সুখবৰ : অসম-বাংলাদেশ সীমান্ত ভ্ৰমণ কৰিব অমিত শ্বাহে




শীঘ্ৰেই অসম-বাংলাদেশ সীমান্ত ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ভ্ৰমণকালক তেওঁ সীমান্তৰ অৱস্থাৰ বুজ ল'ব। সীমান্ত ছীলকৰণত চলি কাম-কাজৰ বুজ ল'ব। গৃহমন্ত্ৰীৰ ভ্ৰমণত অবৈধ বাংলাদেশীৰ সমস্যাৰে বছৰ বছৰ ধৰি যুঁজি থকা অসমে কিছু সকাহৰ বতৰা লাভ কৰিব বুলি আশা কৰা হৈছে।


মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰোঁতে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ আগ্ৰহমৰ্মে সীমান্ত ভ্ৰমণত অমিত শ্বাহে সন্মতি প্ৰদান কৰে।


সেই সন্দর্ভত সাংবাদিকে জানিবলৈ বিচৰাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ সৈতে মোৰ সাক্ষাৎকালত ড্রাগছৰেই হওক বা অহা ৩১ মার্চৰ আগতেই আৰক্ষীৰ হাতত থকা পুৰণি গোচৰ নিষ্পত্তিৰ ব্যৱস্থাই হওক, গোটেইবোৰ বিষয় আলোচনা কৰোঁ৷ লগতে অহা মাহত তেওঁক মই গুৱাহাটী ভ্রমণৰ বাবে আমন্ত্রণ জনাইছোঁ৷ বিশেষকৈ আমি যি খিলঞ্জীয়াৰ বিশ্বাস আৰু সংস্কৃতি বিভাগ আৰম্ভ কৰিব বিচাৰিছোঁ, সেয়া উদ্বোধনৰ কাৰণে মই তেওঁক আমন্ত্রণ জনাইছোঁ৷ লগতে ভাৰত–বাংলাদেশ সীমান্তলৈও এবাৰ যাবলৈ মই তেওঁক অনুৰোধ কৰিছোঁ, যাতে তাৰ ওপৰত তেওঁ এটা ধাৰণা কৰিব পাৰে৷ তেওঁ নিশ্চিতি দি কৈছে– মই যাম৷ সীমান্তলৈও যাম৷



আনহাতে নগা শান্তি আলোচনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে কোনোধৰণৰ আলোচনা হোৱা নাই বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে তেওঁ দিল্লীলৈ আহিছে অসমৰ ইছ্যুক লৈ৷ সেয়েহে অসমৰ ইছ্যুসমূহ উত্থাপনৰ বাবেই চেষ্টা কৰিছিল।

7 views0 comments