মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড : দাউদাউকৈ জ্বলিল নথি




শুকুৰবাৰে পুৱা নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ কাৰ্যালয়ত বৈদ্যুতিক বিজুতিৰ বাবে সংঘটিত হয় এটা অগ্নিকাণ্ড। পুৱা প্ৰায় ৭ বজাত সংঘটিত ঘটনাটোত কোনো লোকৰ একো ক্ষয়-ক্ষতি হোৱা নাই। কিন্তু কাৰ্যালয়ত থকা বহু নথি জ্বলি ছাই হয়।



জানিব পৰামতে ক’হিমাৰ নিউ সচিবালয় ভৱন কক্ষত থকা মুখ্যমন্ত্ৰী ৰিঅ’ৰ কাৰ্যালয়ত পুৱা সাত বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । লগে লগে নাগালেণ্ডৰ অগ্নিনিৰ্বাপক বাহিনীয়ে ক্ষীপ্ৰতাৰে জুই নিয়ন্ত্ৰণ কৰে যদিও কাৰ্যালয়টোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰত জাহ যায়। বিগত দহ বছৰত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত অগ্নিকাণ্ডৰ এইটো দ্বিতীয় ঘটনা।

5 views0 comments