ভাৰতত ধৰ্মান্তকৰণৰ ইতিহাস




ভাৰতত অতীতত ধৰ্ম বুলিবলৈ সনাতনৰ বাহিৰে আন একো নাছিল। পৰৱৰ্তীকালত ধৰ্মন্তৰকৰণৰ জৰিয়তে ভূখণ্ডটো বহু ধৰ্মৰ বসতিপূৰ্ণ হৈ পৰে। অৱশ্যে ধৰ্মান্তৰকৰণৰ অৰ্থ এইটো নহয় যে সকলোকৱে বলপূৰ্বক এটা ধৰ্মৰ পৰা আনটো ধৰ্মত দীক্ষিত কৰা হৈছে। ইছলামক বাদ দি ভাৰতত আন ধৰ্মলৈ বলপূৰ্বক ধৰ্মান্তৰকৰণৰ নজিৰ পাবলৈ টান। খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণত একাংশ মিছনেৰীয়ে প্ৰলোভন, প্ৰৱঞ্চনাৰ আশ্ৰয় লৈ আহিছে। ইয়াৰ বাহিৰে আন ধৰ্মলৈ ধৰ্মান্তৰকৰণ মূলতঃ স্বেচ্ছাই সম্পন্ন হয়। হয়তো সেইবাবে তেনে ধৰ্মক লৈ ভাৰতবৰ্ষত কোনো অভিযোগ বা অসন্তুষ্টিও নাই। তদুপৰি ভাৰতবৰ্ষ হিন্দুৰ লগতে শিখ, বৌদ্ধ ধৰ্মৰ জননীও।

হিন্দু ধৰ্ম : হিন্দু ধৰ্ম ভাৰতৰ প্ৰাচীন ধৰ্ম। অৱশ্যে অতীজত ই সনাতন ধৰ্ম হিচাপে পৰিচিত আছিল।এই ধৰ্মটোৰে এখন মহান গ্ৰন্থ ঋকবেদ পৃথিৱীৰে সবাতকৈ প্ৰাচীন ধৰ্মগ্ৰন্থ। ঋকবেদৰ সময়ত হিন্দু ধৰ্মৰ স্বৰূপ ভিন্ন আছিল। তেতিয়া এই অঞ্চলটোত সৰু সৰু জনসমষ্টিত বসবাস কৰিছিল আৰু প্ৰকৃতিত বিদ্যমান শক্তিসমূহক দেৱ-দেৱীৰ ৰূপত পূজা কৰিছিল। এক ঈশ্বৰবাদৰ কোনো ধাৰণাই নাছিল। লগতে সমাজত নৈতিকতা বুলিবলৈ তেনে কোনো কথাও নাছিল। আৰ্যসকলে ইয়াৰ পৰিৱৰ্তন সাধন কৰে। তেওঁলোকে প্ৰায় ১৫ হাজাৰ বছৰ পূৰ্বে ধৰ্মক এটা ব্যৱস্থা প্ৰদান কৰে। পৃথিৱীত প্ৰথমে মনুৰ শাসন আহে।তেওঁৰ পিছত পুত্ৰ প্ৰিয়ব্ৰত পৃথিৱীৰ ৰজা হয়। প্ৰিয়ব্ৰতে বিশ্বকৰ্মাৰ কন্যা বহিৰ্ষ্মতীক বিবাহ কৰায়। দুয়ো অগ্ৰিধ, যজ্ঞবাহু, মেঘানিধিসহ দহটা সন্তানৰ পিতৃ-মাতৃ। প্ৰিয়ব্ৰতৰ দহ পুত্ৰৰ ভিতৰত কবি, মহাবীৰ, শ্ৰৱণ নৈষ্ঠিক ব্ৰহ্মাচাৰী আছিল। তেওঁলোকে সন্যাস ধৰ্ম গ্ৰহণ কৰে। ৰজা প্ৰিয়ব্ৰতে পৃথিৱীখনক সাতটা ভাগত বিভক্ত কৰি সাত পুত্ৰক ভিন্ন ভিন্ন অংশৰ শাসক নিযুক্ত কৰে। আগ্ৰীধৰ ভাগত জম্বুদ্বীপ পৰে। আগ্ৰীধে নিজৰ ৯জন সন্তানক জম্বু দ্বীপৰ ৯টা স্থান শাসন কৰিবলৈ দিয়ে। জম্বু দ্বীপৰ সেই ৯খন দেশ হৈছে-ইলাবৃত, ভদ্ৰাশ্ব, কিপুৰুষ, নাভি (ভাৰত), হৰি, কেতুমাল, ৰম্যক কুৰু আৰু হিৰণ্যময়।

ভাৰতবৰ্ষৰ শাসক : আগ্ৰীধৰ নটা সন্তানৰ ভিতৰত নাভিয়ে হিমবৰ্ষৰ ভূ-ভাগ লাভ কৰে। তেওঁ হিমবৰ্ষৰ সৈতে নিজৰ নাম আজনাভৰ সৈতে সংযুক্ত কৰি দেশখনৰ নাম আজনাভবৰ্ষ ৰাখে। এই হিমবৰ্ষ বা আজনাভবৰ্ষয়েই প্ৰাচীন ভাৰতবৰ্ষ। ৰাজা নাভিৰ শতপুত্ৰৰ মাজত ভৰত আছিল সবাতকৈ জ্যেষ্ঠ আৰু গুণৱান। ভৰতক জৈন ধৰ্মত ভৰতবাহু বুলি কোৱা হয়। ঋষভদেৱে বানপ্ৰস্থ লোৱাত দেশখনৰ শাসনভাৰ ভৰতৰ কান্ধত পৰে। এই ভৰতৰ নামতে দেশখনৰো নাম ভাৰতবৰ্ষ আৰু প্ৰজাসকল ভাৰতীয় ৰূপে পৰিচিত হয়। এতিয়া এই ভূখণ্ডটোৰ বাসিন্দাসকলৰ সৈতে হোৱা ধৰ্মান্তৰকৰণ কাহিনী উল্লেখ কৰিম।

প্ৰাচীনকালত অখণ্ড ভাৰতবৰ্ষ হিন্দুকুশ পৰ্বতমালাৰ পৰা অৰুণাচল আৰু অৰুণাচলৰ পৰা বাৰ্মা, ইন্দোনেছিয়ালৈকে সম্প্ৰসাৰিত হৈ আছিল। আনফালে ইয়াৰ বিস্তৃতি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে প্ৰসাৰিত হৈ আছিল। তদুপৰি, হিন্দুকুশৰ নামনিত সিন্ধুৰ আৰব সাগৰলৈ সামৰি আছিল। দেশখনৰ প্ৰধান নদীৰ ভিতৰত আছিল-সিন্ধু, সৰস্বতী, গংগা, যমুনা, কুম্ভ, ব্ৰহ্মা, কৃষ্ণ, কাবেৰী, নৰ্মদা, মহানদী, শিপ্ৰা আদি। ১৬ জনপদত বিস্তৃত ভূখণ্ডটোক কোৱ হৈছিল ভাৰতবৰ্ষ।

জৈন ধৰ্ম : ব্ৰাহ্মণ আৰু শ্ৰমণ। ভাৰতবৰ্ষত আৰম্ভণিৰ পৰাই এই দুটা ধাৰা প্ৰচলিত হৈ আছিল। কোনো কোনো ঠাইত িয়াৰ সংগমো হৈছিল। কোনো কোনো ঠাইত দুয়ো পৰস্পৰৰ পৰা বহু দূৰ আঁতৰি গৈছিল। কিন্তু দুয়োটাৰে লক্ষ্য এটাই- মোক্ষ। এটাই এক বিচাৰাধাৰাৰ ঈশ্বৰক মানে। আনটোৰ বাবে আত্মাই একমাত্ৰ সত্য। একেশ্বৰবাদীসকলে বৈদিক অৰ্থাৎ হিন্দু ধৰ্মক মানিছিল আৰু অনিশ্বৰবাদীসকলক অবৈদিক বিচাৰধাৰাৰ পালনকৰ্তা বুলি ধৰি লোৱা হৈছিল। ভাৰতত মতান্তৰৰ ভিন্নতা এইদৰে আৰম্ভ হৈছিল।প্ৰথমে এই বিচাৰধাৰাৰ কোনো ব্যৱস্থাত বন্দী নাছিল। কিয়নো যিকোনো ব্যক্তি যিকোনো পথেৰে মোক্ষপ্ৰাপ্তিৰ বাবে স্বতন্ত্ৰ আছিল।এৰিষ্টনমী আৰু কৃষ্ণৰ সময়লৈকে এই পৰম্পৰা সমান্তৰালকৈ চলিছিল। ইয়াৰ পাৰ্থক্য বুজাটো সাধাৰণ মানুহৰ বাবে কঠিনো আছিল। কিন্তু ইয়াৰে পৰা ব্যৱস্থাকৰণৰ আৰম্ভ হয়। তাৰ পিছৰে পৰা সকলো ভিন্ন ভিন্ন হৈ পৰে। জৈন পৰম্পৰাক প্ৰথমে বিদেহসকলৰ পৰম্পৰা বুলি কোৱা হৈছিল।ৰাজা জনক এই পৰম্পৰাৰ অনুগামী আছিল। অষ্টাবক্ৰও এই পৰম্পৰাক মানি চলিছিল। এই পৰম্পৰাৰ পৰা চাৰ্বাকবাদী বিচাৰধাৰাৰ উৎপত্তি হয়। কিন্তু বিচাৰধাৰাটো ভাৰতবর্ষত তিষ্ঠিব নোৱাৰিলে। ভাৰতবৰ্ষত অধিকাংশ দাৰ্শনিক নাস্তিক বিচাৰধাৰাৰ পৃষ্ঠপোষক আছিল।

আদিকালৰ আৰতবৰ্ষ উল্লিখিত দুয়োটা বিচাৰধাৰাৰত বিভক্ত আছিল। কিন্তু বৈদিক বিচাৰাধাৰ ভাৰতত প্ৰধান আছিল। গুৰু বশিষ্ঠ আৰু বিশ্বমিত্ৰই বৈদিক ধৰ্মক এটা ব্যৱস্থা প্ৰদান কৰে। অৱশ্যে দুয়োজনাৰ সংঘৰ্ষই দেশখনত মতান্তৰৰো জন্ম দিয়ে। পিছত ভগৱান শ্ৰীকৃষ্ণৰ সময়ত ধৰ্মটো এটা ছিষ্টেমলৈ আহে। ইয়াৰ বাবে জৈন ধৰ্ম একপ্ৰকাৰ বিলুপ্তিৰ দিশে গতি কৰে। তেতিয়া আৰম্ভ হয় ধৰ্মপ্ৰচাৰ। এককথাত ধৰ্মান্তৰকৰণ। বাৰাণসীত জন্মগ্ৰহণ কৰা পাৰ্শ্বনাথ জৈনে জৈন ধৰ্মক এটা ব্যৱস্থাৰ অধীনলৈ আনি প্ৰচাৰ আৰু প্ৰসাৰ কৰে। তেৱেঁই জৈন ধৰ্মৰ বিচাৰধাৰাক মানি চলা লোকসকলক এটা ছাতিৰ তললৈ আনে। পাৰ্শনাথৰ সময়ৰ পূৰ্বলৈকে পৰম্পৰাটো সংগঠিত ৰূপত অস্তিত্বলৈ অহা নাছিল। পাৰ্শ্বনাথৰ পৰা পাৰ্শ্বনাথ সম্প্ৰদায়ৰ সৃষ্টি হয় আৰু পৰম্পৰাটোৱে সংগঠিত ৰূপ লাভ কৰে। তেতিয়াৰ পৰাই জৈন ধৰ্মই নিজৰ সুকীয়া অস্তিত্ব গঢ়িবলৈ আৰম্ভ কৰে। ই মহাবীৰ জৈনৰ হাতত পৰি শক্তিশালী ভেটি লাভ কৰে। খ্ৰীষ্টপূৰ্ব ছয় শতাব্দীত মহাবীৰ জৈনে জৈন ধৰ্মৰ প্ৰচাৰ কৰিবলৈ লয়। তেওঁৰ সময়তে বহু ক্ষত্ৰিয় আৰু ব্ৰাহ্মণে জৈন ধৰ্মত দীক্ষা লয়। চাণক্যৰ কথা কোনে নাজানে। কোৱা হয় যে চাণক্যই জৈন ধৰ্মত প্ৰভাৱিত হৈ ধৰ্মটো গ্ৰহণ কৰিছিল। মহাবীৰ জৈনেতপ, সংযম আৰু অহিংসাৰ বাণী বিলাইছিল। সেই সময়লৈকে ধৰ্মান্তৰকৰণ আছিল স্বেচ্ছাই এটা ধৰ্মৰ পৰা আনটো ধৰ্ম গ্ৰহণ কৰা। ইয়াৰ উদ্দেশ্য এটা ধৰ্মৰ জনশক্তি বৃদ্ধি নাছিল।

বৌদ্ধ ধৰ্ম : ভাৰতত আৰ্যসকলৰ পতন আৰম্ভ হোৱাৰ লগে লগে সমাজখনত বিভাজনৰ সৃষ্টি হয়। ভিন্ন ভিন্ন জাতিত বিভক্ত হৈ সমাজখনে ভিন্ন ভিন্ন পূজা, কৰ্মত বিশ্বাস কৰিবলৈ আৰম্ভ কৰে। তেনে সময়তে খ্ৰীষ্টপূৰ্ব ৫৬৩ চনত ভগৱান বুদ্ধদেৱৰ জন্ম হয়। গৌতম বুদ্ধ এজন ক্ষত্ৰিয় ৰাজকুমাৰ আছিল।বুদ্ধৰ প্ৰভাৱত ভাৰতবৰ্ষত ভিক্ষু হোৱাৰ জোৱাৰ উঠিছিল। বুদ্ধদেৱৰ উপদেশসমূহ চীন তথা দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশত প্ৰচাৰ হয়। বুদ্ধদেৱ পৃথিৱীৰ প্ৰথমগৰাকী ব্যক্তি আছিল, যিয়ে ধৰ্মক আধ্যাত্মিকতাৰে বান্ধিছিল আৰু সম্পূৰ্ণ জ্ঞানেৰে শ্ৰেণীবদ্ধ কৰিছিল। বুদ্ধদেৱৰ ধৰ্ম ভাৰতৰ সকলো ধৰ্মৰ ভিতৰত নবীন আৰু অন্তিম সংস্কৰণ। বুদ্ধদেৱ পৃথিৱীৰ এনে প্ৰথমগৰাকী ব্যক্তিও আছিল যিয়েসমাজত বিদ্যমান ভেদাভেদ আঁতৰাই সমাজখনক ধৰ্মৰ ভেটিত এক কৰিছিল।

ভাৰতত ভিক্ষুসকলে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ কৰিছিল যদিও পাছলৈ কোনো ৰজাই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ ফলত ই ৰাজধৰ্মৰ মৰ্যাদাও লাভ কৰে। সম্ৰাট অশোকৰ কাৰ্যকালত বৌদ্ধ ধৰ্ম পৃথিৱীৰ চাৰিওফালে বিয়পি পৰে। অশোকে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ বাবে নিজৰ ৰাজতন্ত্ৰক সৰ্বতোপ্ৰকাৰে ব্যৱহাৰ কৰিছিল।

সম্প্ৰদায় : ভগৱান বুদ্ধৰ সময়ত কোনো ধৰণৰ পন্থা বা সম্প্ৰদায় নাছিল। কিন্তু তেওঁৰ প্ৰয়াণৰ পিছত ভিক্ষুসকলৰ মাজত মতবিভেদ আৰম্ভ হয়। ইয়াৰে প্ৰথম ভাগত মহাযান আৰু দ্বিতীয় ভাগক হীনযান বুলি কোৱা হয়। মহাযানৰ পৰাই বৌদ্ধ ধৰ্মৰ তৃতীয়টো ভাগ বজ্ৰযানৰ সৃষ্টি হয়। ইয়াৰ পিছত ধৰ্মটোত কেইবাটাও সম্প্ৰদায়ৰ সৃষ্টি হয়।

নৱবৌদ্ধ : দেশৰ স্বাধীনতাৰ পিছত বৌদ্ধ ধৰ্মৰ আন এটা সম্প্ৰদায় বিকশিত হয়। ইয়াক আম্বেদকাৰবাদীসকলে নৱবৌদ্ধ সম্প্ৰদায় বুলি কয়। এইটো ভাগ মূলতঃ ভাৰতীয় সমাজৰ জাতি-বৰ্ণবাদৰ বাবে অস্তিত্বলৈ আহে। উচ্চবৰ্ণৰ লোকৰ সোষণ, নিৰ্যাতন, বঞ্ছনা আদিৰ বাবে নিম্নবৰ্ণৰ একাংশই নৱবৌদ্ধত শৰণ লয়।

খ্ৰীষ্টান ধৰ্ম : যিশুখ্ৰীষ্টৰ মৃত্যুৰ পিছত প্ৰথম শতাব্দীত তেওঁৰ বাণী লৈ প্ৰথমজন শিষ্য ভাৰতলৈ আহিছিল।তাৰে এজন থমাছে ভাৰতত খ্ৰীষ্টান ধৰ্মৰ বাণী বিতৰণ কৰে। দক্ষিণ ভাৰতত ছিৰিয়াৰ যাজক ছেইণ্ট থমাছৰ আগমনৰ তথ্য পোৱা যায়। কোৱা হয় যে থমাছে এজন হিন্দু ৰজাৰ ধনবলেৰে কেৰালাত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ কৰিছিল। পিছত যেতিয়া ৰজাগৰাকীয়ে সেই কথা গ’ম পালে, যাজকজন বাৰ্মালৈ পলাই যায়। এইজন থমাছেই কিছুসংখ্যক ব্ৰাহ্মমক প্ৰথমে খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰিছিল। ইয়াৰ পিছত ১৫৪২ চনত ফ্ৰান্সিছ জেভিয়াৰৰ আগমনত ভাৰতত ৰোমান কেথলিকৰ সম্প্ৰসাৰণ ঘটে। তেওঁ ভাৰতৰ গৰিৱ হিন্দু আৰু আদিবাসী অঞ্চললৈ গৈ জনসেৱাৰ নামত খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণ আৰম্ভ কৰে। ইংৰাজৰ শাসনকালত মিছনেৰীসকলে দুগুণ উছাহেৰে এই কাম কৰিছিল। ইংৰাজ শাসকসকলে ইয়াত উছাহ যোগাইছিল। ‘আমেৰিকান বেদ’ৰ লেখক ফিলিপ গোল্ডবাৰ্গৰ মতে, ভাৰতৰ গৰিব, অশিক্ষিত আৰু অসহায় হিন্দুসকলক চাকৰি, চিকিৎসা আৰু ধনৰ প্ৰলোভন দি যিদৰে খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত কৰা হৈছিল, সেয়া নিন্দনীয়। দৰিদ্ৰ হিন্দুসকলক কোৱা হৈছিল যে দেৱ-দেৱীৰ পূজা-অৰ্চনাৰ বাবেএ দুৰ্ভাগ্যপ্ৰাপ্তি হয়। কিয়নো মূৰ্তিৰ ৰূপত থকা দেৱ-দেৱীসকল দৰাচলতে চয়তানহে।

কোৱা হয় যে মাদাৰ টেৰেছাই ভাৰতৰ ব্যাপক হাৰত খ্ৰীষ্টান ধৰ্মলৈ লোকক ধৰ্মান্তৰিত কৰিছিল। ভাৰতত বৰ্তমান প্ৰায় তিনি কোটি খ্ৰীষ্টান ধৰ্মী লোক আছে।

ইছলাম : আৰবৰ বেপাৰীৰ ৰূপত সপ্তম শতিকাত প্ৰথমে ইছলামধৰ্মীৰ ভাৰতত প্ৰৱেশ ঘটিছিল। তেওঁলোকে দক্ষিণ ভাৰত আৰু সিন্ধু নদীৰ বন্দৰত সৰ্বপ্ৰথম উপস্থিত হৈছিল। ইয়াৰ পূৰ্বে আফগানিস্তান (পূৰ্বতে ভাৰতৰ অংশ)ৰ উত্তৰে হিন্দ ৰাজবংশক আক্ৰমণ কৰি মোগলে ভাৰতত প্ৰৱেশ কৰিছিল। সপ্তম শতিকাত ভাৰতৰ কেৰালা আৰু বংগ ইছলামৰ দুটা প্ৰধান কেন্দ্ৰ আছিল। পশ্চিমত আফগানিস্তান ইছলামৰ দুৰ্গ হৈ উঠিছিল।ইয়াৰ পিচত সপ্তম শতিকাতে মহম্মদ বিন কাছেমে নৰহত্যালীলা চলাই ভাৰতৰ বহু অংশ দখল কৰি লৈছিল।তাৰ পৰা হিন্দুসকল পলায়ন কৰিবলগীয়া হৈছিল। যিসকল হিন্দু পলায়ন কৰিবলৈ অপাৰগ হৈছিল, তেওঁলোকক বলপূৰ্বক ইছলামলৈ ধৰ্মন্তৰিত কৰা হৈছিল।বিন কাছেমে ভাৰতৰ যিডোখৰ অংশ দখল কৰিছিল, বৰ্তমান তাৰে আধা অংশ পাকিস্তানৰ অন্তৰ্গত। অঞ্চলটো পূৰ্বতে কুৰু-পাঞ্চাল জনপদৰ অন্তৰ্গত আছিল। এই সময়ছোৱাত ইৰানত ছুফিবাদৰ জন্ম হৈছিল আৰু ভাৰতত ছুফিসকলৰ জৰিয়তে ইছলামৰ প্ৰচাৰ-প্ৰসাৰ ঘটিছিল। ছুফীসকলে চুলতানৰ হৈ চোৰাংচোৱাগিৰি কৰিছিল। সেই সময়ত সাধু-সন্তৰ প্ৰতি বিনম্ৰ ভাৰতীয়ই ছুফীসকলৰ চক্ৰান্ত বুজি পোৱা নাছিল। ইয়াৰ পিছত ১২ শতাব্দীত ইছলামৰ পূৰ্ণ ৰূপত ভাৰতত প্ৰৱেশ ঘটে। তুৰ্কী, ইৰানী, আফগানী আৰু মোগল বাদশ্বাহৰ সময়ত ভাৰতত ইছলাম দুই ধৰণে সম্প্ৰসাৰিত হয়। পৰথমটো ছুফীসকলৰ জৰিয়তে। আনটো মুছলমান শাসকৰ দমন আৰু হিন্দুবিৰোধী নীতিৰ দ্বাৰা। সেই সময়ত মুছলমান শাসকৰ অধীনত থকা হিন্দু তথা অনা-ইছলামসকলে বিভিন্ন ধৰণৰ কৰ াদায় দিবলগীয়া হৈছিল। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বহু লোকে ইছলাম ধৰ্ম ল’বলৈ বাধ্য হৈছিল। ঔৰমগেজবৰ শাসনকালত ভাৰতত সৰ্বাধিক লোকক বলপূৰ্বক ইছলামলৈ ধৰ্মন্তৰিত কতৰা হৈছিল। এইটো ভাৰতবৰ্ষৰ ইতিহাসৰ সবাতকৈ ক’লা অধ্যায়।

শিখ ধৰ্ম : ১৫ শতাব্দীত শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক গুৰুনানকদেৱে এক ঈশ্বৰ আৰু ভাতৃত্ববোধত গুৰুত্ব দিছিল। পঞ্জাবত ইয়াৰ মূলভূমি। শিখসকলে কেতিয়াও ধৰ্মান্তৰকৰণৰ দৰে কাৰ্যত লিপ্ত হোৱা নাই।বৰ্বৰ মুছলমান শাসকসকলৰ পৰা কাশ্মীৰৰ পণ্ডিত আৰু দেশৰ অন্যান্য অঞ্চললৈ পলায়ন কৰিবলৈ বাধ্য হোৱা হিন্দুসকলক বচাবলৈ নমৱ শিখগুৰু টেগবাহাদুৰে নিজৰ জীৱন বলিদান দিছিল। গুৰু গৌবিন্দ সং আৰু মহাৰাজা ৰণজিৎ সিঙৰ শাসনকালত অনা-ইছলামসকলে নিজকে সৰ্বাধিক সুৰক্ষিত অনুভৱ কৰিছিল।

ভাৰতত ধৰ্মান্তকৰণৰ ইতিহাসলৈ চালে দেখা যায় যে একমাত্ৰ মোগল শাসকৰ সময়ত ভাৰতীসকলে বলপূৰ্বক ধৰ্মান্তৰকৰণ সন্মুখীন হৈছিল। দেশখনত অনা-মুছলমানসকলক ধৰ্মন্তৰকৰণৰ বাবে ইমানেই অত্যাচাৰ আৰু নিৰ্যাতন চলোৱা হৈছিল য্ পৃথিৱীত ইয়াৰ দ্বিতীয়টো উদাহৰণ পাবলৈ পোৱা নাযায়। ইয়াৰ পিছতে একাংশ মিছনেৰীয়ে ভাৰতত ধৰ্মন্তৰকৰণৰ বাবে প্ৰলোভলনৰ জাল তৈয়াৰ কৰিছিল। দৰিদ্ৰ-অশিক্ষিত মানুহক ভাৰতীৰ সংস্কৃতিৰ বিৰুদ্ধে উচটনি দি, বিপথে পৰিচালিত কৰি তথা অসহায়-দৰিদ্ৰ অৱস্থাৰ সুযোগ লৈ ব্যাপক হাৰত ধৰ্মান্তৰিত কৰিছিল। এই দুয়োটা ধৰ্মৰ পৰিকল্পিত ধৰ্মান্তৰকৰণ আজিও ভাৰতত অব্যাহত আছে। দেশবাসী যেন আজিও সঠিক ৰূপত জাগ্ৰত হোৱা নাই।