উত্তৰ-পূৰ্বাঞ্চলৰ কেৱল মণিপুৰত অধিক মাত্ৰাত সক্ৰিয় উগ্ৰপন্থী : ইম্ফলত বিস্ফোৰণ



উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য অংশৰ তুলনাত মণিপুৰত উগ্ৰপন্থীৰ সক্ৰিয়তা অব্যাহত আছে আৰু ইয়াৰ ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে। অসমত আলফাৰ একপক্ষীয় যুদ্ধবিৰতি আৰু বাকী প্ৰায়ভাগ সক্ৰিয় উগ্ৰপন্থী সংগঠন আলোচনা প্ৰক্ৰিয়াৰ অংশীদাৰ হৈছে। নাগালেণ্ডত শান্তি প্ৰক্ৰিয়া অব্যাহত আছে। ৰাজ্যখনত উগ্ৰপন্থীৰ তৎপৰতা বহুখিনি হ্ৰাস পাইছে। অৰুণাচলত অসম আৰু নাগালেণ্ডৰ উগ্ৰপন্থীৰ সক্ৰিয়তা কিছু আছে। বাকী ৰাজ্যত উগ্ৰপন্থীৰ প্ৰভাৱ কমি আহিছে। কিন্তু একমাত্ৰ ৰাজ্য মণিপুৰত উগ্ৰপন্থীৰ কূটাঘাতমূলক কাম-কাজ অব্যাহত আছে।


মণিপুৰত বুধবাৰে পুনৰ এটা শক্তিশালী আইইডি বোমা বিস্ফোৰিত হয়। ৰাজ্যখনৰ ৰাজধানী ইম্ফল চহৰতে সংঘটিত হয় বিস্ফোৰণ কাণ্ডটো। ইম্ফলৰ পূব অঞ্চলত আই ই ইডি বোমাটো উগ্ৰপন্থীয়ে বিস্ফোৰণ ঘটায়। আৰক্ষী সূত্ৰে জানিব পৰা মতে, পুৱতিনিশা প্ৰায় ৩.৩০ বজাত এখন গেলামালৰ দোকানৰ সন্মুখত ঘটনাটো সংঘটিত হয়। অৱশ্যে সৌভাগ্যক্ৰমে বিস্ফোৰণত এজনো লোক হতাহত হোৱা নাই।


আৰক্ষীয়ে বিস্ফোৰণৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি পৰিদৰ্শন কৰে। আনহাতে ফৰেনছিক বিজ্ঞান গৱেষণাগাৰৰ এটা দলেও বিস্ফোৰণস্থলী পৰ্যেবক্ষণ কৰে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে।


এই সন্দৰ্ভত পোৰোম্প আৰক্ষী থানাৰ আৰক্ষী উপ-পৰিদৰ্শক খাইলেট লাংঘালে বিস্ফোৰণটো এটা ইম্প্ৰ'ভাইজড এক্সপ্লোছিভ ডিভাইচ (আই ই ডি) পৰা হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। তেওঁ কয় যে চিচি টিভি ফুটেজৰ জৰিয়তে আৰক্ষীয়ে এজন সন্দেহজনক ব্যক্তিকো চিনাক্ত কৰিছে। অৱশ্যে, সন্দেহজনক ব্যক্তিজনৰ পৰিচয় এতিয়াও লাভ কৰা নাই।


উল্লেখ্য যে যোৱা ১৫ ডিচেম্বৰত ইম্ফলৰ পূব অঞ্চলত সংঘটিত হৈছিল এটা শক্তিশালী বোমাৰ বিস্ফোৰণ। ইম্ফলৰ পূবৰ লামলং অঞ্চলৰ এখন ফাৰ্মাচীত সংঘটিত বিস্ফোৰণটোৱে ফাৰ্মাচীখনৰ ধ্বংস্তূপত পৰিণত কৰাৰ লগতে কাষৰ আন দোকানবোৰকো প্ৰভাৱিত কৰিছিল। ইয়াৰ পূৰ্বে ১৮ নৱেম্বৰত ইম্ফল পশ্চিম জিলাত এখন দোকানৰ সন্মুখত এনেধৰণৰ আন এটা বিস্ফোৰণৰ খবৰ পোৱা গৈছিল।

5 views0 comments