গৰুখুটি-লামডিঙৰ পাছত এইবাৰ গৰৈমাৰীত চলিল চৰকাৰৰ এক্সকেভেটৰ




গৰুখুঁটি-লামডিং সংৰক্ষিত বনাঞ্চলৰ পাছত এইবাৰ চৰকাৰৰ এক্সকেভেটৰ চলিল

কামৰূপ জিলাৰ গৰৈমাৰীত বজাৰত। শুকুৰবাৰ অৰ্থাৎ আজি পুৱা প্ৰায় ৯.৩০ বজাত আৰম্ভ হয় উচ্ছেদ অভিযান। গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰূপ বিৰকমীয়াৰ নিৰ্দেশ মৰ্মে চলোৱা হৈছে উচ্ছেদ অভিযান৷


প্ৰশাসনে গৰৈমাৰীৰ বজাৰৰ পথৰ দুয়োকাষে চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি গঢ়ি তোলা দোকান উচ্ছেদ কৰে। চৰকাৰী ভূমি খালী কৰাৰ বাবেই প্ৰশাসনে চলাইছে এই উচ্ছেদ অভিযান৷

7 views0 comments