মণিপুৰৰ বিষয়াক হত্যাৰ উদ্দেশ্যে কাছাৰত বোমা সংস্থাপিত কৰিছিল অশুভ চক্ৰই




কাছাৰ জিলাৰ লক্ষীপুৰত মণিপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হোৱা শক্তিশালী বোমাটোৰ ৰহস্য উন্মোচন কৰিলে আৰক্ষীয়ে। বোমাটোৰে মণিপুৰৰ চৰকাৰী বিষয়াক হত্যা কৰাৰ পৰিকল্পনা ৰচিছিল অশুভ চক্ৰই। চক্ৰটোৰ চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে ৷ বৃহস্পতিবাৰে নিশা কাছাৰ আৰক্ষীয়ে মহিলাসহ চাৰিওজনক গ্ৰেপ্তাৰ কৰে ৷


গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে-আহমেদ হুছেইন, আব্দুল চাহিদ চৌধুৰী, চালাহ উদ্দিন আৰু লাকিবুন নেছা। কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে সংবাদমাধ্যমক জনোৱা মতে, লক্ষীপুৰ মণিপুৰ সীমান্তত বোমা বিষ্ফোৰণ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছিল তেওঁলোকে৷ ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা-যোৱা কৰা মণিপুৰৰ চৰকাৰী বিষয়াক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল চাৰিওটাই৷


উল্লেখ্য যে দুদিন পূৰ্বে কাছাৰৰ লক্ষীপুৰত মণিপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ এটা কালভাৰ্টৰ তলত আইইডি বোমাটো উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ৷ পিছত বোমা বিশেষজ্ঞ দলে নিষ্ক্ৰিয় কৰে বোমাটো ৷ ইফালে, ধৃত চাৰিটা কোনো সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত হয় নে নহয়, সেইটো জানিব পৰা হোৱা নাই।

4 views0 comments