স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা- অসমত আৰু লকডাউন নহয়



অনাগত দিনত অসমত লকডাউনৰ সম্ভাৱনা নাই বুলি ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। শুকুৰবাৰে হোজাইত মন্ত্ৰীগৰাকীয়ে কয় যে অসমত আৰু লকডাউন নহয় । যি ঠাইত অতি বেছিকৈ ক'ভিড ৰোগী ওলায় তাত কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হব। তেওঁ হোজাইত ভূপেন হাজৰিকা স্মৃতি দিৱসৰ অনুষ্ঠানত যোগদান কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত সেই ঘোষণা কৰে। স্বাস্থ্যমন্ত্ৰী মহন্তৰ ঘোষণাই ৰাজ্যখনৰ দৰিদ্ৰ তথা মধ্যবিত্ত লোকৰ মাজত আশাৰ সঞ্চাৰ কৰিছে। কৰোনা আৰু লকডাউনে এইসকল লোকৰ জীৱন-জীৱিকা ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত কৰিছে।



আনহাতে, মন্ত্ৰী কেশৱ মহন্তই সাংবাদিকৰ প্ৰশ্ন উত্তৰত কয় যে বিশেষ কাৰণত বৰ্তমান ক'ভিড ভেকচিন কিছু কম হৈছে । অহা ১৫ নৱেম্বৰৰ পৰা পুনৰ মেগা ভেকচিনৰ কাম আৰম্ভ হব । ২২ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈকে মন্ত্ৰীসভা, চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে অসমৰ প্ৰতিটো ভোটকেন্দ্ৰৰ অন্তৰ্গত ভোটাৰৰ ঘৰে ঘৰে গৈ ভেকচিন দিয়া ব্যৱস্থাটোৰ সৈতে জড়িত হৈ পৰিব। অভিযানত মুখ্যমন্ত্ৰীও এটা কেন্দ্রৰ দ্বায়িত্বত থাকিব ।

12 views0 comments