"অমিক্ৰণ" লৈ হাই এলাৰ্ট বিশ্ব স্বাস্থ্য সংস্থাৰ





ভাৰতৰ কৰ্ণাটকত প্ৰথম দুজনকৈ অমিক্ৰণ ৰোগী ধৰা পৰাৰ পিছতেই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ে কোভিডৰ প্ৰকাৰৰ সম্পৰ্কে এখন তালিকা প্ৰস্তুত কৰিছে যাক বিশ্ব স্বাস্থ্য সংস্থা 'উদ্বেগৰ প্ৰকাৰ' হিচাপে মনোনীত কৰিছে। ইয়াৰ পিছতেই কেন্দ্ৰই কোভিড ভেকচিনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু সকলোকে ভেকচিনৰ দুয়োটা ড'জ লবলৈ আহ্বান জনাইছে। লগে লগেই কেইবাখনো ৰাজ্যই অমিক্ৰণৰ ভয়াৱহ সংক্ৰমণ ৰোধ কৰিবলৈ নতুন নিৰ্দেশনা, নিয়ন্ত্ৰণ আৰু ভ্ৰমণৰ সন্দৰ্ভতো পৰামৰ্শ জাৰি কৰিছে। উদ্বেগৰ বিষয় যে ভাৰতত প্ৰথম অমিক্ৰণৰ ৰোগী চিনাক্ত হোৱাৰ পিছত ৩০ জনকৈ বিদেশৰ পৰা অহা ব্যক্তিৰ সন্ধান পোৱা নাই। যাৰ বাবে অন্ধ প্ৰদেশৰ প্ৰশাসনে ৩০ গৰাকীকৈ ব্যক্তিক অমিক্ৰণৰ পৰীক্ষাৰ বাবে সন্ধান কৰি আছে । আফ্ৰিকাৰ ৯ গৰাকী ব্যক্তিসহ মুঠ ৬০ গৰাকী আন্তঃৰাষ্ট্ৰীয় যাত্ৰীয়ে যোৱা ১০ দিনত বিভিন্ন বিমানবন্দৰত অৱতৰণ কৰিছিল। ইয়াৰে ৩০ জন বিশাখাপট্টনমত থকাৰ বিপৰীতে বাকীসকলে ৰাজ্যখনৰ বিভিন্ন স্থানলৈ ৰাওনা হৈছে। এই অমিক্ৰণৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাজ্যখন উচ্চ সতৰ্কতা জাৰি কৰিছে আৰু বিমানবন্দৰত যাত্ৰীসকলৰ স্ক্ৰীণিং তীব্ৰতৰ কৰি তুলিছে।ইফালে মহাৰাষ্ট্ৰৰো মুঠ ২৮ জন লোক অমিক্ৰণৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সন্দেহ কৰা হৈছে। মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপে কয় যে অমিক্ৰণ সংক্ৰমণৰ আশংকা থকা দেশসমূহৰ পৰা ৰাজ্যখনলৈ উভতি অহা ২৮ জন ব্যক্তিৰ স্বাবৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । উল্লেখযোগ্য যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শুকুৰবাৰে ক'ৰ'না ভাইৰাছৰ অমিক্ৰণৰ প্ৰকাৰৰ সম্পৰ্কে সঘনাই সোধা প্ৰশ্নৰ এখন যি তালিকা জাৰি কৰিছে যাক বিশ্ব স্বাস্থ্য সংস্থাই 'উদ্বেগৰ প্ৰকাৰ' হিচাপে মনোনীত কৰিছে। এই এফ.এ.কিউ.-ৰ তালিকাৰ পৰা, মন্ত্ৰালয়ে অমিক্ৰণৰ প্ৰকাৰৰ বিপৰীতে ভেকছিনবোৰে কাম কৰে নে নাই তাৰ উত্তৰত কয় যে , " বৰ্তমানৰ ভেকছিনবোৰে অমিক্ৰণত কাম নকৰে বুলি কোনো প্ৰমাণ নাই, স্পাইক জিনৰ ওপৰত প্ৰতিবেদিত কিছুমান পৰিৱৰ্তনৰ ফলত মজুত থকা ভেকছিনবোৰৰ কাৰ্যকাৰীতা কিছু হ্ৰাস হ'ব পাৰে।" লগতে কয় যে" দক্ষিণ আফ্ৰিকাৰ বাহিৰৰ দেশবোৰৰ পৰা অমিক্ৰণৰ সংক্ৰমণৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি হৈছে আৰু ই ভাৰতকে ধৰি অধিক দেশলৈ বিয়পি পৰাৰ সম্ভাৱনা আছে।" অৱশ্যে ইয়াৰ বাবে শংকিত নহ'বৰ বাবেও আহ্বান জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই । বিশ্ব স্বাস্থ্য সংস্থাৰ বিজ্ঞানীয়ে কয় যে আমি সাজু আৰু সতৰ্ক হ'ব লাগিব, আতংকিত নহয়, কিয়নো আমি এবছৰৰ আগৰে পৰাই বেলেগ পৰিস্থিতিত আছোঁ।

3 views0 comments