সুখবৰ! অসমৰ ৩ উদীয়মান লেখকলৈ পি এমছ মেণ্টৰিং যুৱ স্কীমৰ বঁটা





অসমৰ কেইগৰাকী ও যুৱক-যুৱতীয়ে লাভ কৰিবলৈ সক্ষম হৈছে পি এমছ মেণ্টৰিং যুৱ স্কীমৰ বঁটা। আজাদী কী অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্রধানমন্ত্রী যুব মেণ্টৰশ্বিপ আঁচনিৰ অধীনত আয়োজন কৰা হৈছিল এক প্রতিযোগিতা।


প্ৰতিযোগিতাত দেশৰ মুঠ ৭৫ গৰাকীকৈ যুৱ লেখকক বাছনি কৰা হয় আৰু ৭৫ গৰাকীকৈ যুৱ লেখকক প্রধানমন্ত্রী যুৱ মেণ্টৰশ্বিপ আঁচনিৰ অধীনত জলপানিৰ বাবে নির্বাচন কৰা হৈছে। এই ৭৫ গৰাকীকৈ যুৱ লেখকৰ মাজত আছে অসমৰ ৩ গৰাকী যুৱ লেখক।


উল্লেখযোগ্য যে ২০২১ বৰ্ষৰ জুন মাহৰ পৰা ৩১ জুলাই পৰ্যন্ত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। প্রতিযোগিতাত ইংৰাজীকে ধৰি মুঠ ২৩ টা ভাষাৰ ১৬,০০০ টাকৈ লেখা লাভ কৰিছিল। এই সমূহৰ পৰা বাছনি কৰি ঘোষণা হৈছিল ফলাফল। নিৰ্বাচিত সকল ক্ৰমে দুজন ১৫ বছৰৰ অনূর্ধ্ব, ১৬ জন ১৫-২০ বছৰৰ, ৩২ জন ২১-২৫ বছৰৰ ,২৫ জনৰ বয়স ২৬-৩০ বছৰ বয়সৰ।


এই জলপানিৰ বাবে অসমৰ পৰা নিৰ্বাচিত হৈছে প্রিয়ম ডি জ্যোৎস্না, বুদ্ধিদীপ্ত দিহিঙীয়া তথা বড়ো লেখক অনিলা স্বৰ্গীয়াৰী। প্রিয়ম ডি জ্যোৎস্না কটন বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্রী।

প্রিয়ম ডি জ্যোৎস্না আৰু বুদ্ধিদীপ্ত দিহিঙীয়াৰ ঘৰ ঢকুৱাখনাত।


এতিয়াৰে পৰা নিৰ্বাচিত সকলে ৬ মাহৰ বাবে পাব জলপানি। প্ৰতিমাহে ৫০ হাজাৰকৈ মুঠ ৩ লাখ টকাত বৃত্তি লাভ কৰিব।এই ৬ মাহৰ সময়ছোৱাত তেওঁলোকে NBT ৰ অধীনত লেখক তথা সম্পাদক মণ্ডলীৰ অধীনত লাভ কৰিব গৱেষণা তথা সম্পাদনাৰ প্ৰশিক্ষণ । একোগৰাকী বিশেষ লেখকৰ তত্ত্বাৱধানত পাণ্ডুলিপিৰ আধাৰত কিতাপ লিখিবলৈ দিয়া হ'ব নিৰ্বাচিতসকলক। লগতে তেওঁলোকৰ কিতাপসমূহ প্ৰকাশ কৰিব NBTয়ে। কিতাপ প্রকাশ হ'লে সেই কিতাপখনৰ বাবে ১০ শতাংশ ৰয়েল্টি প্ৰদান কৰা হ'ব।

1 view0 comments