গুৱাহাটীৰ ট্ৰেফিকত শীঘ্ৰেই আইটিএমএছ, স্বয়ংক্ৰিয় ব্যৱস্থাৰে বিহিব জৰিমনা





ট্ৰেফিক আইন ভংগকাৰীৰ দুঃস্বপ্নত পৰিণত হোৱাৰ দিশে অগ্ৰসৰ হৈছে গুৱাহাটীৰ ৰাজপথ। শীঘ্ৰেই অত্যাধুনিক প্ৰযুক্তিৰে সমৃদ্ধ হ'ব মহানগৰীৰ ট্ৰেফিক ব্যৱস্থা। বৃহস্পতিবাৰে এই কথা জানিবলৈ দিয়ে বিভাগীয় মন্ত্ৰী অশোক সিংহলে। তেওঁ কয় যে গুৱাহাটীত সংহত ট্ৰেফিক মেনেজমেন্ট ব্যৱস্থা (আইটিএমএছ)ৰ দিহা কৰা হ'ব। ইয়াৰ বাবে নিবিদা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কম দিনৰ ভিতৰত নিবিদা আহ্বান কৰা হ'ব।


আইটিএমএছৰ অধীনত গুৱাহাটীৰ ৰাজপথৰ ১০২টা স্থানত স্বয়ংক্ৰিয় লাইট স্থাপন কৰা হ'ব। তদুপৰি ব্যৱস্থাটোৰ জৰিয়তে ট্ৰেফিক আইন ভংগকাৰীক জৰিমনাও বিহা হ'ব। ৰঙা লাইট জ্বলি থকা সময়ত পথ অতিক্ৰম কৰিলে এছএমএছৰ জৰিয়তে বাহনৰ গৰাকীলৈ আইন ভংগৰ বাৰ্তা আৰু জৰিমনাৰ চালান যাব। অৰ্থাৎ ট্ৰেফিক আইন ভংগ কৰা মানেই স্বয়ংক্ৰিয় ব্যৱস্থাৰ ৰোষত পৰা। মাৰ্চৰ পৰাই ব্যৱস্থাটো কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে।

7 views0 comments