একেলগে চাৰি প্ৰেমিকা ঘৰত উপস্থিত : ভণ্ডামি ধৰা পৰাত আত্মহত্যাৰ চেষ্টা যুৱকৰ





একে সময়তে চাৰিগৰাকী যুৱতীৰে চলাই থকা প্ৰেমৰ সম্পৰ্ক ফাদিল হোৱাত বিহপান কৰি মুখলজ্জা ঢকাৰ অপচেষ্টা চলায় এজন যুৱকে। ঘটনাটো পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ মাথাভাঙাৰ। যুৱকজনৰ ভণ্ডামিৰ কথা জানিব পাৰি চাৰিওগৰাকী যুৱতী একেলগে যুৱকজনৰ ঘৰত উপস্থিত হোৱাত বপুৰাই সত্যৰ সন্মুখীন হ'ব নোৱাৰি বিহপান কৰি আত্মহত্যাৰ অপচেষ্টা চলায়। যুৱকজন বৰ্তমান চিকিৎসাধীন। ইফালে, যুৱকজনৰ প্ৰেমিকাৰ তালিকাত অসমৰ গোলকগঞ্জ যুৱতী এগৰাকীও আছে।


যুৱকজনৰ নাম শুভময় কৰ। ঘৰ মাথাভাঙাৰ ১ নং ব্লকৰ জোৰপাটকি পঞ্চায়তৰ ভুৰকুণ্ডা গাঁৱত। ফাৰ্মাচী এখনত কাম কৰে। শুভময়ে দীৰ্ঘদিন একেলগে চাৰিগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক চলাই আছিল। কিন্তু কিমান দিন? অৱশেষত কুকীৰ্তিৰ কথা প্ৰেমিকা কলৈ জানিব পাৰিলে। দেওবাৰে বিয়লি চাৰিওগৰাকী যুৱতী একেলগে উপস্থিত হয় প্ৰেমিকৰ ঘৰত। তাৰে দুগৰাকী ঘোকছাডাঙাৰ, এগৰাকী ভাউৰথানা অঞ্চলৰ আৰু এগৰাকীৰ ঘৰত গোলকগঞ্জত।


চাৰিওগৰাকীয়ে ভণ্ড প্ৰেমিক শুভময়ৰ সৈতে প্ৰচণ্ড বাক-বিতণ্ডাত লিপ্ত হয়। ভণ্ডামি পোহৰলৈ অহা শুভময়ে চোতালৰ পৰা ঘৰৰ ভিতৰত প্ৰৱেশ কৰি বিহপান কৰে। লগে লগে ঘটনাটোৱে অন্য মোৰ লয়। শুভময়ক তৎক্ষণাৎ হাস্পতাললৈ লৈ যোৱা হয়। আনহাতে, যুৱতীকেইগৰাকীক বুজাই বঢ়াই ঘৰলৈ পঠিয়াই দিয়া হয়।

6 views0 comments