অনিমেষৰ প্ৰত্যেকজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগিব : ড০ সমুজ্জ্বল ভট্টাচাৰ্য




'যোৰহাট চহৰৰ মাজমজিয়াত সংঘটিত ঘটনাটো ভাবিব নোৱাৰা কথা। মানি ল'ব নোৱাৰা ঘটনা। ঘটনাটোৱে প্ৰমাণ কৰিছে হত্যাকাৰীয়ে আৰক্ষীক ভয় নকৰা হৈছে। উত্তৰটো কি? হত্যাকাৰীক গ্ৰেপ্তাৰ আৰু দৃষ্টান্তমূলক শাস্তি।'- এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।


যোৰহাট চহৰৰ মাজমজিয়াত এদল বৰ্বৰ লোকৰ হাতত প্ৰাণ হেৰুওৱা অনিমেষ ভূঞাৰ বাসগৃহত মঙলবাৰে পুৱা উপস্থিত হৈ সাংবাদিকৰ আগত ড০ ভট্টাচাৰ্যই আৰু কয় যে চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি ঘটনাটোৰ বিচাৰৰ দায়িত্ব ফাষ্টট্ৰেক আদালতত দিয়ক। ১৫ দিনৰ ভিতৰত অভিযোগনামা দাখিলৰ ব্যৱস্থা কৰা কৰক। আছুৱে ইয়াত নজৰ ৰাখিব। প্ৰত্যেকজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগিব।


আনহাতে, যোৰহাটৰ মাজমজিয়াত সংঘটিত ঘটনাটোৰ সময়ত কোনেও অনিমেষহঁতক ৰক্ষা কৰিবলৈ আগবাঢ়ি নোযোৱাত উদ্বেগ ব্যক্ত কৰি ড০ সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে অসমীয়া সমাজখন মানৱীয় সম্প্ৰতি, মানৱীয় সম্পৰ্ক আৰু মানৱীয় চেতনাৰে সমৃদ্ধ। এইবোৰ আজি ক'ত গ'ল? আমি সমাজখনৰ এইবোৰ গুণ আকৌ জীগ্ৰত কৰিব লাগিব।


আনহাতে, অনিমেষৰ পৰিয়ালটোৰ দায়িত্ব চৰকাৰক ল'বলৈ আহ্বান জনাই কয় যে অনিমেষৰ পৰিয়ালটোৰ সাৰথি হৈ ৰ'ব ছাত্ৰ সন্থা। তেওঁ কয়- 'আছুৰ সদস্যসকলৰ দুটা পৰিয়াল। এটা নিজৰ পৰিয়াল। আনটো আছুৰ পৰিয়াল। আছুৰ সদস্যই নিজ পৰিয়ালতকৈ আছুৰ পৰিয়ালক বেছি সময় দিয়ে। মাক কৈছোঁ, অনিমেষৰ অভাৱৰ পূৰণ কৰিব নোৱাৰোঁ। কিন্তু পৰিয়ালটোৰ আছু সাৰথি হৈ থাকিব।'

6 views0 comments