আৱৰ্জনাও হ’ব পাৰে আশীৰ্বাদ




পাঠক সমাজে জানেই এইবাৰো দেশৰ পৰিচ্ছন্ন চহৰৰ খিতাপ অৰ্জন কৰিলে মধ্যপ্ৰদেশৰ ইন্দোৰে। চহৰখনে এইবাৰকে ধৰি একেৰাহে পাঁচবাৰ এই খিতাপ অৰ্জন কৰি অনন্য নজিৰ স্থান কৰিলে। পৰিচ্ছন্নতাৰ মাপকাঠিত ৰাজ্যসমূহৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে ছত্তীশগড়ে। অসম? থাকক, উল্লেখ নকৰাই ভাল।

স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে কেন্দ্রীয় আৱাসন আৰু নগৰোন্নয়ন মন্ত্রালয়ে ২০১৬ চনৰ পৰা দেশৰ সৰু আৰু বৃহৎ চহৰসমূহত পৰিচ্ছন্নতা, স্বাস্থ্যবিধি আৰু নিৰ্গমন ব্যৱস্থাৰ সমীক্ষা আৰম্ভ কৰে। পৰিচ্ছন্নতাৰ তালিকাখনত অসমৰ অৱস্থান সন্তোষজনক নহয়। কিন্তু ইয়াৰ অৰ্থ এইটোও নহয় যে শ্ৰেষ্ঠত্বপ্ৰাপ্তি অসম্ভৱ। নাগৰিকৰ সদিচ্ছা আৰু সচেতনতাৰ জৰিয়তে এই কৃতিত্ব অৰ্জন কৰিব পাৰি। ইন্দোৰৰ সাফল্যও এই বাটেৰে াহিছে। চৰকাৰ-প্ৰশাসনৰ প্ৰয়াসক সফল কৰি তুলিবলৈ মহানগৰখনৰ প্ৰতিজন নাগৰিকে হাত উজান দিয়ে। স্বচ্ছতাযেন তেওঁলোকৰ জীৱনৰ সাধনা হৈ পৰে। ইন্দোৰ যেন এখন বেলেগ ভাৰতবৰ্ষ। যিকোনো ব্যক্তিয়ে মহানগৰখনত উপস্থিত হ’লে সুকীয়া ভাৰতবৰ্ষখন অনুভৱ কৰিব পাৰিব। ৰে’ল ষ্টেচনৰ পৰা ব্যস্ত বজাৰ, অলি-গলি সকলো চিকমিককৈ জিলিকি আছে। কোনো লোকে আৱৰ্জনা পথৰ ওপৰত বা অ’ত-ত’ত নেপেলায়। নিৰ্দিষ্ট ঠাই আছে। তাতহে পেলায়। পৌৰসভাৰ সংশ্লিষ্ট কৰ্মচাৰীয়ে সেইবোৰ লৈ যায়। ক’তোৱেই এটুকুৰা অৱৰ্জনা পেলাই নাযায়। নাগৰিকৰ এনে দায়িত্বপৰায়ণতা, সচেতনতা, স্বচ্ছতাৰ প্ৰতি দৃঢ় সংকল্প সঁচাকৈয়ে মানিবলগীয়া।

আমাৰ ৰাজ্যখনত প্ৰতিদিনে বুজন পৰিমাণৰ বৰ্জ্য বা আৱৰ্জনা ওলায়। এইবোৰৰ সিংহভাগ য’তে-ত’তে পেলোৱা হয়। ইয়াৰ বিপৰীতে আৱৰ্জনাসমূহ নিৰ্দিষ্ট ঠাইত পেলোৱাৰ ব্যৱস্থা কৰিলে ৰাজ্যখন প্ৰদূষণজনিত বহু বেমাৰৰ পৰা সুৰক্ষিত হৈ থাকিলহেঁতেন। জনস্বাস্থ্যক যথেষ্ট পৰিমাণে সুৰক্ষিত কৰি ৰখাৰ লগতে সেউজ অসমখন সুন্দৰ, নিৰ্মল, স্বচ্ছ কৰি ৰাখিলহেঁতেন। দেশ অন্যান্য ৰাজ্যত এনে বহু ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাত আৱৰ্জনা হৈ পৰিছে গ্ৰগতিৰ বতৰা। যেনে ধৰক পশ্চিমবংগৰ বৰ্ধমান জিলাৰ মেমাৰী ২নং ব্লকৰ বোহাৰ ১নং গাঁও পঞ্চায়ত। পঞ্চায়তখনৰ তৰফৰ পৰা সোতলা গাঁৱত এটা কঠিন আৰু তৰল বৰ্জ্য নিৰাপদ ব্যৱস্থাপনা প্ৰকল্প গঢ়ি তোলা হয়। ৰাজ্য চৰকাৰৰ পৰিৱেশ বিভাগৰ প্ৰত্যক্ষ সহযোগিতাত প্ৰকল্পটো ২০১৬ চনত আৰম্ভ হয়। আৰম্ভণিৰ পৰাই প্ৰকল্পটো সফল কৰাৰ অৰ্থে এটা এনজিঅ’ জড়িত হৈ আছে। তেওঁলোকে কৰ্মীসকলক বিভিন্ন দিশত প্ৰশিক্ষণ দি প্ৰকল্পটো মসৃণভাৱে পৰিচালনাত সহযোগ কৰে।


প্ৰকল্পটো সোঁতলা গাঁৱৰ একাষৰত বিস্তীর্ণ কৃষিক্ষেত্রৰ কেন্দ্ৰস্থলত এডোখৰ খাচ ভূমিত প্ৰকল্পটো স্থাপন কৰা হয়। পাঁচজন স্থানীয় যুৱকে প্রতিদিনে পুৱা বেটাৰীচালিত গাড়ীৰে ঘৰে ঘৰে গৈ বর্জ্য সংগ্রহ কৰি প্ৰকল্পটোলৈ আনে। ইয়াৰ পিছত আৰম্ভ হয় আৱর্জনাৰ উপাদান পৃথকীকৰণ। যুৱকসকলে সংগৃহীত আৱর্জনাৰ পৰা পচনশীল অংশক পৃথক কৰি পলিথিনৰ চাদৰেৰে ঢাকি থয়। ইয়াৰ পিছত অপচনশীল আৱর্জনাবোৰক উপাদান অনুসৰি সুকীয়াকৈ ২১ ভাগত বিভক্ত কৰা হয়। মাহত এবাৰ বা দুবাৰ ফেৰীৱালাই আহি সেই বর্জ্য পুনর্ব্যৱহাৰযোগ্য সামগ্রী তৈয়াৰীৰ বাবে কিনি লৈ যায়। মাথোঁ ছেনীটাৰী নেপকিন আৰু ডাইপাৰৰ দৰে কিছুমান টক্সিক বর্জ্য বিক্রি নহয়। সেইবোৰ মুখবন্ধ পাত্রত ৰাখি বিদ্যুৎচালিত হিট চেম্বাৰত বিনষ্ট কৰা হয়। সময়ছোৱাত উদ্ভূত ক’লা দূষিত ধোঁৱা যাতে বায়ুমণ্ডলত মিহলি হ’ব নোৱাৰে, তাৰ বাবে হিট চেম্বাৰৰ সৈতে সংযুক্ত নলীৰে ধোঁৱাখিনি ৰুদ্ধ চেকপিত বন্দী কৰা হয়।

পচনশীল আৱর্জনাৰ সৈতে আৱশ্যকীয় পৰিমাণত গোবৰ মিহলি কৰি ১৫ দিনমান পচিবলৈ দিয়া হয়। সেইবোৰ জৈৱ সাৰ প্ৰস্তুতৰ বাবে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ জৰিয়তে সাজু কৰি তাত কেচু এৰি দিয়া হয়। সমগ্র প্রক্রিয়াটো সম্পন্ন হ’বলৈ এমাহমান লাগে। সাৰখিনি বস্তাত ভৰাই সমবায় সমিতিত বিক্রী কৰা হয়। আৱর্জনা সংগ্রহৰ বাবে প্রতিটো পৰিালৰ পৰা মাহেকত ১০ টকাকৈ সংগ্ৰহ কৰা হয়। সেই টকা আৰু সাৰ বিক্ৰীৰ ধন পঞ্চায়তৰ তহবিলত জমা হয়। তাৰ পৰা কৰ্মীসকলৰ দৰমহা আৰু অন্যান্য খৰচ বহন কৰা হয়। প্রকল্পত বিদ্যুতৰ চাহিদা পূৰণৰ বাবে সৌৰপ্লেট বহুওৱা হৈছে। তদুপৰি স্থাপিত হৈছে গোবৰ গেছ প্লাণ্ট।

লক্ষণীয় কথাটো হ’ল, প্ৰকল্পটোক লৈ প্ৰথম অৱস্থাত অঞ্চলটোৰ জনগণ শংকিত হৈ আছিল। পৰিৱেশ দূষিত হ’ব বুলি সকলোৱে ভয় খাইছিল। তদুপৰি দুৰ্গোন্ধত থাকিব নোৱাৰা হ’ব বুলি আপত্তিও কৰিছিল। এই ধাৰণা দূৰ কৰাৰ অৰ্থে পঞ্চায়তৰ তৰফৰ পৰা ব্যাপক হাৰত প্ৰচাৰ চলোৱা হয়। ইয়াৰ বাবে অংগনৱাড়ী কৰ্মী-সহায়িকা আৰু আশাকৰ্মীৰ সহায় লোৱা হয়। সকোলেৰ সহযোগিতাক সমগ্ৰ পঞ্চায়তখন এতিয়া হৈ পৰিছে আদৰ্শ নিৰ্মল গাঁও। ক’তোৱেই আৱৰ্জনা নাই। চৌদিশে কেৱল স্বচ্ছতা।

অসমতো প্ৰতিখন পঞ্চায়ত, পৌৰসভা, নগৰ সমিতি, পৌৰ নিগমে এইদৰে আৱৰ্জনা ব্যৱস্থাপনাৰ পদক্ষেপ হাতত ল’লে অ’ত-ত’ত পৰি থকা তথা জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা আৱৰ্জনাবোৰ হৈ পৰিব আশীৰ্বাদ। কৃষিক্ষেত্ৰত জৈৱ সাৰৰ প্ৰয়োগ বাঢ়িব। উৎপাদিত ফচলো স্বাস্থ্যৰ বাবে উপকাৰী হৈ পৰিব। সবাতকৈ ডাঙৰ কথা, অসম এনেয়েও সুন্দৰ, সেউজীয়া, নিৰ্মল। ইয়াৰ পৰা যদি আৱৰ্জনাৰ দ’মবোৰ নাইকিয়া কৰ হয়, ৰাজ্যখন ভূ-স্বৰ্গত পৰিমত হৈ পৰিব।

8 views0 comments