অপৰাধমূলক মানসিকতাৰ ভয়ংকৰ ৰূপ :১২ বছৰীয়া কিশোৰে ধৰ্ষণ কৰিলে শিশুক




একাংশ কিশোৰৰ মানসিক জগতখনলৈও শিপাইছে অপৰাধ প্ৰবণতা। অকল্পনীয় বাস্তৱটোক উদঙাই মহাৰাষ্ট্ৰৰ পুনেত হৃদয় কঁপাই তোলা ধৰ্ষণ কাণ্ড এটা সংঘটিত হৈছে। ১২ বছৰীয়া কিশোৰ এজনে এটি ৪ বছৰীয়া শিশুক ধৰ্ষণ কৰে। দুস্কাৰ্যটোৰ বাবে কিশোৰজনে চকলেটক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰে। অৰ্থাৎ চকলেট দিয়াৰ প্ৰলোভন দি অপৰাধটো সংঘটিত কৰে।


শিহৰণকাৰী ঘটনাটো কেইদিনমান পূৰ্বৰ। যোৱা ২৮ নৱেম্বৰত শিশুটিৰ পৰিয়ালৰ লোকে থানাত এজাহাৰ দাখিল কৰে। এজাহাৰ অনুসৰি, পুনেৰ পিম্পৰী চিঞ্চবড় এলেকাত ১২ বছৰীয়া কিশোৰজনে চকলেট দিয়াৰ প্ৰলোভন দি ৪ বছৰীয়া শিশুটিক ধৰ্ষণ কৰে। কিশোৰজন শিশুটিৰ পৰিয়ালৰ কাষতে পিতৃ-মাতৃৰ সৈতে থাকে। ঘৰৰ কাষৰে হোৱা হেতু শিশুটিৰ পৰিয়ালৰ সৈতে কিশোৰজনৰ সহজ সম্পৰ্ক এটা আছে। ঘটনাৰ দিনা চকলেট খাবলৈ দিম বুলি শিশুটিক নিজ ঘৰলৈ মাতি আনে। সেই সময়ত কিশোৰজনৰ ঘৰত কোনো নাছিল। ১২ বছৰ বয়সতে এইদৰে সম্পূৰ্ণ পৰিকল্পিতভাৱে শিশুটিক মাতি আনে আৰু...


সিশুটিক বিচাৰি যোৱা লোকে কিশোৰজনক হাতে-লোটে ধৰা পেলায়। কিশোৰজনক আৰক্ষীয়ে আটক কৰে।

4 views0 comments