আজিৰে পৰা ১১ লাখ মাইক্ৰ' ফাইনেঞ্চৰ ঋণগ্ৰস্ত মহিলাক ধন দিব চৰকাৰে





আজিৰে পৰা অসমত আৰম্ভ হ'ব নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষাৰ এটা ঐতিহাসিক অভিযান। আৰম্ভ হ'ব মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই।

ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ নিয়মীয়াকৈ কিস্তি পৰিশোধ কৰি অহা ১১ লাখ মহিলাক আজি ২৫ হাজাৰ টকা পর্যন্ত উদগনি হিচাপে চেক প্রদান কৰা হ'ব৷ গুৱাহাটীত আয়োজিত সংবাদ মেলত এখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মাইক্র’ ফাইনেঞ্চৰ ঋণ লোৱা যিসকল মহিলাই নিয়মিত ৰূপত কিস্তিৰ ধন আদায় দি আহিছে, তেওঁলোকক সর্বাধিক ২৫ হাজাৰ টকা পর্যন্ত চৰকাৰে উদগনি হিচাপে আদায় দিব৷ ১১ লাখ মহিলাক চৰকাৰে সেই ধন আদায় দিব৷ অহা মার্চৰ পূর্বে এই পর্যায়ৰ সামৰণি পৰিব৷ ইয়াৰ বাবে চৰকাৰৰ তিনি হাজাৰ কোটি টকা খৰচ হ’ব৷


উল্লেখ্য যে নিয়মিত ৰূপত কিস্তি পৰিশোধ কৰা মহিলাসকলৰ ঘৰত গাড়ী, কাৰোবাৰ চাকৰি থাকিলেও চৰকাৰে তেওঁলোকক ধন আদায় দিব৷ আনহাতে, অহা এপ্রিলৰ পৰা কিস্তিৰ ধন পৰিশোধ নকৰা মহিলাসকলৰ ঋণ ৰেহাইৰ প্রক্রিয়া আৰম্ভ হ’ব৷ তাৰ বাবে চৰকাৰে প’র্টেল এটা মুকলি কৰিব। তাৰ জৰিয়তে আবেদন গ্রহণ কৰিব৷ প’র্টেল মুকলি কৰাৰ পাছতহে কিমান আবেদন আহে আৰু চৰকাৰৰ কিমান ব্যয় হ’ব, সেই বিষয়ে ক’ব পৰা যাব৷ মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ বাবে চৰকাৰৰ বৃহৎ ব্যয় হ’লেও অনাগত দিনত অর্থনৈতিকভাৱে চৰকাৰ উপকৃত হ'ব বুলি প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰৰ পৰা টকা লোৱাৰ পাছত তেওঁলোকে সেই টকাৰে সা–সামগ্রী ক্রয় কৰিব৷ তাৰ পৰা চৰকাৰৰ কৰ আহিব৷ তেওঁলোকে বেংকৰ পৰা পুনৰ ঋণ ল’ব৷ ইয়াৰ ফলত দুই–তিনি বছৰৰ ভিতৰত অর্থনীতি ভাল হ’ব৷



প্ৰসংগক্ৰমে উল্লেখ্য যে অসমৰ ইতিহাসত নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি এইদৰে লাখ লাখ লোকক ৰাজকোষৰ পৰা ধন আদায় দিয়া এয়াই প্ৰথম।

5 views0 comments