আজিৰে পৰা গুৱাহাটীত হেলমেট বাধ্যতামূলক : নহ'লে এহেজাৰ টকা জৰিমনা




আজি অৰ্থাৎ পহিলা ডিচেম্বৰৰ পৰা গুৱাহাটীত কঠোৰভাৱে বাধ্যতামূলক কৰা হৈছে হেলমেট পিন্ধাৰ নিয়ম। এই অনুসৰি, বাইকৰ চালক আৰু আৰোহী দুয়োজনে পিন্ধিব লাগিব হেলমেট। অৰ্থাৎ হেলমেট নিপিন্ধাকৈ এজনো লোক বাইকেৰে যাতায়াত কৰিব নোৱাৰিব। এই নিয়ম ভাঙিলে ভৰিব লাগিব এক হাজাৰ টকা জৰিমনা।



হেলমেট বাধ্যতামূলক কৰিবলৈ মহানগৰীত সক্ৰিয় হৈ পৰিছে যান-বাহন আৰক্ষী আৰু পৰিবহণ বিভাগ। পথত বাইক ৰখাই আৰোহীয়ে হেলমেট পিন্ধিছে নে নাই, সেয়া পৰীক্ষা কৰিছে।

4 views0 comments