ডিব্ৰুগড়ত এটা কোঠাতে ঘৰৰ মালিক-ভাৰাতীয়া মহিলাক হত্যা




ডিব্ৰুগড়ৰ মলখোবচাত এটা ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে এহাল পুৰুষ-মহিলাৰ মৃতদেহ। দুয়োকে হত্যা কৰা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে।



ঘৰৰ ভিতৰত পৰি থকা মৃতদেহ দুটাৰ পুৰুষজন ঘৰটোৰ মালিক। মহিলাগৰাকী ভাৰাতীয়া। দুয়োকে এটা কোঠাৰ ভিতৰত কোনে কিয় হত্যা কৰিলে, সেয়া অদ্যাপি পোহৰলৈ অহা নাই। তদুপৰি ঘৰৰ মালিক আৰু ভাৰাতীয়া মহিলাগৰাকী এটা কোঠাত উপস্থিত হ'ল বা ঘাতকে দুয়োকে কোঠাটোলৈ নি হত্যা কৰিলে নেকি, সেয়াও ৰহস্যাবৃত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

8 views0 comments