সাজু হওক : ফেব্ৰুৱাৰীত অসম আৰক্ষীৰ ৪০০০ কনিষ্টবল পদৰ লিখিত পৰীক্ষা





নৱবৰ্ষৰ ক্ষণগণনা ইতিমধ্যে বিশ্বজুৰি আৰম্ভ হৈ গৈছে। আৰু কেইটামান ঘণ্টা। ইয়াৰ পিছতে এখন কেলেণ্ডাৰে বাগৰ সলাব। আহিব এখন নতুন কেলেণ্ডাৰ। বছৰ এটা বাগৰিলে, বছৰ এটা আহিলে মানুহৰ মনবোৰ নতুন সংকল্পৰে উজ্জীৱিত হৈ উঠে। সমাগত নতুন বছৰটো অসমৰ নিবনুৱা যুৱক-যুৱতীৰ এটাৰ আশা আৰু প্ৰতীক্ষাৰ বছৰ হৈ আহিব। বছৰটোৰ প্ৰথম ৫টা মাহতে ৰাজ্য চৰকাৰে প্ৰায় ৫০ হাজাৰজনক চাকৰিত নিযুক্তি দিব। তাৰে মাজত আছে আৰক্ষীৰ চাকৰিও।


আৰক্ষীত চাকৰি বহুতৰে বাবে এটা সপোন। ইয়াৰ বাবে অনেকে বছৰ বছৰ ধৰি কচৰৎ শাৰীৰিকভাৱে নিজকে সক্ষম আৰু সস্তম কৰি তোলে। কনিষ্টবলৰ চাকৰিত শিক্ষাগত অৰ্হতাও সিমান নালাগে। মুঠতে বহুজনৰ পছন্দৰ চাকৰি বুলি ক'লেও ভুল কোৱা নহয়। অহা বৰ্ষৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ নিযুক্তিৰ পৰীক্ষা।

আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই এই কথা ঘোষণা কৰিছে। এটা টুইটযোগে তেওঁ কয় যে ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে লিখিত পৰীক্ষা। উল্লেখ্য যে

শেহতীয়াকৈ অসম আৰক্ষীত ২৪৫০টা কনিষ্টবল (এ বি) আৰু ১৪২৯টা কনিষ্টবল (ইউ বি) পদৰ বাবে প্ৰকাশ হৈছিল বিজ্ঞাপন।

7 views0 comments