সামাজিক মাধ্যমত চিনাকিক প্ৰেম-বিবাহলৈ নিলে পৰিণতি মৌফিয়াৰ দৰেও হ'ব পাৰে




'দেউতা তুমি শুদ্ধ আছিলা। তেওঁ ভাল মানুহ নাছিল।' এইদৰে ছুইচাইড নোট লিখি থৈ আত্মহত্যা কৰে কেৰালাৰ ইদায়াপুৰমৰ এগৰাকী ২১ বছৰীয়া কন্যাই। কন্যাগৰাকীয়ে ঘৰৰ অমতত এজন যুৱকৰ সৈতে ফেচবুকৰ জৰিয়তে হোৱা চিনাকি আৰু প্ৰেম সূত্ৰে বিবাহত বহিছিল। কিন্তু ভবা মতে যুৱতীগৰাকীৰ বৈবাহিক জীৱন সুখৰ নহ'ল। যৌতুকৰ দাবীত স্বামীগৃহত অকথ্য নিৰ্যাতনৰ সন্মুখীন হয় যুৱতীগৰাকী। ঘটনাটোৱে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱতীগৰাকীৰ নাম মৌফিয়া পাৰবিন। আইনৰ ছাত্ৰী।



মৌফিয়াই ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল মহম্মদ চোহেল নামৰ যুৱকজনৰ সৈতে। সময়ত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। কিছুদিন পূৰ্বে ঘৰৰ অমতত যুৱকজনৰ পাণি গ্ৰহণ কৰে। বিয়াৰ পাছত মৌফিয়াই মহম্মদ চোহেলৰ আচল স্বৰূপটো গম পালে। চোহেলে মিছা কথা কৈ বিয়া কৰিছিল। চোহেলে প্ৰথমে ডুবাইত চাকৰি কৰা বুলি কোৱাৰ লগতে ইউটিউবৰ এগৰাকী ব্লগাৰ বুলি চিনাকি দিছিল।


বিবাহৰ পাছতে মৌফিয়াৰ ওপৰত আৰম্ভ হয় শাৰীৰিক-মানসিক অত্যাচাৰ। এখন চিনেমা নিৰ্মাণ কৰিবলৈ মৌফিয়াৰ পৰিয়ালৰ পৰা ৪০লাখ টকা দাবী কৰি নিৰ্যাতন চলাইছিল মহম্মদ চোহেলে । শাহু-শহুৰেকেও অকথ্য নিৰ্যাতন চলায় মৌফিয়া পাৰবিনৰ ওপৰত। ধাৰাবাহিক অত্যাচাৰত দিশহাৰা হৈ মৌফিয়াই আত্মহত্যা কৰে।


ঘটনাটোক প্ৰতীক হিচাপেও ধৰি। ফেচবুকত চিনাকি হৈ সেইদৰে বহু যুৱতীয়ে লম্পট, ধনলোলুপ, নাৰী সৰবৰাহকাৰী আদিৰ ফান্দত পৰে। লাভ জেহাদৰো বলি হয় অনেক। সন্দেহ নাই, মিছা কথাৰ জাল পাতি তেনেদৰে যুৱতীক ফান্দত পেলোৱা হয়। গতিকে সাৱধান হওক। আপুনি মনেপ্ৰাণে ভালপোৱাজন ভণ্ড, অসৎ, দুৰাচাৰীও হ'ব পাৰে।

9 views0 comments