
এতিয়াৰে পৰা এগৰাকী ব্যক্তি কোভিড পজিটিভ হোৱাৰ ৫ দিনৰ পিছতেই চিকিৎসালয়ৰ পৰা যাব পাৰিব ঘৰলৈ

কোভিড-19 পজিটিভ ৰোগীক কোভিড কেয়াৰ চেণ্টাৰ আৰু কোভিড চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত পাঁচ দিনৰ পিছতই ঘৰলৈ যাবলৈ দিয়া হ'ব ।যদিহে ৰোগীগৰাকী লক্ষণহীন হয়। অসমত কোভিড-19 ৰোগীৰ ব্যৱস্থাপনাৰ বাবে জাৰী কৰা শেহতীয়া নিৰ্দেশনাত এই কথা কোৱা হৈছে।ডিচচাৰ্জৰ সময়ত কোনো আৰটি-পিচিআৰ পৰীক্ষাৰো প্ৰয়োজন নাই। অৱশ্যে লক্ষণযুক্ত ৰোগীৰ ক্ষেত্ৰত ৰোগীৰ স্থিতিৰ ওপৰত আধাৰিত কৰি চিকিৎসকে ডিচচাৰ্জৰ সন্দৰ্ভত সিদ্ধান্ত ল'ব। ৰাজ্যৰ মুখ্য সচিবে (স্বাস্থ্য আৰু পৰিয়াল কল্যাণ) জাৰী কৰা সংশোধিত নিয়মাৱলীত এনেদৰে উল্লেখ কৰা হৈছে।
চিকিৎসালয়ৰ পৰা ডিচচাৰ্জ হোৱাৰ পিছত ৰোগীয়ে ২ টাকৈ দিন হোম আইছলেশ্যনত থাকিব লাগিব। এই সময়চোৱাৰ ভিতৰত যদি কোনো ৰোগীৰ দেহত লক্ষণে দেখা দিয়ে তেতিয়াহ'লে ৰোগীয়ে 104 ত সেৱাত ফোন কৰিব পাৰিব।৭ দিনৰ পিছত ৰোগীসকলক আৰোগ্য হোৱা বুলি গণ্য কৰা হ'ব । অৰ্থাৎ ব্যক্তিগৰাকীক কোভিড নিগেটিভ হিচাপে ধৰি লোৱা হ'ব।
সকলো স্থানতে COVID পৰীক্ষাৰ বাবে সংশোধিত ICMR ৰ পৰামৰ্শ কঠোৰভাৱে অনুসৰণ কৰিব লাগিব।পৰীক্ষাৰ অভাৱৰ বাবে কোনো জৰুৰীকালীন প্ৰক্ৰিয়া (অস্ত্ৰোপচাৰ আৰু প্ৰসৱ)বিলম্বিত কৰিব নালাগে।
"চিকিৎসা মহাবিদ্যালয়/জিলা চিকিৎসালয়/ অন্যান্য চৰকাৰী আৰু স্বাস্থ্য প্ৰতিষ্ঠানত দুৰ্ঘটনা/জৰুৰীকালীন সেৱাৰ বাবে অহা যিকোনো ৰোগীক COVID পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰোৱাৰ কোনো প্ৰয়োজন নাই।পৰীক্ষাৰ সুবিধাৰ অভাৱৰ বাবে ৰোগীসকলক অন্য স্থানলৈ প্ৰেৰণ কৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে নমুনাবোৰ পৰীক্ষাৰ বাবে সংগ্ৰহ আৰু স্থানান্তৰ কৰাৰ সকলো ব্যৱস্থা কৰিব লাগে।
অৱশ্যে স্বাস্থ্য সেৱা পেছাদাৰীসকলে নিৰ্দেশনা অনুসৰি ব্যক্তিগত সুৰক্ষা সঁজুলিসহ সকলো COVID ৰ সাৱধানতা কঠোৰভাৱে পালন কৰিব লাগিব । নিশ্চিত কৰিব লাগিব যে কৰ্তব্যৰত অৱস্থাত অজ্ঞতা/অৱহেলাৰ বাবে স্বাস্থ্যকৰ্মীসকল COVID-ৰ সংস্পৰ্শলৈ নাহে।