সুখবৰ : ইছৰ'ৰ বিজ্ঞানী ৰূপে স্বীকৃতি লাভ অসমৰ নাজনীন ইয়াছমিনৰ




অসমবাসীৰ বাবে এটা বিৰল গৌৰৱৰ বাতৰি কঢ়িয়াই আনিছে নগাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে। নগাঁৱৰ নাজনীন ইয়াছমিন নামৰ কন্যা গৰাকীয়ে ইছৰ'ৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰিছে।



নাজনীন ইয়াছমিন নগাওঁ জিলাৰ কদমনি টাউন হাইস্কুলৰ শিক্ষক দম্পতী আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা। নাজনীনৰ এই সফলতাত গৌৰৱাম্বিত হৈ পৰিছে পিতৃ-মাতৃ, পৰিয়ালৰ লগতে নগাওঁবাসী। বহুজনে এই স্বীকৃতিৰ বাবে নাজনীনক অভিনন্দন জ্ঞাপন কৰিছে।

10 views0 comments