২৫ নৱেম্বৰত প্ৰথম টেষ্ট : অপেনাৰ, কোহলিৰ বিকল্প সন্ধানত ব্যস্ত ৰাহুল দ্ৰাবিড়




টি-২০ত শোচনীয়ভাৱে পৰাজিত হোৱা নিউজিলেণ্ডৰ বিৰুদ্ধে অহা ২৫ নৱেম্বৰত প্ৰথমখন টেষ্টত অৱতীৰ্ণ হ'ব ভাৰতীয় ক্ৰিকেট দল। মেচখন কাণপুৰৰ গ্ৰীন পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। মেচখনৰ পূৰ্বে ঘৰুৱা দলটো কেইবাটাও প্ৰশ্নৰ সন্মুখীন হৈছে। অপেনাৰ ৰোহিত শৰ্মাক জিৰণি দিয়া হৈছে। অধিনায়ক বিৰাট কোহলিও মেচখনত নেখেলে। এতিয়া প্ৰশ্ন উঠিছে, হিটমেনৰ ঠাইত ভাৰতীয় দলটোৰ বেটিং আৰম্ভ কৰিব কোনে? এপিনে কে এল ৰাহুল থাকিবই।

এই ক্ষেত্ৰত ভাৰতীয় দলটোৰ হাতত দুটা আছে। শুভমন গিল আৰু মায়ংক আগৰৱালা। শুভমন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত খেলাৰ পাছত আহত পৰে। মায়ংক আগৰৱালাই দীৰ্ঘদিন ধৰি হাতত বেট তুলি লোৱাৰ সুযোগ পোৱা নাই। শুভমন গিলৰ বাবে সুযোগটো আহিব পাৰে। অৱশ্যে আঘাতপ্রাপ্ত হোৱাৰ পূৰ্বে গিলৰ প্ৰদৰ্শন সিমান সুখকৰ নাছিল। অষ্ট্ৰেলিয়া ছিৰিজত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰা গিলে ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলা আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ৰান সংগ্ৰহত সফল হোৱা নাছিল।

ইফালে অধিনায়ক ৰাহানে আৰু কোচ দ্ৰাভিডৰ সন্মুখত দ্বিতীয়টো প্ৰত্যাহ্বান স্বৰূপে থিয় দিছে কোহলিৰ স্থানক লৈ। প্ৰথমখন টেষ্টত কোহলি নাথাকিব। এতিয়া বেটিং অৰ্ডাৰত চতুৰ্থ স্থানৰ বাবে নিৰ্ভৰযোগ্য বেটছমেন এজন লাগে ভাৰতীয় দলটোক। ইয়াৰ বাবে চৰ্চালৈ আহিছে শ্ৰেয়স আয়াৰৰ নাম। অৱশ্যে শুভমন গিলকো সেই স্থানত খেলোৱা হ'ব পাৰে।

9 views0 comments