গুৱাহাটীত এক কিলোগ্ৰাম চাহ কিমান টকাত বিক্ৰী হ'ল জানেনে? শুনিলে আচৰিত হ'ব




এক কিলোগ্ৰাম চাহৰ দাম কিমান হ'ব পাৰে? লগতে আৰু এটা তথ্য যোগ দিওঁ। সেইখিনি অসমতে উৎপাদিত আৰু বিক্ৰীও অসমতে হৈছে। চিন্তাত পৰিছে চাগৈ! মানে, দামটো মনলৈ সঠিকভাৱে অহা নাই। পৰিমাণটো বঢ়াই গৈ থাকক। চাহখিনি ডিব্ৰুগড়ৰ প্ৰসিদ্ধ মনোহাৰী চাহ বাগিচাৰ। মনোহাৰী গ'ল্ড টী। মঙলবাৰে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত বিক্ৰী হৈছে। নিলামত গুৱাহাটীৰ 'সৌৰভ টি ট্ৰেডাৰ্ছ'-এ সৰ্বোচ্চ দাম দি চাহখিনি কিনে।


এইখিনিতে উল্লেখ কৰিব পাৰি যে চাহৰ বজাৰত মনোহাৰী গ'ল্ড টীৰ এটা সুকীয়া সুনাম আছে। গ'ল্ড টী বিক্ৰীৰ ক্ষেত্ৰত বাগিচাখনৰ উৎপাদনে কেইবাবাৰো নিজৰেই অভিলেখ ভংগ কৰিছে। চলিত বৰ্ষটোত বাগিচা কৰ্তৃপক্ষই ১০ কিলোগ্ৰাম গ'ল্ড টী উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু মাত্ৰ ২ কেজিহে গল্ড চাহ তৈয়াৰ কৰিবলৈ সক্ষম হয়।প্ৰতিকূল বতৰৰ বাবে লক্ষ্যত উপনীত হ'ব নোৱাৰাত স্বত্বাধিকাৰ ৰাজেন লোহিয়াই দুখ প্ৰকাশ কৰে। ইফালে, উৎপাদিত দুই কেজি চাহৰ ১কেজি চাহ গুৱাহাটী নিলাম কেন্দ্ৰত বিক্ৰী কৰাৰ বিপৰীতে বাকীখিনি কিছুমান নিৰ্দিষ্ট বিপণীত গ্ৰাহকৰ বাবে ৰাখিব বুলি স্বত্বাধিকাৰী লোহিয়াই সদৰী কৰে। বাগিচাখনৰ শ্ৰমিক-কৰ্মচাৰীৰ নিৰন্তৰ, আশাসুধীয়া প্ৰচেষ্টাৰ বাবে এনেদৰে চাহ নিলাম কেন্দ্ৰত সৰ্বোচ্চ দৰত চাহ বিক্ৰী কৰি অভিলেখ গঢ়িবলৈ সক্ষম হোৱা বুলি স্বত্বাধিকাৰ লোহিয়াই সাংবাদিকৰ আগত প্ৰকাশ কৰে।


উল্লেখযোগ্য যে গুণগত আৰু বিশেষ চাহৰ বাবে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ বিশ্বৰ এটা গুৰুত্বপূৰ্ণ নিলাম কেন্দ্ৰত পৰিণত হৈছে। কেন্দ্ৰটোৱে লগতে চাহ বিক্ৰেতাসকলক উচিত দামত উৎপাদিত চাহ বিক্ৰী কৰাৰ সুবিধা প্ৰদান কৰিছে।


এতিয়া দামটোলৈ আহোঁ। আগেয়ে কৈছোঁ, চাহপাতৰ বজাৰত মনোহাৰী গ'ল্ড টীৰ এটা বিশেষ স্থান আছে। ২০১৮ চনত গুৱাহাটী নিলাম কেন্দ্ৰতে ৩৯,০০১ টকাত ১ কেজি নিলাম হৈছিল। গুৱাহাটী চাহ নিলাম কেন্দ্ৰত সেইটোও এটা অভিলেখ আছিল। ২০১৯ চনত নিজৰেই ৰেৰ্কড ভংগ কৰি এক কেজি চাহ নিলাম হয় ৫০ হাজাৰ টকাত। আনহাতে, ২০২০ চনত ইয়াৰ দাম উঠে ৭৫ ০০০ টকা। এইবাৰ যেন আকাশ চুলে। এক কিলোগ্ৰাম মনোহাৰী গল্ড চাহ বিক্ৰী হ'ল ৯৯,৯৯৯.০০ টকাত। বিদেশৰ বজাৰ নহয়, অসমৰ দৰে ঠাইত এক কিলোগ্ৰাম চাহ ১ লাখ টকাত বিক্ৰী হোৱাটো আশ্বৰ্যৰ কথা। লগতে গৌৰৱৰো কাৰণ। নহয় জানো?

4 views0 comments