বিশেষ শৈক্ষিক মণ্ডল হ'ব গুৱাহাটী : নৰ্থ-ইষ্ট এডুকেচন কনক্লেভত মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান




'বিশেষ শৈক্ষিক মণ্ডল হ'ব গুৱাহাটী। শিক্ষা খণ্ডত  গুৱাহাটী বিশ্ববিদ্যালয়ে জাগৰণৰ সৃষ্টি কৰিছে। বৰঙণি আগবঢ়াইছে কটন কলেজ- কটন বিশ্ববিদ্যালয়ে। এই সম্পৰ্কত মুখ্যমন্ত্ৰীৰে সুকীয়াকৈ আলোচনা কৰিম। নতুন শিক্ষানীতিত  ইচ্ছানুসৰি অধ্যয়নৰ সুযোগ আছে। বিশ্ব নাগৰিক গঢ়াৰ সুযোগ আছে নতুন শিক্ষানীতিত।

আজি গুৱাহাটীত অনুষ্ঠিত নৰ্থ-ইষ্ট এডুকেচন কনক্লেভত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এইদৰে কয়।

অনুষ্ঠানটোৰ মুখ্য অতিথিগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে শিক্ষাৰ উন্নয়নৰ বাবে চৰকাৰে মুঠ জিডিপিৰ ৬ শতাংশ ব্যয় কৰাৰ লক্ষ্য লৈছে। 'আমাৰ দ্শত ২৬০ নিযুত শিক্ষাৰ্থী আছে। ইয়াৰে ১.২৫ কোটি শিক্ষাৰ্থী উত্তৰ-পূবৰ।' - তেওঁ কয়। আনহাতে নতুন শিক্ষানীতিয়ে মাতৃভাষাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে মাতৃভাষাৰ সম্ভাৱনীয়তাক সোণালী সুযোগলৈ ৰূপান্তৰিত কৰিব নতুন শিক্ষানীতিয়ে।

6 views0 comments