হিন্দুত্ব : মোদী বনাম গান্ধী









খ্ৰীষ্টান, বৌদ্ধ, ইছলাম, শিখ, হিন্দুকে ধৰি বিভিন্ন ধৰ্মাৱলম্বীৰে ভৰি আছে এই সুন্দুৰ, অনুপম পৃথিৱীখন। কোনোটো ধৰ্মক ইয়াৰ ismৰ সৈতে পৃথক কৰিব নোৱাৰি। বৌদ্ধত্ব অবিহনে বৌদ্ধ ধৰ্মৰ অস্তিত্বৰ কথা ভাবিব পাৰিনে? কথাষাৰ শিখ, জৈন, ইছলাম, খ্ৰীষ্টানৰ ক্ষেত্ৰতো সমানেই প্ৰযোজ্য। প্ৰযোজ্য হিন্দু ধৰ্মৰ ক্ষে্ত্ৰতো। কিন্তু শেহতীয়াকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে হিন্দুৰ অস্ত্ৰপোচাৰ কৰি ইয়াৰ পৰা হিন্দুত্বক পৃথক কৰি দেখুওৱাৰ অভিযান এটা চলাই আছে। ৰাজস্থানৰ জয়পুৰত দলটোৰ এখন সভাত ৰাহুল গান্ধীয়ে নিজকে হিন্দু বুলি দাবী কৰাৰ লগতে সভাখনত উপস্থিত থকা সকলোকে হিন্দু বুলি অভিহিত কৰি বিজেপি তথা বিজেপিৰ ভাতৃ-ভগ্নী আৰু সহযোগী সংগঠনসমূহক হিন্দুত্ববাদী বুলি সমালোচনা কৰে। অৰ্থাৎ কংগ্ৰেছৰ তথাকথিত যুৱৰাজ ৰাহুল গান্ধীৰ মতে, হিন্দু আৰু হিন্দুত্ববাদী দুটা সুকীয়া বস্তু। ইয়াৰে এটা গ্ৰহণযোগ্য আৰু আনটো বৰ্জনীয় অথবা ঘৃণাৰ যোগ্য। ই জানো এটা ধৰ্মক ইয়াৰ আত্মাৰ সৈতে পৃথক কৰাৰ অপচেষ্টা নহয়? ইয়াক মুৰ্খতাৰ বাহিৰে কি বুলি ক’ব পাৰি! হিন্দু বা যিকোনো ধৰ্মৰ বিষয়ে সামান্যতম জ্ঞান থকা লোকে এইদৰে ধৰ্ম এটাৰ অস্ত্ৰপোচাৰ কৰিব পাৰেনে?

ৰাহুল গান্ধী এটা প্ৰতিষ্ঠিত ৰাজনৈতিক দলৰ নেতা। দলীয় সভা এখনত দিয়া বক্তব্যটো তেওঁৰ ব্যক্তিগত কথা হ’ব নোৱাৰে। সেইটো কংগ্ৰেছৰ বক্তব্য। হিন্দু আৰু হিন্দুত্ব সন্দৰ্ভত কংগ্ৰেছৰ দলীয় বিশ্লেষণ। ইয়াৰ পৰা দলটোৱে নিজকে আঁতৰাই ৰাখিব নোৱাৰে। প্ৰশ্ন হ’ল, ৰাহুল গান্ধীৰ দৰে নেতা এজনে ধৰ্মক লৈ এনে ধৰণৰ অনৈতিক, অহেতুক ভাষণ দিয়ে কিয়? ইয়াৰ ভিত্তি বিচাৰ কৰিবলৈ গ’লে ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপটলৈ যাব লাগিব। ২০১৪ চনৰ পৰাই দেশখন বিজেপিৰ শাসনত আছে। বিজেপিৰ সৈতে হিন্দুত্বৰ সম্পৰ্ক কি, ইয়াক দুনাই কোৱাৰ প্ৰয়োজন নাই। দলটোৱে হিন্দু আৰু হিন্দুত্বৰ গৌৰৱ, শ্ৰেষ্ঠত্বক প্ৰতিপন্ন কৰাৰ বাবে বিগত সময়ছোৱাত আন্তৰিকতাৰে কাম কৰি আহিছে। বিজেপিয়ে মোগলৰ আক্ৰমণৰ পাছৰ ইতিহাস নহয়, হাজাৰ হাজাৰ বছৰ পুৰণি সনাতনী সভ্যতা-সংস্কৃতিৰ সৈতে নিজকে সংযুক্ত কৰি ৰাখিছে। স্বাভাৱিকতে বিজেপিৰ চিন্তাধাৰাত হিন্দুৰ প্ৰতি আনুগত্য, হিন্দুৰ মৰ্যাদা ৰক্ষাই আগস্থান পাবলৈ বাধ্য। কিন্তু ইয়াৰ অৰ্থ এইটোও নহয় যে বিজেপিৰ শাসনকালত হিন্দুৰ বাহিৰে আন আন ধৰ্মৰ লোকে ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা ৰক্ষাত বাধাৰ সন্মুখীন হৈছে। পাৰ্থক্য এটাই যে স্বাধীনোত্তৰ ভাৰতবৰ্ষত পূৰ্বতে ধৰ্মীয় সংখ্যালঘু বিশেষকৈ ইছলাম ধৰ্মাৱলম্বীক ৰাজনৈতিকভাৱে অধিক গুৰুত্ব দিয়া হৈছিল। লগতে দেশখনৰ সংখ্যাগৰিষ্ঠ হিন্দুক প্ৰাপ্য মৰ্যাদাৰ পৰা বঞ্চিত কৰা হৈছিল। যাক সংখ্যালঘু তুষ্টিকৰণৰ ৰাজনীতি বুলি আখ্যা দিয়া হয়। বিজেপিয়ে ইয়াৰ বিপৰীত স্থিতি লৈ দেশখনৰ সংখ্যাগুৰু হিন্দুসকলৰ পক্ষত অৱস্থান কৰিছে। মোগল আৰু পৰৱৰ্তীকালৰ শাসকসকলৰ সময়ত উপেক্ষিত সনাতনী সভ্যতা-সংস্কৃতিৰ গৰিমাক পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি আছে। বাৰাণসীত বিশ্বনাথ মন্দিৰৰ পুনৰ নিৰ্মাণো সেই চিন্তা-চেতনাৰে প্ৰতিফলন। ঔৰংগজেবে ধ্বংস কৰা ঐতিহ্যপূৰ্ণ মন্দিৰটো পুনৰ নিৰ্মাণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে ভাৰতৰ পৰিচয় সনাতনী সভ্যতা-সংস্কৃতিৰে জয়ধ্বজা উৰুৱাইছে। বিজেপিৰ এই চিন্তাধাৰাই ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনত এটা বৃহৎ পৰিৱৰ্তন আনি দিছে। কিন্তু পৰিৱৰ্তিত ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে নিজকে খাপ খুৱাব নোৱাৰি কংগ্ৰেছৰ দৰে দল ক্ৰমশঃ অপ্ৰাসংগিক হৈ পৰিবলৈ ধৰিছে। এসময়ত কংগ্ৰেছে ভাবিছিল যে বিজেপিৰ হিন্দুবাদী চিন্তাধাৰাক উগ্ৰ তথা সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰি দেশখনৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পৰা দলটোক আঁতৰাই ৰাখিব পৰা যাব। তাৰ বাবে এদিন এইজন ৰাহুল গান্ধীয়ে লস্কৰ-ই-তৈবা, হিজবুল দৰে কুখ্যাত জেহাদী-সন্ত্ৰাসবাদী সংগঠনতকৈ বিজেপি, আৰ এছ এছ অধিক ভয়ংকৰ বুলি আখ্যা দিছিল। ইয়াৰ জৰিয়তে উদাৰবাদী হিন্দুক নিজৰ পক্ষলৈ অনাৰ লগতে সংখ্যালঘুৰো তুষ্টিকৰণ হৈ যাব বুলি দলটোৱে ধৰি লৈছিল। কিন্তু সেয়া হৈ নুঠিল। বৰং দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত দিনক দিনে বিজেপি শক্তিশালী হৈহে উঠিবলৈ ধৰিলে। ইয়াৰ বিপৰীতে কংগ্ৰেছ দিশহাৰা হৈ গৈ থাকিল। ধাৰাটো অব্যাহত থাকিব লাগিলে লোকসভাত কংগ্ৰেছৰ আসনৰ সংখ্যা একক ঘৰলৈ আহিবলৈ বেছি পৰ নালাগিব। সেয়ে ৰাহুল গান্ধী অথবা কংগ্ৰেছক এতিয়া প্ৰয়োজন ‘হিন্দু’ নামৰ ৰাজনৈতিক কাৰ্ডখনৰ। কিন্তু ক্ষেত্ৰখনত ইতিমধ্যে বিজেপিয়ে নিজৰ বাবে স্থান এটা উলিয়াই থৈছে। বিজেপিক তাৰ পৰা আঁতৰাই পঠিয়াব নোৱাৰিলে হিন্দু কাৰ্ডখন লৈ কংগ্ৰেছ কাৰ ওচৰলৈ যাব? বিজেপিৰ ৰাজনৈতিক চিন্তাধাৰাত হিন্দু সভ্যতা-সংস্কৃতিৰ প্ৰতি দায়বদ্ধতা আৰম্ভণিৰ পৰাই আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ প্ৰতিষ্ঠা সংখ্যালঘুৰ তুষ্টিকৰণৰ ৰাজনীতিৰ সৈতেহে। বিশ্বাসযোগ্যতা-গ্ৰহণযোগ্যতা বুলিও কথা এষাৰ আছে। নিজকে বিজেপিতকৈ অধিক হিন্দু বুলি প্ৰতিষ্ঠা কৰিব নোৱাৰিলে কংগ্ৰেছক কোনে আঁকোৱালি ল’ব? সেয়ে ৰাহুল গান্ধীয়ে দলীয় সভাত নিজকে হিন্দু বুলি দাবী কৰিবলগীয়া হ’ল। লগতে সভাত সমৱেত সকলোকে হিন্দু আৰু শাসক শিবিৰক হিন্দুত্ববাদী বুলি অভিহিত কৰি হিন্দু আৰু হিন্দুত্বৰ মাজত সীমাৰেখা এডাল টানি দিলে। ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ হিন্দু আৰু হিন্দুত্বৰ নতুন পৰিভাষা যে ৰাজনৈতিক মুনাফা লাভৰ এটা ৰণকৌশল, সেইটো এতিয়া দিনৰ পোহৰৰ দৰে ফটফটীয়া হৈ পৰিল। কিন্তু ইয়াৰ দ্বাৰা কংগ্ৰেছ লাভান্বিত হ’বনে?


ৰাহুল গান্ধীয়ে বিজেপি, আৰ এছ এছ আদিক সমালোচনা তথা দেশৰ জনসাধাৰণৰ ওচৰত তেওঁলোকক লঘু কৰিবলৈ গৈ হিন্দুক হিন্দুত্বৰ পৰা পৃথক কৰিলে। এইটো হিন্দুৰ বাবে চৰম অপমান ৰূপে বিবেচিত হৈছে। ইয়াৰ দ্বাৰা তেওঁ আত্মাক শৰীৰৰ পৰা বিচ্ছিন্ন কৰাৰ ধৃষ্টতা দেখুৱাইছে। ৰাহুল গান্ধীৰ এই দুস্কাৰ্যটোৱে বিজেপিক অধিক শক্তিশালীহে কৰি তুলিব। দ্বিতীয়তে, তেওঁ কৈছে যে সকলো হিন্দু। এই কথাষাৰ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে কৈয়েই থাকে। বিজেপিৰো একেই নীতি। মোহন ভাগৱতৰ মতে, ধৰ্মীয় পৰম্পৰা পৃথক হ’ব পাৰে কিন্তু ভাৰতৰ সকলো হিন্দু। সকলো ভাৰতীয়ৰে ডিএনএ হিন্দু। ৰাহুল গান্ধীৰ বক্তব্যই বিজেপি-আৰ এছ এছৰ নীতি আৰু চিন্তাধাৰাক ন্যায়সংগত কৰিলে। ইয়াৰ লাভ কংগ্ৰেছে নহয়, বিজেপিয়েহে অৰ্জন কৰিব। তদুপৰি, কংগ্ৰেছৰ এই স্থিতিত দলটোক বছৰ বছৰ ধৰি সমৰ্থন জনাই অহা সংখ্যালঘু সমাজখন বিভ্ৰান্ত হৈ পৰিব। দলটোৱে হিন্দুৰ নাম লৈ ইমান দিনে সংখ্যালঘুক ভীতিগ্ৰস্ত কৰাৰ ৰাজনীতি কৰি আহিছে। ধৰ্মীয় সংখ্যালঘু বিশেষকৈ মুছলমানসকলেও প্ৰায় সকলো সময়তে কংগ্ৰেছৰ পক্ষত অৱস্থান কৰি আহিছে। অৱশ্যে এইটো কথা সুকীয়া যে কংগ্ৰেছৰ শাসনকালতে দেশখনত সৰ্বাধিক সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে। দেশখন সৰ্বাধিককাল শাসন কৰা কংগ্ৰেছৰ বাবেই ধৰ্মীয় সংখ্যালঘুসকলৰ কাংক্ষিত বিকাশ সম্ভৱ হৈ উঠা নাই। কিন্তু ধৰ্মৰ নামত ভীতিগ্ৰস্তকৰণ ৰাজনীতিৰ কথা অলপ সুকীয়া। এতিয়া ‘হিন্দু’ কাৰ্ডখন হাতত লোৱা কংগ্ৰেছক লৈ ধৰ্মীয় সংখ্যালঘু বিভ্ৰান্ত হৈ পৰাটো নিশ্চিত। গতিকে ৰাহুল গান্ধীৰ তথাকথিত হিন্দু আৰু হিন্দুত্বৰ ৰাজনীতি কংগ্ৰেছৰ বাবে আত্মহত্যাৰ লেখিয়া হৈ পৰাৰ সম্ভাৱনা অধিক।

নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা নীতি-ৰণকৌশল গ্ৰহণৰ ক্ষেত্ৰত কংগ্ৰেছক যিমান অসহায় আৰু দিশহাৰা অৱস্থাত দেখা গৈছে, পূৰ্বতে সিমান দেখা পোৱা নগৈছিল। পূৰ্বতে অহা ৰাজনৈতিক সংকটসমূহৰ সৈতে দলটোৱে সফলতাৰে আৰু কম সময়ৰ ভিতৰত মোকাবিলা কৰি প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছিল। কিন্তু বিজেপিৰ মোদীৰ শাসনকালত দলটো বাৰে বাৰে বিজেপিৰ ফান্দত ভৰি নিজকে অসহায়-দুৰ্বল অৱস্থাৰ মাজলৈ নিজেই ঠেলি দিছে। যাৰ বাবে কেতিয়াবা দলটোৰ ভাবমূৰ্তি ভাৰতবিৰোধী, কেতিয়াবা পাকিস্তানপন্থী, কেতিয়াবা হিন্দুবিৰোধীৰ ৰূপত প্ৰতিষ্ঠা হৈছে। সমালোচনাৰ নামত সমালোচনা কৰিবলৈ গৈ দলটোৰ নেতৃত্ব বাৰে বাৰে বিজেপিৰ ফান্দত ভৰি দিছে। শেহতীয়াকৈ ৰাহুল গান্ধীৰ হিন্দুত্বও তাৰেই প্ৰকাশ বুলি ক’ব পাৰি। সমাগত নৱবৰ্ষৰ ফেব্ৰুৱাৰীতে উত্তৰপ্ৰদেশ, ুত্তৰাখণ্ড, পঞ্জাব, মণিপুৰ, গোৱা বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। বিৰোধীৰ লগতে কংগ্ৰেছ নেতৃত্বই এটা কথা ভালদৰে জানে য়ে এইটো নিৰ্বাচন ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ ছেমি ফাইনেলসদৃশ। নিৰ্বাচনটোক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনে। উত্তৰ প্ৰদেশত বিজেপিক প্ৰতিহত কৰিব পাৰিলে সমাগত লোকসভা নিৰ্বাচনটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ বাবে কঠিন হৈ পৰিব। কিন্তু উত্তৰ প্ৰদেশত কংগ্ৰেছৰ সাংগঠনিক শক্তি তেনেই দুৰ্বল। প্ৰদেশখনত কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা ৱাদ্ৰাই দলটোক শক্তিশালী কৰাৰ বাবে যথেষ্ট শ্ৰম কৰি আছে। কিন্তু কামত অহা নাই। প্ৰদেশখনত বিজেপিক প্ৰতিহত কৰাৰ এটাই পথ খোলা আছে-‘হিন্দু’ কাৰ্ড। তাকে কৰিবলৈ যাওঁতে ৰাহুল গান্ধী আৰু কংগ্ৰেছে হাতৰ কুঠাৰ মিজৰ ভৰিতে মৰাৰ দৰে হ’ল। কংগ্ৰেছৰ পূৰ্বৰ গৰিমা আৰু প্ৰতিষ্ঠা ওভতাই আনিবলৈ দলটোত নতুন চিন্তাৰ আমদানি ঘটাব লাগিব। ৰাহুল গান্ধী, প্ৰিয়ংকা ৱাদ্ৰাৰ দৰে ৰাজনৈতিক নেতাৰ আওপুৰণি আৰু সোপাঢিলা নীতিয়ে দলটোক ডুবাইহে এৰিব। আজিৰ তাৰিখত দেশখনৰ জনসাধাৰণত অতিষ্ঠ কৰি তোলা বহু বিষয় আছে। সেইবোৰক সঠিক ৰূপত জনসাধাৰণৰ ওচৰত তুলি ধৰিব নোৱাৰিলে ৰাজনৈতিকভাৱে দলটোৰ উত্তৰণ ঘটাৰ সম্ভাৱনা কম। ময়ূৰৰ পাখি লগাই কাউৰী কেতিয়াও ময়ূৰ হ’ব নোৱাৰে।

6 views0 comments