অসমীয়াৰ প্ৰভূত্বৰ প্ৰতীক গৰুখুঁটিত বুধবাৰে আহি পাব গুজৰাটৰ ১০৮ গীৰ গাই





মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্বপ্নৰ প্ৰকল্প তথা সন্দেহজনক নাগৰিকৰ ওপৰত অসমীয়াৰ প্ৰভূত্বৰ প্ৰতীক গৰুখুঁটিত বুধবাৰে সংযোজিত হ'ব ১০৮টা গীৰ গাই। গুজৰাটৰ পৰা আমদানি কৰা গাইকেইটাই প্ৰকল্পটোক স্বাৱলম্বী কৰাৰ বিশেষ ভূমিকা গ্ৰহণ কৰিব। তদুপৰি আৰ্থিকভাৱে লাভান্বিত কৰি প্ৰকল্পটোত নিয়োজিত যুৱক-যুৱতীৰ সংস্থাপনো কণ্টকমুক্ত কৰিব। গৰুখুঁটি কৃষি প্ৰকল্পত প্ৰতিদিনে ৩ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়ে অসমত প্ৰতিদিনৰ গাখীৰৰ চাহিদা পূৰণত যথেষ্টখিনি সহায় কৰিব।


উল্লেখ্য যে গৰুখুঁটি প্ৰকল্পটো অবৈধ দখলকাৰীৰ পৰা মুক্ত কৰা ভূমিত স্থাপন কৰা হৈছে। প্ৰকল্পটোক সফল কৰি তুলিবলৈ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছে। দায়িত্ব লাভৰ দিনটোৰ পৰা পদ্ম হাজৰিকাই প্ৰকল্পটোক দেশৰ ভিতৰতে অগ্ৰণী কৰি গঢ়িবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই। দখলমুক্ত চৰকাৰী ভূমিত আৰম্ভ কৰিছে মাহ, সৰিয়হ, গোমধান, শাক-পাচলি উৎপাদনৰ কাম


‘এই গৰুখুঁটি প্ৰকল্পতে মাছ, মাংস, কণী, হাঁহ, কুকুৰা,পাৰ, গাহৰি সকলো হ’ব উপলব্ধ। বেদখলমুক্ত ভূমিত আৰম্ভ হ’ব হস্ততাঁত প্ৰকল্পও। দখল কৰিব লাগিব আমাৰ খিলঞ্জীয়াই পথাৰ-বজাৰ।’ – ক’লে পদ্ম হাজৰিকাই।

10 views0 comments