উগ্ৰ জাতীয়তাবাদী, বিভাজনকামী প্ৰদীপ দত্ত ৰয়ক আৰক্ষীৰ জেৰা, গ্ৰেপ্তাৰৰ সম্ভাৱনা




ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ জনসাধাৰণৰ মাজত বিভেদৰ সৃষ্টি কৰি অসম তথা অসমীয়াৰ বিৰুদ্ধে প্ৰতিনিয়ত চক্ৰান্ত ৰচি অহা প্ৰদীপ দত্ত ৰয় নামৰ বিডিএফৰ মুৰব্বীজনক গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। শুকুৰবাৰে কাছাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ তলব কৰি তিনি ঘণ্টা জেৰা চলোৱা হয়। উল্লেখ্য যে প্ৰদীপ দত্ত ৰয় নামৰ উগ্ৰ বাঙালী নেতাজনে শেহতীয়াকৈ অসমভূমিৰ অংগ বৰাক উপত্যকাৰ পৰা অসমীয়া ভাষা উৎখাতৰ হুংকাৰ দিছিল। প্ৰশাসনক ৪৮ ঘণ্টা সময় বান্ধি দিছিল। বাঙালী নেতাজনৰ এই ধৃষ্টতাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

6 views0 comments