পি এম জি কে এ ওৱাই-ৰ ম্যাদ বৃদ্ধি, পহিলা ডিচেম্বৰৰ পৰা আৰম্ভণি ঘটিব পঞ্চম পৰ্বৰ





পুনৰ চাৰিমাহৰ বাবে কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা (পি এম জি কে এ ওৱাই)-ৰ ম্যাদ বৃদ্ধি কৰিছে । খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে কৈছে যে পঞ্চম পৰ্বৰ অধীনত খাদ্য শস্যৰ আনুমানিক খাদ্য চাবছিডি হব ৫৩৩৪৪.৫২ কোটি টকা । পঞ্চম পৰ্বত খাদ্য শস্যৰ মুঠ খৰছ ১৬৩ লাখ মেট্ৰিক টনলৈকে হব বুলি অনুমান কৰা হৈছে । ইয়ে পি এম জি কে এ ওৱাই-ৰ প্ৰথমৰ পৰা পঞ্চম পৰ্বৰ ভিতৰত মুঠ ২.৬০ লাখ কোটি টকাৰ খৰছ হৈছে বুলি প্ৰতিপন্ন কৰে । উল্লেখ্য যে চতুৰ্থ পৰ্ব শেষ হোৱাৰ পাছত অহা ডিচেম্বৰৰ ১ তাৰিখৰ পৰা পঞ্চম পৰ্ব আৰম্ভ হব । ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত পঞ্জীয়নভুক্ত দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে ৫ কিলোগ্ৰামকৈ খাদ্যশস্য প্ৰতিমাহে বিনামূলীয়াকৈ যোগান ধৰা হ'ব । এই যোজনাৰ প্ৰথম আৰু দ্বিতীয় পৰ্ব কাৰ্যকৰী আছিল ক্ৰমে ২০২০ চনৰ এপ্ৰিলৰ পৰা জুন আৰু একেটা বৰ্ষৰে জুলাইৰ পৰা নৱেম্বৰলৈকে । তৃতীয় পৰ্ব চলিছিল ২০২১ চনৰ মে' মাহৰ পৰা জুনলৈকে । সম্প্ৰতি এই যোজনা চতুৰ্থটো পৰ্ব চলি আছে যোৱা জুলাই মাহৰ পৰা । কোভিড মহামাৰীয়ে দেশৰ মানুহক জুৰুলা কৰাৰ মাজতে, ২০২০ চনৰ মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনত নাম অন্তৰ্ভুক্ত থকা প্ৰায় ৮০ কোটি জনতাৰ প্ৰতিগৰাকীকে এই যোজনাৰ অধীনত প্ৰতিমাহে ৫ কিলোগ্ৰামকৈ ধান আৰু গমৰ দৰে খাদ্যশস্য বিনামূলীয়াকৈ যোগান ধৰা হব । এই যোজনাৰ বিতৰণ কাৰ্য বৰ্তমানেও চলি আছে আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ পৰা প্ৰাপ্ত প্ৰতিবেদনমতে ইতিমধ্যে ৯৩.৮% খাদ্যশস্য উঠোৱা হৈছে আৰু প্ৰায় ৩৭.৩২, ৩৭.২০, ৩৬.৮৭, ৩৫.৪ আৰু ১৭.৯ লাখ মেট্ৰিক টন খাদ্য শস্য ক্ৰমে ৭৪.৬৪, ৭৪.৪, ৭৩.৭৫, ৭০.৮ আৰু ৩৫.৮ কোটিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হৈছে ।

3 views0 comments