গুৱাহাটী : নিশা উবেৰত উঠি পাহৰিলে ঠিকনা, থানাত তাণ্ডৱ মাতাল যুৱতীৰ




নিশা হ'লেই যেন সলনি হয় মহানগৰ। সুৰা, সুন্দৰীৰ অতপালিত বিঘ্নিত হয় মহানগৰীৰ শান্তি। মাতাল মডেল ৰাজকন্যা বৰুৱাৰ ঘটনাটো ইয়াৰ অন্যতম উদাহৰণ। যোৱা আন এগৰাকী মাতাল যুৱতীয়ে সৰিয়হ ফুল দেখুৱালে মহানগৰ আৰক্ষীক। হাতত সুৰাৰ বটল লৈ মাতাল যুৱতীগৰাকীয়ে গড়চুক থানাত চলালে তাণ্ডৱ।


যুৱতীগৰাকীয়ে পামহীৰ পৰা গণেশপাৰালৈ যাব বুলি এজন যুৱকে বুক কৰি দিছিল উবেৰ। কিন্তু উবেৰত উঠাৰ পিছতে নিচাৰ ৰাগিত নিজৰ ঠিকনাকে পাহৰি যাষ যুৱতীগৰাকীয়ে। উপায় নাপাই উবেৰ চালকজনে যুৱতীক লৈ গড়চুক থানাত উপস্থিত হয়। থানাত উপস্থিত হৈয়ে ৰণচণ্ডী মূৰ্তি ধৰে যুৱতীগৰাকীয়ে। হাতত সুৰাৰ বটল লৈ আৰক্ষীক উদ্দেশ্যি অশ্লীল গালি–গালাজ আৰম্ভ কৰে। যুৱতীৰ ৰূপ আৰু মুখৰ ভাষা শুনি হতবাক হৈ পৰে আৰক্ষী।




ইফালে উবেৰ চালকজনে জনোৱা মতে, ধাবাৰ পৰা যুৱতীগৰাকীক তেওঁ অনিচ্ছা সত্ত্বেও গাড়ীত উঠাইছিল। গণেশপাৰাৰ বাথৌ মন্দিৰৰ সমীপত ঘৰ বুলি কৈ গাড়ীত উঠা যুৱতীয়ে ঠিকনা পাহৰি যায়। ইয়াৰ পিছত চালকে বুক কৰি দিয়া যুৱকগৰাকীক ফোন কৰাত তেওঁ গৈ আছো বুলি কয় যদিও বহুসময় ধৰি নহাত চালকে থানালৈ আনে। শেষত থানাই যুৱতীগৰাকীৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

6 views0 comments