গ্ৰীন হাইড্ৰোজেন : সভ্যতাৰ নতুন সম্ভাৱনা




অইল ইণ্ডিয়া লিমিটেডে যোৰহাটস্থিত ইয়াৰ তিনি নং পাম্প ষ্টেচন ১০০ কিলোৱাটৰ “গ্ৰীন হাইড্ৰ’জেন” প্ৰকল্প প্ৰতিষ্ঠা কৰিব। অইলে ইতিমধ্যে এ ই এম প্ৰযুক্তিৰ সহায়ত গ্ৰীন হাইড্ৰ’জেন উৎপন্ন কৰিবলৈ উক্ত পাইলট প্ৰকল্পৰ স্থাপনৰ কাম আৰম্ভ কৰিছে। এইটো দেশৰ ভিতৰতে প্ৰথমটো এনে ধৰণৰ প্ৰকল্পটোৱে বৰ্তমান উপলব্ধ আন্তঃগাঁথনিত প্ৰাকৃতিক গেছৰ সৈতে হাইড্ৰ’জেন মিশ্ৰণৰ প্ৰভাৱ উপলব্ধি কৰাত অইলক সহায় কৰিব। তদুপৰি, বৃদ্ধি পাই অহা শক্তিৰ চাহিদা পূৰ কৰিবলৈ শেহতীয়াকৈ সমগ্ৰ বিশ্বজুৰি শক্তিৰ আটাইতকৈ স্বচ্ছ ৰূপ হিচাপে হাইড্ৰ’জেনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । নৱীকৰণযোগ্য শক্তি সৌৰ অথবা বায়ু প্ৰয়োগ কৰি পানীৰ ইলেক্ট্ৰলাইছিছৰ (electrolysis) পৰা গ্ৰীন হাইড্ৰ’জেন পোৱা যায় । বায়’মাছ আধাৰিত হাইড্ৰ’জেন উৎপাদন প্ৰযুক্তিসমূহো গ্ৰীন শাখাৰ ভিতৰত পৰে। ভাৰত চৰকাৰে শেহতীয়াকৈ ইউনিয়ন বাজেট ২০২১ত ৰাষ্ট্ৰীয় হাইড্ৰ’জেন মিছনৰ বিষয়ে ঘোষণা কৰে আৰু দেশৰ বাবে এক হাইড্ৰ’জেন পথচিত্ৰৰ সূচনা কৰে । পেৰিছ চুক্তি (COP 21) অনুসৰি ২০৩০ চনৰ ভিতৰত সেউজগৃহ নিৰ্গমণ ২০০৫ চনৰ পৰিমাণতকৈ ৩৩-৩৫ % হ্ৰাস কৰিবৰ বাবে ভাৰত অংগীকাৰবদ্ধ । ইয়াৰ বাবে স্বচ্ছ শক্তিৰ বিকল্প উৎসৰ সন্ধানৰ প্ৰয়োজনীয়তা আহি পৰিছে।

এইটো সৰ্বজনবিদিত যে পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী দামে ভাৰতবৰ্ষৰ অৰ্থনীতিত ইতিমধ্যে বিৰূপ প্ৰভাৱ পেলাইছে। গ্ৰাম্য অৰ্থনীতিৰ পৰা বৃহৎ ঔদ্যোগিক ক্ষেত্রখনলৈকে সকলোকে ইন্ধনজাত সামগ্ৰীৰ নিয়ন্ত্ৰণহীন দামে নেতিবাচক প্ৰভাৱ পেলাইছে। ইয়াৰ সবাতকৈ কুফল ভোগ কৰিবলগীয়া হৈছে দেশখনৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীটোৱে। যাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ কোনো নহয় কোনো অঞ্চলত প্ৰতিদিনে ইন্ধনজাত সামগ্ৰীৰ দাম হ্ৰাস কৰাৰ দাবীত জনসাধাণ, দল-সংগঠন ৰাজপথলৈ ওলাই আহে। দামবৃদ্ধিৰ বাবে চৰকাৰক জগৰীয়া কৰি ধ্বনি দিয়ে। কিন্তু বাস্তৱ সত্যটো হৈছে কেন্দ্ৰ হওক বা ৰাজ্য চৰকাৰ, কোনেও পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাস কৰিবলৈ ইশ্চুক নহয়। বহু বেচি চাপত নপৰিলে কোনো এখন চৰকাৰে দাস হ্ৰাস নকৰে। শেহতীয়াকৈ এমাহমান আগেয়ে কেন্দ্ৰীয় চৰকাৰে দুয়োবিধ ইন্ধনৰ দাম হ্ৰাস কৰিছিল। কেন্দ্ৰৰ অনুকৰণত বিজেপিশাসিত আৰু দুখনমান অবিজেপিশাসিত ৰাজ্য চৰকাৰে কৰৰ পৰিমাণ হ্ৰাস কৰি দাম হোৱাৰ বাট মুকলি কৰি দিয়ে। কিন্তু সকলো ৰাজ্যই কামটো নকৰিলে। ৰাজনৈতিকভাৱে ক্ষতিগ্ৰস্ত হ’ব বুলি জানিও পেট্ৰ’-ডিজেলত আৰোপিত কৰ হ্ৰাস নকৰাটোৱে চৰকাৰসমূহৰ বাধ্যবাধকতাকে সূচায়। অৰ্থাৎ আন্দোলন-প্ৰতিবাদ যিমানেই নহওক কিয়, ভাৰতত পেট্ৰ’ল-ডিজেলৰ দাম বৰ বিশেষ নকমে। বাঢ়িহে থাকিব। এই অৱস্থাত এটা পথ খোলা আছে-বিকল্প ইন্ধনৰ সন্ধান। কেন্দ্ৰীয় চৰকাৰ এই কামটোতে ব্যস্ত আছে। বিকল্প ইন্ধন পৰিৱেশৰ ক্ষতি নকৰে। অৰ্থনৈতিকভাৱে লাভদায়ক আৰু এইটো সম্ভৱ হ’লে ভাৰতৰ ৰাজকোষৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ নামত বছৰি ওলাই যোৱা কোটি কোটি ডলাৰ ৰাহি হ’ব। সেই ধন ভাৰতে উন্নয়নমূলক কামত ব্যৱহাৰ কৰিব পাৰিব।২০১৯ চনত খাৰুৱা তেল আমদানিৰ বাবে ভাৰতে ১২৩ বিলিনয় মাৰ্কিন ডলাৰ ব্যয় কৰিছিল।

পৰিৱেশ অনুকুল বিকল্প ইন্ধন আজিৰ তাৰিখত বিশ্বৰ বাবে সবাতকৈ প্ৰধান সন্ধান হৈ পৰিছে। িয়াৰ কাৰণ দুটা-পৃথিৱীখন মানুহৰ বাবে বসবাসযোগ্য কৰি ৰাখিবলৈ প্ৰদূষণৰ মাত্ৰা কমাই কমাই শূন্যলৈ আনিব লাগিব। পেট্ৰ’পণ্যৰ দ্বাৰা ই অসম্ভৱ। দ্বিতীয় কথাটো হ’ল, খাৰুৱা তেলৰ বজাৰখন কেইখনমান মুষ্টিমেয় দেশৰ হাতত। দাম বৃদ্ধ আৰু হ্ৰাস তেওঁলোকৰ খেয়ল খুচিয়ে নিৰ্ধাৰণ কৰে। ফলত ডিজেল-পেট্ৰ’লৰ দাম জনসাধাৰণে ঢুকি নোপোৱা অৱস্থালৈ গুচি গৈছে। বিকল্প ইন্ধন বা বিকল্প ব্যৱস্থাটোৱে পৰিৱেশ অনুকুল আৰু ক্ৰয়সাধ্য ইন্ধনৰ সন্ধান কৰি আছে। মূল কথাটো হ’ল, মানৱ সভ্যতাৰ বিকাশৰ গতিটো ওলোটামুখী হ’ব নোৱাৰে। ই সন্মুখৰ পিনে গৈ থাকিব লাগিব। লগতে বিকাশৰ যাত্ৰাটো পৰিৱেশৰ অনুকুল কৰি ৰাখিব লাগিব। ইয়াৰ বাব অকল গ্ৰীন হাউছ গেছৰ নিয়ন্ত্ৰণতে সীমাবদ্ধ থাকিলে নহ’ব। নেট-জিৰো শক্তি পদ্ধতিয়েহে শক্তি সমস্যাৰ স্থায়ী সমাধান আনি দিব পাৰে। এতিয়ালৈকে অতি কমেও ১২খন দেশে শূন্য কাৰ্বন নিৰ্গমনৰ বাবে কাম আৰম্ভ কৰিছে। ৪১খন দেশে প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে। বিষয়টোত গ্ৰীন হাইড্ৰোজেনে এটা বৈপ্লৱিক পৰিৱৰ্তনৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে।

শূন্য কাৰ্বন নিৰ্গমনত হাইড্ৰোজেনক নতুন প্ৰভাতৰ ৰূপত গণ্য কৰা হৈছে। ইয়ে গ্ৰীন হাউছ গেছ নিৰ্গমন নকৰে। ইয়াৰ সৈতে দহনৰ কোনো সম্পৰ্ক নাই। বৰ্তমান হাইড্ৰোজেনৰ উৎপাদন মূলতঃ ৰাসায়নিক, ইস্পাত আৰু তেল শোধন উদ্যোগত জীৱাষ্ম ইন্ধনৰ সহায়ৰ বাবে কৰা হয়। শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্যপ্ৰাপ্তিৰ অৰ্থে উন্নত ৰাষ্ট্ৰসমূহে গ্ৰীন হাইড্ৰোজেনৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে নতুন নতুন প্ৰযুক্তি উদ্ভাৱনত নামি পৰিছে। লক্ষণীয় কথাটো হৈছে হাইড্ৰোজনক শক্তি আৰু ইন্ধন সমস্যাৰ সমাধানৰ অৰ্থে প্ৰথমবাৰৰ বাবে উলিয়াই অনা হৈছে। ১৯৭০ চনত খাৰুৱা তেলত প্ৰতিবন্ধকতা লগাৰ সময়ত হাইড্ৰোজেনক শক্তিৰ বিকল্প উৎপাদনত চামিল কৰা হৈছে। কিন্তু খাৰুৱা তেলৰ নতুন নতুন ভাণ্ডাৰ আৱিষ্কৃত হোৱাত বিষয়টো অধিক আগনাবাঢ়িল। অৱশ্যে পৰৱৰ্তীকালত হাইড্ৰোজেনক জলবায়ু পৰিৱৰ্তন সমস্যা সমাধানৰ উপায় হিচাপে ১৯৯০ চন আৰু ২০০০ চনত উপস্থাপন কৰা হয়।কিন্তু খাৰুৱা তেলৰ দাম কম হৈ থকাৰ লগতে আৰ্থিক সংকট, সৌৰশক্তি প্ৰকল্পকে ধৰি বিভিন্ন বিকল্প পদ্ধতি ওলোৱাত ই গেঁঠেলা মাৰি ৰয়। গ্ৰীন হাইড্ৰোজেন প্ৰযুক্তিৰ বিকাশত গৱেষণাৰ বাবে ধনৰ যোগান হ্ৰাস পাবলৈ ধৰে।

হাইড্ৰোজেন প্ৰযুক্তি বিকাশত ভাৰতে ১৯৭৬ চনৰ পৰাই চেষ্টা চলাই আছে। বছৰটোত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে বিশ্ববিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানত হাইড্ৰোজেন প্ৰকল্পৰ প্ৰযোজনা কৰিছিল। বৰ্তমান ভাৰত বছৰি ৬.৭ মিলিয়ন টন হাইড্ৰোজেন উৎপাদন হয়। ‘দ্য এনাৰ্জী এণ্ড ৰাছাৰ্চেজ ইনষ্টিটিউটৰ দ্বাৰা প্ৰকাশিত এটা প্ৰতিবেদন অনুসৰি, ২০১৫ চনলৈকে ভাৰতত ২৩ মিলিয়ন টনলৈকে হাইড্ৰোজেনৰ চাহিদা বাঢ়িব। দেশত বৰ্তমান হাইড্ৰোজেনৰ প্ৰতি কিলোগ্ৰামত ৩৪০-৪০০ টকা। অৱশ্যে যেতিয়ালৈকে কিলোগ্ৰামেপতি ১৫০ টকামানলৈ ইয়াৰ দাম নকমে, ই বিকল্প ইন্ধন হিচাপে জনপ্ৰিয়তা লাভ কৰাৰ সম্ভাৱনা কম। বৰ্তমান দেশৰ ৰিফাইনেৰী, ইস্পাত উদ্যোগে মূলতঃ হাইড্ৰোজেন ক্ৰয় কৰে।ইয়াৰ উপৰি বিজুলী উৎপাদন, ইন্ধন কোষ সঞ্চালিত কাৰ, ৰে’ল, ট্ৰাক, বাছ, জাহাজ আদিত পৰীক্ষামূলকভাৱে ব্যৱহৃত হৈ আছে।

ভাৰতত আধুনিক প্ৰযুক্তৰ ব্যৱহাৰ-উদ্ভাৱন, ক্ষেত্ৰখনত বিনিয়োগকৃত ধন পানী পৰাৰ আশংকা, জনসচেতনতাৰ অভাৱ, চৰকাৰী নীতিৰ অভাৱ আদি হাইড্ৰোজেন অ্থব্যৱস্থাত হেঙাৰ হৈ আছে। এতিয়াহে দেশখনে গ্ৰীন হাইড্ৰোজেনক প্ৰকৃতাৰ্থত গুৰুত্ব দিবলৈ লৈছে। ক্ষেত্ৰখনত পুঁজিৰ প্ৰৱাহ বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় ২০২১-২২ বিত্ৰী. বৰ্ষৰ বাজেটত ২০২৪ চনলৈকে ৮০০ কোটি টকা ব্যয় কৰাৰ প্ৰস্তাৱ লৈ থৈছে। ধনখিনি পাইলট প্ৰজেক্ট, বুনিয়াদী গাঁথনি গঢ়া, গৱেষণা আৰু বিকাশ আদিৰ বাবে আবণ্টন দিয়া হৈছে। এমএনআৰই মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় হাইড্ৰোজেন শক্তি মিছনৰ বাবে এক নীতিৰ কাম আৰম্ভ কৰি দিছে।


গ্ৰীন হাইড্ৰোজেন বিকল্প শক্তিৰ এটা বৈপ্লৱিক সন্ধান। অনাগত দিনৰ পৃথিৱীত ইয়াৰ ব্যৱহাৰে সভ্যতাক নতুন দিশে লৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। শক্তি ক্ষেত্ৰখনত ইয়াৰ ব্যৱহাৰ বৃদ্ধিৰ সহজ বিকল্প এই মুহূৰ্তত নাই।

3 views0 comments