হেলিকপ্টাৰ দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি : নিয়তিৰ হাতত পৰাজিত গ্ৰুপ কেপ্টেইন বৰুণ সিংহ




এটা মৰ্মান্তিক খবৰ। চিডিএছ জেনেৰেল বিপিন ৰাৱাটৰ প্ৰাণ আঁজুৰি হেলিকপ্টাৰ দুৰ্ঘটনাটোৰ একমাত্ৰ জীৱিত ব্।ক্তি তথা গ্ৰুপ কেপ্টেইন বৰুণ সিংহৰো অৱশেষত মৃত্যু হ’ল। হাস্পতালত এসপ্তাহে জীৱন-মৃত্যুৰ সৈতে কঠিন যুঁজ দি থকাগ্ৰুপ কেপ্টেইন সিংহৰ বুধবাৰে পৰলোকপ্ৰাপ্তি ঘটে। বেদনাদায়ক খবৰটোৱে দেশজুৰি শোকৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বীৰজনাৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে। তেওঁ এটা টুইটযোগে গ্ৰুপ কেপ্টেইন বৰুণ সিংহই দেশখনলৈ আগবঢ়োৱা সেৱাক কেতিয়াও দেশবাসী পাহৰি নাযায় বুলি মন্তব্য দিছে। ইফালে, বিগত ৮ ডিচেম্বৰৰ বেংগালুৰৰ সেনা হাস্পতালত চিকিসাধীন হৈ থকা গ্ৰপুপ কেপ্টেইগৰাকীৰ মৃত্যুক বায়ুসেনাৰ তৰফৰ পৰা নিশ্চিত কৰা হৈছে।

উল্লেখ্য যে যোৱা ৮ ডিচেম্বৰত তামিলনাডুৰ ছুলুৰৰ পৰা ৱেলিংনলৈ গৈ থকা পথত সংঘটিত এটা শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত গ্ৰুপ কেপ্টেইন বৰুণ সিংহ গুৰুতৰভাৱেভাৱে আহত হৈছিল। হেলিকপ্টাৰখনত থকা একমাত্ৰ যাত্ৰী হিচাপে তেওঁৰ প্ৰাণৰক্ষা পৰিছিল। চিডিএছ বিপিন ৰাৱাট. তেওঁৰ পত্নী মধুলিকা ৰাৱাটসহ আন ১৪জন যাত্ৰীৰ তেতিয়াই মৃত্যু হৈছিল। দিনৰ ১২.৪০ বজাত নীলগিৰিৰ এখন চাহ বাগিচাৰ ওপৰত অকষ্মাতে হেলিকপ্টাৰখন ভাঙি পৰে। প্রত্যক্ষদর্শীৰ মতে, হেলিকপ্টাৰখনৰ এজোপা গছত খুন্দা লাগিছিল। তাৰ পিছত লগে লগে হেলিকপ্টাৰখন জ্বলি উঠে।তাৰ পিছত আন এজোপা গছত খুন্দা লাগিহেলিকপ্টাৰখন মাটিত পৰে। ঘটনাত বিপিন ৰাৱাটসহ সকলোৰে মৃত্যু হয় যদিও গ্রুপ কেপ্টেইন সিংহৰ প্ৰাণৰক্ষা পৰিছিল। কিন্তু তেওঁৰ শৰীৰৰ ৪৫ শতাংশ অগ্নিদগ্ধ হৈছিল। তেওঁক ততাতৈয়াকৈ নিকটৱর্তী ৱেলিংটনৰ সেনা হাস্পতালত ভর্তি কৰা হয়। কিন্তু সংকটজনক অৱস্থালৈ চাই পিছত বেংগালুৰুস্থিত সেনাৰ হাস্পতাললৈ স্থানান্তৰ কৰা হয়। তাতেই আজি তেওঁৰ মৃত্যু হয়।

9 views0 comments