গৌতম গম্ভীৰলৈ পুনৰ মৃত্যুৰ পৰোৱানা আইএছআইএছৰ : ৰাজনীতি-কাশ্মীৰ এৰক




আইএছআইএছ কাশ্মীৰ নামৰ ইছলামিক জেহাদী সংগঠনটোৰ পৰা দ্বিতীয়বাৰ মৃত্যুৰ পৰোৱানা লাভ কৰিছে বিজেপি সাংসদ তথা প্ৰাক্তন আন্তৰ্জাতিক ক্ৰিকেটাৰ গৌতম গম্ভীৰে। “isiskashmir@gmail.com” এই ঠিকনাটোৰ পৰা দ্বিতীয়বাৰ হত্যাৰ ভাবুকি দি গম্ভীৰলৈ প্ৰেৰণ কৰা হৈছে ই-মেইল।



ইফালে, ভাবুকি সন্দৰ্ভত সাংসদগৰাকীয়ে পুনৰ দিল্লী আৰক্ষীক অৱগত কৰিছে। অৱশ্যে প্ৰথমবাৰ অহা ভাবুকিৰ পাছতে আৰক্ষী তৎপৰ হৈ পৰিছে। গম্ভীৰৰ বাসগৃহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।


গম্ভীৰলৈ অহা দ্বিতীয়টো ভাবুকিত কোৱা হৈছে- “আমি আপোনাক হত্যাৰ লক্ষ্য কৰিছোঁ৷ কিন্তু বাছি গ’ল কালি৷ যদিহে আপুনি আপোনাৰ পৰিয়ালৰ জীৱনক ভাল পায়, তেন্তে ৰাজনীতি আৰু কাশ্মীৰ বিষয়টোৰ পৰা আঁতৰি থাকক৷” মেইলটোত গৌতম গম্ভীৰৰ দিল্লীৰ বাসগৃহৰ বাহিৰৰ কিছু ফটোও প্ৰেৰণ কৰা হৈছে৷

3 views0 comments