লক্ষ্য উন্নয়ন : আজি মোদী-শ্বাহ-ডোভাল-সীতাৰমণ-ৰাজনাথৰে বৈঠক মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ




উপ–নির্বাচন শেষ। এতিয়া উন্নয়ন। এনে এটা বাৰ্তা লৈ সম্প্ৰতি নতুন দিল্লীত বাহৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰ অৰ্থাৎ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল, কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডাভিয়াক৷ ইয়াৰ পাছত পর্যায়ক্রমে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ, শক্তিমন্ত্রী ৰাজকুমাৰ সিং আৰু প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙক সাক্ষাৎ কৰিব। তেওঁলোকৰ সৈতে সাক্ষাৎকালত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমৰ স্বাৰ্থজড়িত কেইবাটাও বিষয়ত আলোচনা কৰিব। তেওঁৰ এই সাক্ষাতে অসমৰ বাবে বহু ভাল খবৰ আনিব বুলি আশা কৰা হৈছে।



মুখ্যমন্ত্ৰী ড০ শৰ্মাই আলফা (স্বাধীন)ৰ সৈতে আলোচনাৰ ক্ষেত্ৰত শেহতীয়াকৈ অগ্ৰগতি আৰু ইয়াক কিদৰে ফলপ্ৰসুভাৱে আগুৱাই নিব পাৰি, সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাৰে আলোচনা কৰিব বুলি জানিব পৰা গৈছে। লগতে নগা বিদ্ৰোহীৰে চলি থকা শান্তি আলোচনাৰ শেহতীয়া স্থিতি সম্পৰ্কেও তেওঁলোকক অৱগত কৰি পৰৱৰ্তীকালৰ আলোচনাৰ ৰণকৌশল প্ৰস্তুত কৰিব।



আনহাতে, সোমবাৰে বিয়লি ৪.৩০ বজাত নতুন দিল্লীৰ অসম ভৱনত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ শর্মাই সন্ধিয়া বিশ্ববেংকৰ এটা প্রতিনিধি দলৰ সৈতে বৈঠকত বহে৷ বৈঠকখনত বিশ্ব বেংকৰ ৰাষ্ট্র সঞ্চালক আৰু শীর্ষ বিষয়া উপস্থিত থাকে৷ বৈঠকৰ অন্তত ৰাষ্ট্র সঞ্চালক জুনেইড আহমেদে কয় যে মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে আলোচনা ইতিবাচক হৈছে৷ অসমৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে একেলগে কাম কৰিব বিশ্ব বেংকে৷ কেইবাটাও প্রকল্প ৰূপায়ণৰ বাবে অচিৰেই বিশ্ব বেংকে পদক্ষেপ ল’ব৷


ইফালে আজি বিয়লি ৪ বজাত প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰিব মুখ্যমন্ত্রী ড০ শর্মাই৷ পুৱা ৯.৩০ বজাত মুখ্যমন্ত্রীগৰাকীয়ে সাক্ষাৎ কৰে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডাভিয়াক৷ ইয়াৰ পাছত পর্যায়ক্রমে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ, শক্তিমন্ত্রী ৰাজকুমাৰ সিং আৰু প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙক সাক্ষাৎ কৰিব৷ তিনিদিনীয়া ভ্রমণৰ পাছতে অহা ১০ নৱেম্বৰত গুৱাহাটীলৈ উভতি আহিব। ১১ নৱেম্বৰত তেওঁ মুম্বাইত অনুষ্ঠিত হ’ব লগা দলৰ ৰাষ্ট্রীয় প্রশিক্ষণ শিবিৰত উপস্থিত থকাৰ বাবে গুৱাহাটীৰ পৰা যাত্রা কৰিব৷

0 views0 comments