ইছলামলৈ ধৰ্মান্তৰিত এটা হিন্দু পৰিয়ালৰ দিন-প্ৰতিদিন কিমান ভয়াৱহ-মানসিক চাপৰ হ’ব পাৰে?




১৯৭১ চনত পাকিস্তানক পৰাজিত কৰা দিনটোৰ স্বৰ্ণজয়ন্তী দেশজুৰি পালন হৈছে। ইছলামিক ৰাষ্ট্ৰখনক দুটা ভাগত বিভক্ত কৰি ভাৰতীয় সেনাই আধুনিক বিশ্বৰ সমৰৰ ইতিহাসত এটা স্বৰ্ণিল পৃষ্ঠা সংযোজিত কৰি থৈছে। যুদ্ধখনত নব্বৈ সহস্ৰাধিক পকিস্তানী সেনাই ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। এইটোও ভাৰতৰ বাবে এটা গৌৰৱৰ ইতিহাস। সেই সময়ছোৱাত পূব পাকিস্তান অৰ্থাৎ বৰ্তমানৰ বাংলাদেশত বহু হিন্দু পৰিয়ালে জীয়াই থকাৰ তাগিদাত ধৰ্ম পৰিৱৰ্তন কৰিবলগীয়া হৈছিল। ইছলাম ধৰ্ম গ্ৰহণ কৰি জীৱন ৰক্ষা কৰিবলগীয়া হৈছিল। তেনে এটা পৰিয়াল হৈছে শচীন্দ্ৰ চন্দ্ৰ আইচৰ পৰিয়ালটো। পৰিয়ালটোৱে ১৯৭১ চনত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল। মৈমনসিংহ চিটী কলেজৰ ইংৰাজীৰ শিক্ষকক শচীন্দ্ৰক চহৰখনৰ সকলোৱে শচীন ছাৰ বুলি মাতিছিল।


পূব পাকিস্তানত যেতিয়া স্বাধীনতাৰ ধ্বনি উঠিছিল আৰু মুক্তি বাহিনীয়ে হাতত অস্ত্ৰ তুলি লৈছিল, সেই সময়ত অঞ্চলটো হিন্দু ধৰ্মাৱলম্বীৰ বাবে নৰকত পৰিণত হৈছিল। ইছলামৰ বাহিৰে কোনো ধৰ্মকে পাকিস্তানীয়ে ৰেহাই দিয়া নাছিল। হিন্দুক দেখিলেই চলাইছিল চৰম নিৰ্যাতন। নিৰ্যাতন মানে হত্যা, ধৰ্ষণ, গৃহত অগ্নিসংযোগ, লুটপাট আদি সকলো। অৱশ্যে স্বাধীনতা সংগ্ৰামী আৱমী লীগৰ সদস্যসকলো সাৰি যোৱা নাছিল। পাকিস্তানী সেনাই বাংলাদেশৰ বংশয়েই সলনি কৰি দিম বুলি কৈছিল। প্ৰতিগৰাকী বাংলাদেশীৰ মহিলাই পাঞ্জাবী মুছলমানৰ সন্তান জন্ম দিব লাগিব বুলি ঘৃণনীয় পৰিকল্পনা কৰিছিল।


শচীন্দ্ৰ চন্দ্ৰ আইচে এটা বিদেশী সংবাদ মাধ্যমক ১৯৭১ চনৰ ভয়াৱহ সময়ছোৱাৰ সোঁৱৰণ কৰি কয়- ‘২৫ মাৰ্চৰ পিছত মৈমনসিঙত হিন্দু আৰু আৱামী লীগৰ সদস্যক হত্যা, গৃহত অগ্নিসংযোগ আদি আৰম্ভ হয়। হিন্দু সমাজখনৰ সকলো হিংসাৰ জুইকুৰাত দগ্ধ হয়। মই গাঁৱলৈ গুচি যাওঁ।’


‘যুদ্ধৰ আৰম্ভণিতে ৩১ মাৰ্চত আমি সকলোৱে শৱৰামপুৰ গাঁৱলৈ গুচি যাওঁ। গাঁৱত কেইবাদিন থকাৰ পিছত হাতত থকা টকা শেষ হৈ যায়।তেতিয়া মোৰ মুছলমান বন্ধুৰ সহায়ত মই চহৰলৈ পুনৰ উভতি আহোঁ।‘- তেওঁ কয়।


চিটী কলেজত নিযুক্ত হোৱা সত্ত্বেও শচীনে শিক্ষানুষ্ছানখনলৈ যাব পৰা নাছিল। কিয়নো তেওঁ হিন্দু। শিক্ষানুষ্ঠানখনৰ তদানীন্তন অধ্যক্ষগৰাকীয়ে তেওঁক কৈছিল, আপুনি কিদৰে আহিব? তাৰে স্থানীয় লোকসকল বিহাৰী।তেওঁলোকে হিন্দুক সহ্যয়েই নকৰে।

শচীন্দ্ৰ ভগ্নী কানন সৰকাৰে কয়- ধৰ্ম পৰিৱৰ্তনৰ পিচতো আমি সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছিল। ধৰ্ম পৰিৱৰ্তনৰ বাবে আমাৰ ওপৰত বিভিন্ন ধৰণে হেঁচা দিয়া হৈছিল। হেঁচা মানে এনেকুৱা নাছিল যে কোনোৱে আহি আমাক ধৰ্ম পৰিৱৰ্তন কৰিবলৈ ধমক দিছিল। কিন্তু চাৰিওফালৰ পৰিৱেশ এনেদৰ গঢ় দিয়া হৈছিল যে ধৰ্ম পৰিৱৰ্তনৰ বিকল্প নাছিল।

আমাৰ সম্পৰ্কীয় লোকক আটক কৰাৰ বাবে পাকিস্তানীসকলে বলিয়া কুকুৰৰ দৰে বিচাৰি ফুৰিছিল। তেওঁক লগ পোৱাত তেওঁ কৈছিল, যদি জীয়াই থাকিব বিচৰা মুছলমান হৈ যোৱা। মইও মুছলমান হ’লোঁ।

তেতিয়া আমি গাঁৱৰ পৰা পুনৰ চহৰলৈ উভতি আহিছিলোঁ। চহৰলৈ আহিলেও ঘৰৰ বাহিৰলৈ ওলাব পৰা নাছিলোঁ। মোৰ দাদাই স্কুললৈ যাব পৰা নাছিল। চাৰিওফালে এটাই ঘোষণা কৰা হৈছিল যে ইছলামিক কাৰ্ড নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব।আমি ঘৰৰ ভিতৰতে বন্দী হৈ পৰিলোঁ। এইদৰে কিমান দিন বন্দী জীৱন কটাই থাকিম! দেখিলোঁ যে কোনো পথ নাই। প্ৰথমে পিতৃ-মাতৃক বুজালো যে জীয়াই থকাটো প্ৰথম কথা। পিছত ধৰ্মৰ হিচাপ-নিকাচ কৰিম। তাৰে পিছত আমি ধৰ্ম পৰিৱৰ্তন কৰিলোঁ।

ধৰ্মান্তৰিত হোৱাৰ পিছতো আমাৰ সমস্যা শেষ হোৱা নাছিল। আমি শান্তিৰে বসবাস কৰিব পৰা নাছিলোঁ। বিভিন্ন ধৰণৰ হেঁচা আমাৰ ওপৰত পৰিয়েই আছিল। এবাৰ মোৰ ভাইটিক উঠাই লৈ গৈছিল। তেতিয়া আমি বহুজনৰ ওচৰত কাকূতি-মিনতি কৰিবলগীয়া হৈছিল। ৰমজানৰ সময়ছোৱাত দলে দলে মহিলা আহি আমাৰ পাকঘৰ পৰীক্ষা কৰিছিল। কিজানি আমি ৰোজা ৰখা নাই। কৈছিল, আপোনালোকে দেখো ৰোজা ৰখাই নাই। বিবাহিত মহিলাৰ বাবে সিন্দূৰ পিন্ধাটো জৰুৰী। কিন্তু তেতিয়াৰ পৰা সিন্দূৰ লোৱাটো বন্ধ হৈ গৈছিল।

ইফালে, শচীন্দ চন্দ্ৰ আইচে কয় যে মুছলমান হোৱাৰ পিছতো তেওঁলোকে ঠাই সলাই সলাই বাস কৰিবলগীয়া হৈছিল। সময়ছোৱাত বহু মুছলমান বন্ধিৰ ঘৰত লুকাই থাকিবলগীয়া হৈছিল। সোণৰ বিভিন্ন মূল্যৱান গহনা তেওঁলোকৰৰ গৃহত লুকুৱাই ৰাখিবলগীয়া হৈছিল।

সেই সময়ছোৱাত শচীন্দ্ৰৰ পৰিয়ালে নিজকে মুছলমান বুলি প্ৰমাণিত কৰিবলৈ মছজিদলৈ গৈ নামাজ পঢ়িবলগীয়া হৈছিল। কিন্তু তেওঁলোকৰ নামাজ পঢ়াৰ অভ্যাস নাছিল। নিয়ম-নীতিও জনা নাছিল। সেইখিনি কাম কিন্তু আন্তৰিকতাৰে শিকাই দিয়া হৈছিল। ‘পহিলা দিনটোত মোৰ এজন ছাত্ৰই মোক হাত আৰু ভৰি কিদৰে ধুব লাগে, সেয়া শিকালে। তেওঁ কৈছিল, আপুনি আনক অনুসৰণ কৰি কিদৰে উঠা-বহা কৰিব লাগে, সেয়া শিকি লব। তেতিয়াৰে পৰা প্ৰতিটো শুকুৰবাৰে নামাজৰ বাবে মছজিদলৈ যাবলগীয়া হৈছিল। কোনো কোনো দিনত পাঁচবাৰ নামাজ পঢ়িছিলোঁ। ৰমজানত প্ৰথমে কেইদিনমান ৰোজা ৰাখিলোঁ। কিন্তু তাৰ পিছত মোৰ দ্বাৰা সেয়া সম্ভৱপৰ নহৈছিল। সেয়ে বাহিৰলৈ গ’লেহে একো নোখাৱাকৈ গৈছিলোঁ।‘- তেওঁ কয়।

মুছলমান হিচাপে চাকৰিলৈ যোৱাৰ কেইদিনমান পিছত তেওঁ পৰিচয়-পত্ৰ দিয়া হয়। চহৰখনৰ বিভিন্ন তালাচী চকীত সেই পৰিচয়-পত্ৰখন দেখুৱাবলগীয়া হৈছিল। পাঞ্জাবীৰ সন্মুখত পৰিলেই শুধিছিল, তুমি হিন্দু নে মুছলমান? মই কৈছিলোঁ, মুছলমান। তেতিয়া ছুৰা শুনাবলৈ কৈছিল।মই কেইটামান মনত ৰাখি থৈছিলোঁ। তাকেই শুনাই নিজকে সুৰক্ষিত কৰি তালাচী চকী পাৰ হৈ আহিছিলোঁ।বাংলাদেশ স্বাধীন হোৱাৰ পিছত অৱশ্যে তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন আহে।

254 views0 comments