৬.৪৭ কোটি লোকলৈ পি এফৰ চৰকাৰী ধন





কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাই (EPFO) ভৱিষ্যত নিধি গ্ৰাহকৰ (PF Subscribers) একাউণ্টলৈ সুতৰ ধন (PF Interest) প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে । গ্ৰাহকসকলে নিজৰ ঘৰৰ পৰাই নিজৰ নিজৰ পি এফ একাউণ্টৰ বেলেন্স পৰীক্ষা কৰিব পাৰিব । ইতিমধ্যে ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে পি এফৰ ওপৰত ৮.৫ শতাংশ সুত প্ৰদান কৰাৰ নিৰ্ণয় লোৱা হৈছে । এই সিদ্ধান্তত শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ে ইতিমধ্যে স্বীকৃতি দিছে । একাউণ্ট বেলেন্স পৰীক্ষা কৰিবলৈ গ্ৰাহকে নিজৰ ইউ এ এন পঞ্জীয়নভূক্ত নম্বৰৰ পৰা ৭৭৩৮২৯৯৮৯৯ নম্বৰত EPFOHO UAN বুলি লিখি পঠিয়াব লাগিব । হিন্দীত তথ্য বিচাৰিব লাগিলে EPFOHO UAN HIN লিখিব লাগিব । এই সুবিধা ইংৰাজী, পাঞ্জাৱী, মাৰাঠী, হিন্দী, কানাড়া, তেলেগু, তামিল, মালায়ালম আৰু বঙালী ভাষাত উপলব্ধ আছে । ইয়াৰ উপৰি ইপিএফঅ'-ৰ ৱেবছাইট epfindia.gov.inত গৈও গ্ৰাহকসকলে বেলেন্স জানিব পাৰে । ৱেবছাইটটোত থকা ই-পাছবুকত ক্লিক কৰাৰ পাছত passbook.epfindia.gov.in ঠিকনাৰ এটা নতুন পেজ দেখিবলৈ পোৱা যাব । ইয়াত গ্ৰাহকে ব্যৱহাৰকাৰীৰ নাম (UAN নম্বৰ), পাছৱৰ্ড আৰু কেপচা পূৰণ কৰিব লাগিব । আন এক উপায় হৈছে কেন্দ্ৰীয় চৰকাৰৰ UMANG এপ । এই এপত OTP ব্যৱস্থাৰ জৰিয়তে নিজৰ পি এফ বেলেন্স জানিব পাৰিব । ইয়াৰোপৰি মিছড কলৰ জৰিয়তেও গ্ৰাহকৰ ইউএএন (UAN) পৰ্টেলত পঞ্জীয়নভুক্ত নম্বৰৰ পৰা 011 22901406 নম্বৰত মিছকল দি পি এফ একাউন্টৰ তথ্য জানিব পাৰি । এই মিছকলৰ প্ৰত্যুত্তৰ হিচাপে EPFOৰ পৰা এটা বাৰ্তা আহিব, য'ত পি এফ একাউণ্টৰ তথ্য থাকিব । অৱশ্যে ইয়াত বেংক একাউণ্ট, পেন আৰু আধাৰ বিৱৰণ আদিবোৰ ইউএএন (UAN)ৰ সৈতে লিংকড হৈ থকাটো গুৰুত্বপূৰ্ণ।

12 views0 comments