বলপূৰ্বক ধৰ্মান্তকৰণৰ বিৰুদ্ধে হাৰিয়ানাত বিধেয়ক গৃহীত



ভৱিষ্যতৰ ভাৰতৰ বাবে বলপূৰ্বক ধৰ্মান্তৰকৰণ এটা ভয়ংকৰ সমস্যা হৈ দেখা দিব পাৰে। দেশখনৰ চৌদিশে একাংশ ধৰ্মৰ বেপাৰীয়ে মূলতঃ হিন্দু আৰু শিখ ধৰ্মাৱলম্বী লোকক লক্ষ্য হিচাপে লৈছে। ইয়ে অনাগত দিনত দেশখনৰ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ ভাৰসাম্য নষ্ট কৰিব পাৰে। লগতে সংকটত পৰিব পাৰে ভাৰতৰ হাজাৰ হাজাৰ বছৰীয়া সনাতনী সংস্কৃতি। মূলতঃ ইয়াকে লক্ষ্য কৰি লোৱা হৈছে। ভাৰতীয়ত্বক ধ্বংস কৰি আৰব আৰু পশ্চিমীয়া সংস্কৃতি মেলি দিবলৈ দেশখনত সক্ৰিয় হৈ আছে বহু অপশক্তি। কিন্তু ইয়াৰ বিৰুদ্ধে সামগ্ৰিকভাৱে দেশখনত আজিলৈকে তেনে বিশেষ পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হোৱা নাই। হাৰিয়ানাই এইক্ষেত্ৰত আইন প্ৰণয়নৰ ব্যৱস্থা হাতত লৈছে। মঙলবাৰে হাৰিয়ানা বিধানসভাত এখন বিধেয়ক গৃহীত হৈছে। বিধেয়কখনত বলপূৰ্বক ধৰ্মান্তকৰণক বাধা দিবলৈ আৰু ইয়াক বেআইনী ঘোষণা কৰি যথোচিত ব্যৱস্থা লোৱাৰ দিহা কৰা হৈছে। অৱশ্যে প্ৰত্যাশিতভাৱে কংগ্ৰেছে বিধেয়কখনৰ বিৰোধিতা কৰিছে। দলটোৰ পৰা দেশবাসীয়ে ইয়াৰ ব্যতিক্ৰম আশাও নকৰে। ভাৰতীয় সভ্যতা-সংস্কৃতিৰ ক্ষতি কৰিব পৰা কামবোৰৰহে সংগী ছোনিয়া গান্ধী পৰিয়ালৰ ৰাজনৈতিক দলটো।

হাৰিয়ানা বিধানসভাত গৃহীত হাৰিয়ানা বেআইনী ধৰ্মান্তকৰণ প্ৰতিৰোধ বিধেয়ক, ২০২২ (Haryana Prevention of Unlawful Conversion of Religion Bill, 2022) অনুসৰি, প্ৰলোভন, ভাবুকি অথবা প্ৰতাৰণাৰে কোনো লোকৰ ধৰ্ম পৰিৱৰ্তন কৰালে পাঁচ বছৰৰ কাৰাদণ্ড আৰু কমেও এক লাখ টকা জৰিমনা বিহা হ’ব। বিধেয়কখনত নাবালিকা অথবা মহিলা নতুবা অনুসচিত জাতি নাইবা জনজাতিৰ লোকৰ ধৰ্ম পৰিৱৰ্তন কৰোঁতা বা তেনে প্ৰয়াস চলোৱা ব্যক্তিক কমেও চাৰি বছৰৰ কাৰাবাস দিয়া হ’ব বুলি কোৱা হৈছে। কাৰাদণ্ডৰ কাল দহ বছৰলৈকেও বৃদ্ধি কৰিব পৰা যাব।লগতে তিনি লাখ টকালৈকে জৰিমনা বিহাৰো ব্যৱস্থা সন্নিৱিষ্ট হৈছে বিধেয়কখনত। তদুপৰি, বিবাহৰ বাবে যদি ধৰ্মীয় পৰিচয় গোপন কৰা হয় তেনে ব্যক্তিৰ বিৰুদ্ধে বিধেয়কখনত ৪ৰ পৰা ১০ বছৰলৈ কাৰাদণ্ড বিহাৰো বিধেয়কখনে পোষকতা কৰিছে। লগতে তিনি লাখ টকা জৰিমনা ভৰিব লাগিব। ইয়াৰ জৰিয়তে চৰকাৰখনে লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি ক’ব পাৰি।আনহাতে, সামূহিকভাৱে ধৰ্ম পৰিৱৰ্তন কৰা বুলি দোষী সাব্যস্ত হোৱা লোকৰ ৫ৰ পৰা ১০ বছৰলৈকে কাৰাদণ্ড, কমেও ৪ লাখ টকা জৰিমনা বিহা হ’ব। তদুপৰি, বলপূৰ্বক ধৰ্মান্তকৰণক ফৌজদাৰী অপৰাধ হিচাপে গণ্য কৰা হ’ব আৰু গোচৰ জামিনবিহীন হ’ব।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰে বিধেয়কখন সন্দৰ্ভত কয়, বিধেয়কখনৰ উদ্দেশ্য কোনো ধৰ্মৰ সৈতে ভেদভাব কৰা নহয়। ই কেৱল বলপূৰ্বক ধৰ্মান্তকৰণৰ বিৰুদ্ধে কাম কৰিব। বিধেয়কখনত এটা ধৰ্মৰ পৰা আন এটা ধৰ্মলৈ পৰিৱৰ্তনৰ উদ্দেশ্যে হোৱা বিবাহক অবৈধ ঘোষণা কৰা হৈছে।

মুখমন্ত্ৰী খট্ট্ৰে লগতে কয়, হাৰিয়ানাত বিগত ৪ বছৰত ১২৭টা বলপূৰ্বক ধৰ্মান্তৰকৰণৰ গোচৰ ৰুজু হৈছে। ধৰ্মান্তকৰণ এটা ডাঙৰ সমস্যা ৰূপে দেখা দিছে। তেওঁ কয় যে আইনী প্ৰক্ৰিয়াৰে ধৰ্ম পৰিৱৰ্তন কৰিব পাৰি। কিন্তু অবৈধভাৱে ধৰ্ম পৰিৱৰ্তন বিৰুদ্ধে বিধেয়কখনে কাম কৰিব।

ইফালে, বিৰোধী নেতা ভূপেন্দ্ৰ সিং হুড্ডাই কয়, বৰ্তমানৰ আইন ব্যৱস্থাতে বলপূৰ্বক ধৰ্মান্তকৰণ কৰোঁতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দিহা কৰা হৈছে। গতিকে নতুনকৈ আইন প্ৰণয়নৰ কোনো আৱশ্যক নাই। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাকিৰণ চৌধুৰীয়ে কয় যে বিধেয়কখন এটা বিশেষ এজেণ্ডাৰ অধীনত অনা হৈছে। ইয়াৰ উদ্দেশ্য সমাজত বিভাজনক গভীৰ কৰা। এইটো সুচিন্তাৰ পৰিচয় নহয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে হাৰিয়ানা কেবিনেটে বিধেয়কখনত অনুমোদন জনাইছিল।৪ মাৰ্চত গৃহমন্ত্ৰী অনিল ৱিজে বিধানসভাত বিধেয়কখন উত্থাপন কৰিছিল।বিশ্ব হিন্দু পৰিষদে হাৰিয়ানা চৰকাৰৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে।পৰিষদৰ নেতা সুৰেন্দ্ৰ জৈনে কয়, বিধেয়কখনৰ জৰিয়তে হাৰিয়ানা চৰকাৰে নিজৰ দৃঢ় সংকল্পক প্ৰতিফলিত কৰিছে। ইয়াৰ পূৰ্বে উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, গুজৰাট, কৰ্ণাটক আৰু হিমাচল প্ৰদেশত বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে আইন প্ৰণয়ন হৈছিল।

4 views0 comments