লামডিঙত দালালৰ পিঠিত উচ্ছেদিতৰ ঔকিল, লাথি : কথমপি প্ৰাণৰক্ষা দুজনৰ




লামডিং সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলি থকাৰ মাজতে আজি এজন দালাল আৰু তেওঁৰ সংগী এজনক উত্তম-মধ্যম শোধায় একাংশ উচ্ছেদিত লোকে। ইয়াকে লৈ তাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সময় মতে আৰক্ষী-নিৰাপত্তা বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাত দুয়োৰে প্ৰাণ ৰক্ষা পৰে।


জানিব পৰা মতে, ৰহমত আলী নামৰ প্ৰকৃতিপ্ৰেমী ৰূপী দালালটোৱে মোহন নামৰ সংগী এজনৰ সৈতে উচ্ছেদিত লোকে আশ্ৰয় লৈ থকা স্থানত উপস্থিত হয়। তাত ন্যায়ালয়ৰ জৰিয়তে উচ্ছেদিত লোকসকলৰ সুৰক্ষাৰ বাবে যুঁজ দিব বুলি প্ৰলোভন দিয়ে।

ইয়াৰ বিপৰীতে উচ্ছেদিত লোকৰ অভিযোগ মতে, ৰহমতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ নামত পূৰ্বে বিভিন্ন সময়ত ধন সংগ্ৰহ কৰিছিল। ৰহমতৰ ওপৰত পূৰ্বৰে পৰা লোকসকল ক্ষুব্ধ হৈ আছিল। আজি তাত উপস্থিত হোৱাত উচ্ছেদিত লোকৰ খঙে চুলিৰ আগ পায়। ৰহমত আলীয়ে লোকসকলক বুজাবলৈ চেষ্টা কৰোঁতে প্ৰথমে কথাৰ কটাকটি হয়। পৰৱৰ্তী সময়ত তেওঁৰ ওপৰত জঁপিয়াই পৰে ক্ষুব্ধ লোক। লগতে ৰহমতে দিয়া বলেৰ' আৰু সংগীজনো জনৰোষত পৰে।


ঘটনাস্থলীত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ দল উপস্থিত হৈ দুয়োকে উত্তেজিত লোকৰ হাতৰ পৰা কোনোমতে ৰক্ষা কৰে।



ইফালে, নিজকে প্ৰকৃতিপ্ৰেমী বুলি পৰিচয় দি অসমৰ লগতে বিভিন্ন ৰাজ্যত লাখ লাখ বাঁহ ৰোপণৰ মানপত্ৰ সংগ্ৰহ কৰি মানুহক আভুৱা ভাঁৰি আহিছিল দালালজনে ।

4 views0 comments