আজিৰে পৰা অসমত ঘৰে-ঘৰে গৈ চলিব টীকাকৰণ অভিযান




অসমৰ প্ৰতিগৰাকী ব্যক্তিক টীকা প্ৰদান কৰাৰ উদ্দেশ্যে অসম চৰকাৰে তৈয়াৰ কৰিছে এক সুকীয়া যোজনাৰ । সেই যোজনাৰ কাম আজি অৰ্থাৎ ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ।এই অনুষ্ঠান টো সফল কৰিবলৈ বিভিন্ন বিষয়া, ৰাজনৈতিক নেতা, স্বেচ্ছাসেৱক আৰু পুলিচকর্মীসকলক ভোটদান কেন্দ্ৰৰ পৰ্যায়ত টীকাকৰণ প্ৰদান কৰা কাৰ্যক সুনিশ্চিত কৰিবলৈ নিয়োগ কৰা হৈছে । আনহাতে ৰাজ্যত আশাকৰ্মীসকলে অন্যান্য স্বাস্থ্যকৰ্মীসকলৰ সৈতে ঘৰে-ঘৰে গৈ টীকাকৰণ অভিযান চলাই আছে । যোৱা ২১ নৱেম্বৰৰ ভিতৰত তেওঁলোকে নিজৰ প্ৰতিবেদন প্ৰস্তুত কৰিছে আৰু ইতিমধ্যে প্ৰমাণ পত্ৰ ও জাৰি কৰিছে । এই প্ৰতিবেদন ক কেন্দ্ৰ কৰি বিষয়া, পুলিচকর্মী, মন্ত্ৰী আৰু সমাজকৰ্মীসকলক বাকী ৰৈ যোৱা লোকসকলক টীকাকৰণ প্ৰদান কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে । এই অভিযান ৰাজ্যৰ ভোটদান কেন্দ্ৰবোৰত চলিব আৰু ৰাজ্যৰ ৪২ হাজাৰটা ভোটদান কেন্দ্ৰত সকলো টীকাযোগ্য লোকক টীকা প্ৰদান কৰা হ'ব । উল্লেখযোগ্য যে প্ৰায় ৭ লাখ গৰ্ভৱতী মহিলা আৰু অসমৰ পৰা বাহিৰলৈ যোৱা লোকসকলক এই অভিযানত অন্তৰ্ভুক্ত কৰা হোৱা নাই । অহা ২৭ নৱেম্বৰলৈ চলিবলগীয়া এই অভিযানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ভোটদান কেন্দ্ৰত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত থকা লোকসকলৰ ঘৰলৈ নিজে গৈ টীকাকৰণক পৰীক্ষণ কৰিব ।

3 views0 comments