গৰুখুঁটিত উচ্ছেদিতক দলগাঁৱত এবিঘাকৈ ভূমি দিব চৰকাৰে




অকল অসম বা ভাৰততে নহয়, বিশ্বজুৰি ক্ৰিয়া-প্ৰতিক্ৰিয়া সৃষ্টিৰ কৰিছিল গৰুখুঁটিৰ উচ্ছেদ কাণ্ডই। তাত উচ্ছেদিত লোকসকলক এতিয়া সংস্থাপিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। উচ্ছেদিতসকলক একেখন জিলাৰে দলগাঁৱত পুনৰ সংস্থাপন দিয়া হ'ব।


উল্লেখ্য যে বিগত বৰ্ষৰ ২১ আৰু ২৩ ছেপ্টেম্বৰত গৰুখুঁটিত অবৈধভাৱে দখল কৰি থকা লোকসকলক প্ৰশাসনে উচ্ছেদ কৰিছিল প্ৰশাসনে। ঘটনাটোৱে চৌদিশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। আনহাতে, বেদখলমুক্ত অঞ্চলত ৰাজ্য চৰকাৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত বহুমুখী কৃষি প্ৰকল্প স্থাপন কৰে। প্ৰকল্পটোত দুগ্ধ উৎপাদনৰ বাবে চৰকাৰে গুজৰাটৰ পৰা গীৰ প্ৰজাতিৰ গাইও অনা হয়।


ইফালে, শেহতীয়াকৈ দলগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ে জাৰি কৰা এটা বিবৃতিত কোৱা হয় যে দৰং জিলাৰ উপাযুক্তৰ নিৰ্দেশ মৰ্মে ২১ আৰু ২৩ ছেপ্টেম্বৰত গৰুখুঁটিত উচ্ছেদিত আৰু এতিয়াও গৰুখুঁটি প্ৰকল্পৰ কাষত থকা পৰিয়ালক দলগাঁৱলৈ স্থানান্তৰ কৰা হ’ব। আৰু তাতেই সংস্থাপিত কৰা হ’ব।


বিবৃতিটো অনুসৰি, গৰুখুঁটি প্ৰকল্প অঞ্চলৰ চৰকাৰী ভূমি বেদখল কৰি থকা ২০৫১টা পৰিয়ালক দলগাঁও ৰাজহ চক্ৰলৈ স্থানান্তৰ কৰা হ’ব। ২০৫১টা পৰিয়ালৰ ভিতৰত ৬৩৩টা পৰিয়ালক প্ৰথম পৰ্যায়ত স্থানান্তৰ কৰা হ’ব। বাকীসকলক পৰৱৰ্তী পৰ্যায়ত স্থানান্তৰ কৰা হ’ব।


উল্লেখ্য যে ৬৩৩টা পৰিয়ালৰ ভিতৰত, নিজ-শালমাৰা (এটা অংশ) আৰু ১ নং ধলপুৰ ( এটা অংশ)ত থকা ৪২৩টা পৰিয়ালক আৰম্ভণিতে স্থানান্তৰ কৰা হ’ব আৰু ২১০টা পৰিয়াল যিয়ে স্বেচ্ছাই গৰুখুঁটি ত্যাগ কৰিছে আৰু ব্ৰহ্মপুত্ৰৰ সোঁতৰ দক্ষিণ পাৰত বাস কৰি আছে তেওঁলোকক ৪২৩টা পৰিয়াল সংস্থাপিত কৰাৰ পিছতে তাৎক্ষণিকভাৱে স্থানান্তৰ কৰি সংস্থাপিত কৰা হ’ব।


বিবৃতিটোৰ অনুসৰি ২০৫১টা পৰিয়ালৰ বাবে চৰকাৰে ২০৫১ বিঘা ভূমি আবণ্টন দিব। প্ৰতিটো পৰিয়ালকে ১ বিঘাকৈ ভূমি দিয়া হ’ব। এই পুনৰ সংস্থাপন প্ৰক্ৰিয়াৰ বাবে গঠন কৰা হৈছে এখন বিশেষ কমিটীও।

3 views0 comments