ছয়গাঁৱত ভৱিষ্যৎ অসমৰ ভয়ংকৰ ছবি : অস্ত্ৰ লৈ বেদখলীকৃত ভূমিত টহল সন্দেহজনক নাগৰিকৰ






অনাগত দিনৰ অসমত সন্দেহজনক নাগকিকে ভূমি বেদখলত কেনে ধৰণৰ ৰূপ পৰিগ্ৰহ কৰিব পাৰে, ছবিখন প্ৰতিফলিত হৈছে ছয়গাঁও সমষ্টি। সমষ্টিটোৰ এটা চৰত এপিনৰ পৰা ভূমি বেদখল কৰা সন্দেহজনক নাগৰিকে হাতে হাতে চোকা অস্ত্ৰ লৈ এখন সমান্তৰাল চৰকাৰ গঠন কৰিছে। তেওঁলোকে বেদখলীকৃত ভূমি অস্ত্ৰ-শস্ত্ৰ হাতত লৈ টহল দিয়ে। ভূমিৰ প্ৰকৃত পট্টাদাৰ চৰলৈ গ'লেই অস্ত্ৰ লৈ খেদি আহে অস্ত্ৰধাৰী ভূমি বেদখলকাৰীসকলে ৷


অভিযোগ অনুসৰি, ছিপাঝাৰ সমষ্টিৰ পৰা গৈ ছয়গাঁও সমষ্টিৰ বাতাহিদিয়া চৰাঞ্চলত ভূমি বেদখল কৰি ঘৰ সাজিছে এইসকল বেদখলকাৰীয়ে৷ মাটিৰ পট্টাদাৰে স্থানীয় গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আবেদন কৰি ভূমিখিনি বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ কেইবাবাৰো জনাইছে। কিন্তু এতিয়ালৈ ফলাফল শূন্য৷ ফলত দিনক দিনে বেদখলকাৰীৰ সংখ্যা বৃদ্ধি পাই আহিছে৷


বেদখলকাৰীসকলে হাতে হাতে অস্ত্ৰ লৈ প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলাত পট্টাদাৰে নিজৰ ভূমি নিজে উদ্ধাৰ কৰিবও নোৱাৰা হৈছে। ধাৰাটো অব্যাহত থাকিলে ৰাজ্যখনৰ আন আন অংশতো বেদখলকাৰীয়ে সমান্তৰাল প্ৰশাসন গঢ়ি চৰকাৰৰ অস্তিত্বকে প্ৰত্যাহ্বান জনাব পাৰে। এই অশনি ইংগিতক ৰাজ্য চৰকাৰে গুৰুত্বসহকাৰে লোৱাৰ প্ৰয়োজন আছে।

12 views0 comments