ভাৰতৰ বিৰুদ্ধে ক্ষুব্ধ গুগল ! গুগলে আঁতৰালে ভাৰতীয়ৰ ৪৮,৫৯৪ টাকৈ পোষ্ট




গুগলে ব্যৱহাৰকাৰীসকলৰ পৰা ২৪,৫৬৯ টাকৈ অভিযোগ লাভ কৰিছিল । এই অভিযোগবোৰৰ ওপৰত ভিত্তি কৰি গুগলে আতঁৰালে ৪৮,৫৯৪ টাকৈ পোষ্ট অৰ্থাৎ লেখনি ।ব্যৱহাৰকাৰীসকলৰ প্ৰতিবেদনৰ উপৰিও, গুগলে স্বয়ংক্ৰিয় চিনাক্তকৰণৰ ফলস্বৰূপেও অক্টোবৰত ৩,৮৪,৫০৯ টাকৈ পোষ্ট আঁতৰাই পেলাইছিল। একেদৰে ছেপ্টেম্বৰ মাহটো ব্যৱহাৰকাৰীসকলৰ পৰা লাভ কৰা ২৯,৮৪২ টা অভিযোগৰ ভিত্তিত আঁতৰাই দিয়া হৈছিল ৭৬,৯৬৭ টাকৈ পোষ্ট । আনহাতে স্বয়ংক্ৰিয় চিনাক্তকৰণৰ জৰিয়তে আঁতৰাই দিয়া হৈছিল ৪,৫০,২৪৬ টাকৈ পোষ্ট ।উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীটোৱে মে'ত কাৰ্যকৰী হোৱা ভাৰতৰ তথ্য প্ৰযুক্তি নিয়ম অনুসৰণৰ অংশ হিচাপে এই তথ্যসমূহ প্ৰকাশবোৰ কৰিছে।প্ৰতিবেদন অনুসৰি এই অভিযোগবোৰ তৃতীয় পক্ষৰ তথ্যৰ সৈতে জড়িত যি গুগলৰ গুৰুত্বপূৰ্ণ ছ'চিয়েল মিডিয়া মধ্যস্থতাকাৰী (SSMI) প্লেটফৰ্মত স্থানীয় আইন বা ব্যক্তিগত অধিকাৰ উলংঘন কৰে বুলি বিশ্বাস কৰা হয়। কিছুমান অনুৰোধত বৌদ্ধিক সম্পত্তিৰ অধিকাৰ উলংঘনৰ অভিযোগ উত্থাপিত হ'ব পাৰে, আনহাতে আন কিছুমানে মানহানিৰ দৰে ভিত্তিত সেই তথ্য বা পোষ্টসমূহ নিষিদ্ধ কৰা দৰে স্থানীয় আইন উলংঘনৰ দাবী কৰে। যেতিয়া গুগলে তেওঁলোকৰ প্লেটফৰ্মত এনে অভিযোগ লাভ কৰে, তেওঁলোকে সেইসমূহ সাৱধানে মূল্যায়ন কৰে আৰু আঁতৰাই দিয়ে।

11 views0 comments