শিলচৰ আদালতত চাৰি হত্যাকাৰীক কাৰাদণ্ড




অপৰাধৰ সোতৰ বছৰ পিছত এটা পৰিয়ালে ন্যায় পালে। চাৰিটা হত্যাকাৰীক আদালতে ৫ বছৰৰ কাৰাদণ্ড বিহে। শিহৰণকাৰী হত্যাকাণ্ডটো ২০০৩ চনৰ মাৰ্চত সংঘটিত হৈছিল। শিলচৰৰ ভুবন তীৰ্থ মেলাত দীপক দেৱ নামৰ যুৱকজনক কেইজনমান লোকে আক্ৰমণ কৰি হত্যা কৰিছিল। দীপকৰ ঘৰ শিলচৰৰ তাৰাপুৰত।


ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে অজয় দাস, সত্যৰঞ্জন দাস, অনুপ দাস আৰু সুভাষ দাস নামৰ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে তদন্তৰ প্ৰতিবেদন আদালতত দাখিল কৰে। তাৰ পিছত সুদীৰ্ঘ প্ৰায় ১৭ বছৰে আদালতত গোচৰটোৰ বিচাৰ চলে। বিচাৰত চাৰিওজন দোষী সাব্যস্ত হয় আৰু

বিচাৰক এ জে বৰুৱাই কেউজনক ৫ বছৰ কাৰাবাসৰ ৰায় দিয়ে ৷

3 views0 comments