অগ্নিকাণ্ড : গোৱালপাৰা অসামৰিকত কথমপি প্ৰাণৰক্ষা ১৪ নৱজাতকৰ




গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ চাইল্ড কেয়াৰ ইউনিটত শুকুৰবাৰে অৰ্থাৎ আজি পুৱা ১০ বজাত সংঘটিত এটা অগ্নিকাণ্ডত কথমপি প্ৰাণৰক্ষা ১৪টা নৱজাতকৰ। চিকিৎসক আৰু অভিভাৱকে নৱজাতককেইটাক ততালিকে স্থানান্তৰ কৰাত এটা ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈ পোহৰলৈ অহা নাই যদিও বৈদ্যুতিক বিজুতিৰ বাবে ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।


উল্লেখ্য যে জটিল অৱস্থাত পতিত নৱজাতকক ইউনিটটোত ৰাখি চিকিৎসা কৰা হয়। অগ্নিকাণ্ডৰ বাবে চাইল্ড কেয়াৰ ইউনিটটোৰ ক্ষতি হোৱাক জটিল অৱস্থাত থকা নৱজাতকৰ ভৱিষ্যতক লৈ সংকটৰ সৃষ্টি হয়। হাস্পতাল কৰ্তৃপক্ষই নৱজাতককেইটাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

1 view0 comments