিবলৈ দিয়া মতে, নিশা মনজিত বসুমতাৰীয়ে অসমৰ পৰা পলায়ন কৰাৰ উদ্দেশ্যে বঙাইগাঁও ৰে'ল ষ্টেচন অভিমুখে গৈ আছিল। চিৰাং আৰক্ষীয়ে ৰে' ল ষ্টেচনৰ সমীপৰ ৰেলগেটৰ পৰা তেওঁক আটক কৰে।



তাৰ পিছত চিৰাং আৰক্ষীয়ে বিভিন্ন প্ৰশ্নৰে মনজিত বসুমতাৰীক জেৰা কৰাৰ লগতে ৰাজা বড়োৰ হত্যাকাণ্ডত ব্যৱহৃত পিষ্টলটো ক'ত ৰাখিছে, সেয়া জানিব বিচাৰে। মনজিতে পিষ্টলটো আই নৈৰ হাগ্ৰামা দলঙৰ তলত লুকুৱাই ৰখা বুলি স্বীকাৰোক্তি দিয়ে।


সেই তথ্য পাই আৰক্ষীৰ দলে মনজিত বসুমতাৰীক লৈ হাগ্ৰামা দলঙৰ ওচৰলৈ যায়। মনজিতে মাটিৰ তলত লুকাই ৰখা পিষ্টলটো দেখুৱাই দিয়ে। কিন্তু এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰাৰ চেষ্টা চলায়। আৰক্ষীয়ে খেদি খেদি গৈ গুলীচালনা কৰাত মনজিত বসুমতাৰী গুলীবিদ্ধ হৈ বাগৰি পৰে। পিছত আৰক্ষীয়ে গুলীবিদ্ধ মনজিত বসুমতাৰীক কাজলগাঁৱৰ জেএছবি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। তাত চিকিৎসকে মনজিত বসুমতাৰীক মৃত বুলি ঘোষণা কৰে।


উল্লেখ্য যে মনজিত বসুমতাৰী নিহত হোৱাৰ আগৰ নিশাটোত জিলাখনত সংঘটিত আনটো এনকাউণ্টাৰত দুজন এনএলএফবি সদস্য নিহত হয়। দুয়ো এটা নতুন উগ্ৰপন্থী সংগঠন গঠনৰ বাবে ধন সংগ্ৰহ অভিযান চলাই আছিল। এটা বৃহৎ ডকাইতি কাণ্ডৰ দুয়ো অংশীদাৰ আছিল।

6 views0 comments