গৰুখুঁটি কৃষি প্ৰকল্প : নিজৰ স্বপ্নৰ প্ৰকল্পত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা




স্বপ্নৰ প্ৰকল্পটোৰ অগ্ৰগতি কাষৰ পৰা চাবলৈ বুধবাৰ অৰ্থাৎ আজি পুৱা উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। প্ৰকল্পটো আন নহয়, গৰুখুঁটি কৃষি প্ৰকল্প।প্ৰকল্পটোৰ ভূমি সন্দেহজনক নাগৰিকৰ বেদখলৰ পৰা মুক্ত কৰা হৈছিল। সেয়ে ইয়াৰ সৈতে অসম তথা অসমীয়াৰো স্বাভিমান জড়িত হৈ আছে।



মুখ্যমন্ত্ৰী ড০ শৰ্মা দিনজোৰা কাৰ্যসূচীৰে গৰুখুঁটি কৃষি প্ৰকল্পত উপস্থিত হৈছে। তেওঁ কৃষি প্ৰকল্পটোৰ কাষৰ ধলপুৰৰ শিৱ মন্দিৰ পৰিদৰ্শন কৰে। ইয়াৰ পূৰ্বে আগষ্টত তেওঁ মন্দিৰটো নতুনকৈ নিৰ্মাণ কৰিবৰ বাবে ধন আগবঢ়াইছিল।



উল্লেখ্য যে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলাই গৰুখুঁটিত ভূমিখিনি মোকলাই স্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্বপ্নৰ প্ৰকল্পটো পৰিচালনাৰ দায়িত্ব দিয়ে বিধায়ক পদ্ম হাজৰিকাক। শেহতীয়াকৈ প্ৰকল্পটোলৈ অনা হৈছে গুজৰাটৰ গীৰ গাই।


ইফালে, মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি গৰুখুঁটিত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। কৃষি প্ৰকল্পস্থলীতেই নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড। মুখ্যমন্ত্ৰীয়ে গৰুখুঁটি প্ৰকল্পত ৰূপায়ণ কৰিবলগীয়া কেইবাখনো আঁচনি শুভাৰম্ভ কৰিব।

3 views0 comments