প্ৰথমবাৰৰ বাবে মাজুলীৰ ৰাস মহোৎসৱত মুখ্যমন্ত্ৰী ড০ শৰ্মা, নিশাটো কটাব চাংঘৰত




আজিৰ পৰা উজনি-নামনি সকলোতে আৰম্ভ হৈ ৰাস মহোৎসৱ। হিন্দুৰ পৱিত্ৰ মহোৎসৱটোৰ অন্যতম প্ৰাণকেন্দ্ৰ মাজুলীত প্ৰথমবাৰৰ বাবে ৰাসৰ অভিজ্ঞতা ল'বলৈ নদীদ্বীপটোত ইতিমধ্যে উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তেওঁ উছৱমুখৰ শৰতৰ নিৰ্মেঘ নিশাটো মাজুলীৰ এখন মিচিং গাৱত কটাব। চাংঘৰত নিশা কটাই মিচিংসকলৰ বৰ্ণাঢ্য জীৱনশৈলী, পৰম্পৰা আৰু সাংস্কৃতিক জীৱনক কাষৰ পৰা দৰ্শন কৰিব। তাত থাকি তেওঁ সমন্বয়-সমমৰ্যাদাৰ বাতৰি বিলাব।


ইফালে, মাজুলীত উপস্থিত হৈয়েই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লয়। অনুষ্ঠানটোৰ মাজতে তেওঁ ৰাস উদযাপন সমিতিসমূহলৈ ৫০ হাজাৰ টকাকৈ অনুদান আগবঢ়ায়।



মুখ্যমন্ত্ৰী ড০ শৰ্মাই অলপতে মাজুলীৰ নাও দুৰ্ঘটনাৰ পিছত উদ্ধাৰ অভিযানত ভাগ লোৱা NDRF আৰু SDRFৰ ২০৯গৰাকী বিষয়া-কৰ্মচাৰীৰ লগতে আৰক্ষী-প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীক কৃতজ্ঞতা জনায়। তেওঁ

উদ্ধাৰ অভিযানত সহায় কৰা ৫০গৰাকী লোকক ২৫ হাজাৰ টকাকৈ পুৰস্কাৰ হিচাপে আগবঢ়ায়।

5 views0 comments