দক্ষিণ আফ্ৰিকাৰ গৱেষণাত ভয়ংকৰ তথ্য : মৃত্যুদূতৰ আন এটা নাম অমিক্ৰন



পৃথিৱীৰ নতুন সংকট কৰোনাভাইৰাছৰ নতুন ৰূপ অমিক্ৰনে ইতিমধ্যে ভাৰতবৰ্ষত টোকৰ মাৰিছে। ভাইৰাছটোত দুজন ব্যক্তি আক্ৰান্ত হোৱা বুলি কেন্দ্ৰীয় চৰকাৰে নিশ্চিত কৰিছে। অমিক্ৰন কিমান ভয়ংকৰ? ইয়াৰ উৎপত্তিস্থল হিচাপে পৰিগণিত দক্ষিণ আফ্ৰিকাৰ বিজ্ঞানীয়ে শেহতীয়াকৈ অমিক্ৰনৰ ধৰণ-কৰণ সন্দৰ্ভত গৱেষণালব্ধ তথ্য ৰাজহুৱা কৰিছে। তাত দেখা গৈছে যে ডেল্টা আৰু বেটা প্ৰজাতিৰ তুলনাত অমিক্ৰনৰ পুনৰায় সংক্ৰমিত কৰাৰ ক্ষমতা তিনি গুণ অধিক। তদুপৰি, পূৰ্বতে কৰোনাত আক্ৰান্ত হোৱাৰ লোকৰ দেহত গঢ় লৈ উঠা প্ৰতিৰোধ ক্ষমতাও ভেদ কৰাৰ সক্ষমতা আছে অমিক্ৰমনৰ।বৃহস্পতিবাৰে গৱেষণাটোৰ বিষয়ে প্ৰকাশ কৰা হয়।

সংবাদ সংস্থা এএফপিৰ মতে, নতুন গৱেষণাটো চলোৱা হৈছে দক্ষিণ আফ্ৰিকাৰ স্বাস্থ্য বিভাগৰ দ্বাৰা সংগৃহীত তথ্যৰ আধাৰত।গৱেষণাটো অনলাইনৰ জৰিয়েত প্ৰকাশ কৰা হৈছে। অৱশ্যে ৰিভীউ কৰা হোৱা নাই।

বিগত ২৭ নৱেম্বৰৰ পৰা দক্ষিণ আফ্রিকাত ২৮ লাখ মানুহ কৰোনাত আক্রান্ত হৈছে। তাৰে ভিতৰত ৩৫ হাজাৰ ৬৭০জন পুনৰায় সংক্রমিত হোৱা বুলি সন্দেহ কৰা হৈছে। আক্রান্ত হোৱাৰ ৯০ দিনৰ ব্যৱধানত কৰোনা পৰীক্ষাৰ ফলাফল পুনৰ পজিটিভ আহিলে ব্যক্তিজনক ভাইৰাছটোত পুনৰ সংক্রমিত হোৱা বুলি ধৰা হয়।

নতুন গৱেষণাটোক লৈ ছাউথ আফ্রিকান ডিএছআই-এনআৰএফ চেণ্টাৰ অৱ এক্সিলেন্স ইন এপিডেমিঅ’লজিকেল মডেলিং এণ্ড এনালাইছিছৰ পৰিচালক জুলিয়েট পুলিয়ামে এটা টুইটত লিখিছে, দক্ষিণ আফ্রিকাত কৰোনাৰ প্রথম তিনিটা লহৰত সংক্রমিত হোৱা অনেকজনৰ শৰীৰত ভাইৰাছটো পুনৰ ধৰা পৰিছে। তাৰ বেছিভাগেই ডেল্টা প্ৰজাতিটোত আক্ৰান্ত হৈছিল।

জুলিয়েট পুলিয়ামে সতর্কবাণী শুনৱাই কয়- নতুনকৈ সংক্রমিত ৰোগীসকলে টিকা লৈছিল নে নাই, সেইটো এই গৱেষণাত যুক্ত কৰা সম্ভৱ নহ’ল। ফলত ভাইৰাছটোৰ বিৰুদ্ধে টিকাই যি প্রতিৰোধব্যৱস্থা প্ৰস্তুত কৰে, সেয়া ভেদ কৰিবলৈ অমিক্ৰন কিমান সক্ষম, সেইটো জানিব পৰা হোৱা নাই। গৱেষকসকলে কৈছে, ভেকচিনৰ কাৰ্যকাৰিতাৰ বিষয়ে পৰৱৰ্তীকালত গৱেষণা কৰাৰ পৰিকল্পনা কৰা হৈছে।

জুলিয়েটে কয়- অমিক্রনৰ সংক্রমণত শাৰীৰিক জটিলতা কিমান মাৰাত্মক, সেইটো জানিবলৈ জৰুৰী ভিত্তিত তথ্যৰ আৱশ্যক।

দক্ষিণ আফ্রিকাৰ গৱেষণাটোকে ‘উচ্চমান’ৰ বুলি আখ্যায়িত কৰিছে আমেৰিকাৰ ছাউদাম্পটন বিশ্ববিদ্যালয়ৰ বিজ্ঞানী মাইকেল হেড। তওঁ কয়, গৱেষণাত পোহৰলৈ অহা কথাখিনি খুবেই উদ্বগজনক।

উল্লেখ্য যে বিগত নৱেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা দক্ষিণ আফ্রিকাত প্ৰতিদিনে গড়ে ৩০০জন লোক কৰোনাৰ দ্বাৰা সংক্রমিত হৈছে। ইয়াৰ কেইদিনমান পিছতে দেশখনত অমিক্রনৰ উপস্থিতি ধৰা পৰে। তেতিয়াৰ পৰাই দেশখনত সংক্ৰমণৰ হাৰ ভয়ংকৰ ৰূপত বৃদ্ধি পাবলৈ ধৰে। যোৱা বুধবাৰে দক্ষিণ আফ্রিকাত ৮ হাজাৰ ৫৬১জন কৰোনাত আক্ৰান্ত হয়। ইয়াৰ পূৰ্বৰ দিনটোত সংখ্যাটো আছিল ৪ হাজাৰ ৩৭৩জন।

18 views0 comments