ৰাছিয়া-ইউক্ৰেইন সংকটে কিদৰে ক্ষতি কৰিব ভাৰতক




ভাৰতৰ পৰা ৫ হাজাৰ কিলোমিটাৰ নিলগত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত বৃহস্পতিবাৰে পুৱাৰে পৰা চলি আছে তুমুল যুদ্ধ। ইয়াৰ প্ৰভাৱ ভাৰতৰ সাধাৰণ জনগণৰ ওপৰত পৰিবনে? ভৌগলিক দৃষ্টিকোণৰ পৰা ভাৰতত যুদ্ধখনৰ গুলী-বাৰুদৰ কোনো প্ৰভাৱ নপৰে। কিন্তু আৰ্থিক দিশত আমাৰ দেশখনৰ জনগণ যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হোৱাটো নিশ্চিত। বিষয়টোৰ গভীৰলৈ যোৱাৰ পূৰ্বে দুয়োখন দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক কেনে ধৰণৰ সেইটো জনা দৰকাৰ। অৱশ্যে ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্কক নতুনকৈ কোৱাৰ আৱশ্যক নাই। ভাৰতক প্ৰতিটো সংকটত সকলো দিশৰ পৰা সহায় কৰি অহা বিশ্বৰ দুখন ৰাষ্ট্ৰ অন্যতম ৰাছিয়া। আনখন ইজৰাইল। ৰাছিয়াই ভাৰতবৰ্ষক কেৱল সমৰাস্ত্ৰৰে সহায় কৰাই নহয়, ১৯৭১ চনত বাংলাদেশৰ বিৰুদ্ধে ৰাছিয়াই সহায় নকৰাহেঁতেন আমেৰিকা আৰু ইংলেণ্ডে ভাৰতক যিদৰে ঘেৰাও কৰাৰ পৰিকল্পনা কৰিছিল, সেয়া সফল হ’লে পৰৱৰ্তী কালৰ ইতিহাসেই হয়তো অন্য হ’লহেঁতেন। অৱশ্যে তেতিয়াৰ ৰাছিয়া আৰু আজিৰ ৰাছিয়াৰ মাজত াকাশ-পাতাল পাৰ্থক্য আছে। তৎসত্ত্বেও ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আজিও অব্যাহত আছে। ইফালে, ইউক্ৰেইনৰ সৈতেও ভাৰতৰ আছে সুসম্পৰ্ক। দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক, শৈক্ষিক সম্পৰ্কৰ গভীৰতা অতি গভীৰ। ভাৰতৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী ইউক্ৰেইনত অধ্যয়ন কৰে। বিশেষকৈ চিকিৎসা বিজ্ঞানৰ অধ্যয়ন অৰ্থে প্ৰতি হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থী ইউক্ৰেইনলৈ যায়। তাত বহু ভাৰতীয়ই চাকৰিও কৰে। এনে প্ৰেক্ষাপটত যুদ্ধখনে ভাৰতৰ স্বাৰ্থত আঘাত নকৰাকৈ নাথাকে। ইয়াৰ সবাতকৈ প্ৰভাৱ পৰিব সাধাৰণ ভাৰতীয় নাগৰিকৰ বাজেটত। কিদৰে?

ৰাছিয়াত প্ৰায় ১৪ হাজাৰ ভাৰতীয় শিক্ষাৰ্থী আছে। ইয়াৰে প্ৰায় ৫ হাজাৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী। তদুপৰি চাহ-কফি, মচলা-চাউল আদিৰ ব্যৱসায়ৰ সৈতে ৫০০ ভাৰতীয় ব্যৱসায়ী জড়িত হৈ আছে।

ইউক্ৰেইনত বসবাস কৰা ভাৰতীয় সৰ্বাধিক হৈছে শিক্ষাৰ্তী। দেশখনত কমেও ১৮ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী আছে। ইউক্ৰেইনত ভাৰতৰ তুলনাত আধা খৰচত চিকিৎসা বিজ্ঞান অধ্য়য়ন কৰিব পাৰি। সেয়ে দেশখনলৈ প্ৰতি বছৰে ভাৰতীয় শিক্ষাৰ্থীৰ স্ৰোত বয়। ৰাছিয়া-ইউক্ৰেইন সংকটৰ বাবে নতুন দিল্লীয়ে ইউক্ৰেইনৰ পৰা ইতিমধ্যে কেইবাজনো শিক্ষাৰ্থীক ভাৰতলৈ ওভতাই আনিছে। প্ৰথমখন বিমানত ২৪২জন শিক্ষাৰ্থী ভাৰতলৈ উভতিছে। কিন্তু যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে ইউক্ৰেইনত অসামৰিক বিমানৰ চলাচল নিষিদ্ধ হৈ পৰে। ফলত দেশখনত বহুসংখ্যক শিক্ষাৰ্থী আবদ্ধ হৈ পৰিবলগীয়া হয়। অৱশ্যে ভাৰতৰ ফালৰ পৰা কূটনৈতিক তৎপৰতা বৃদ্ধি পোৱাত ভাৰতীয় শিক্ষাৰ্থীৰ নিৰাপত্তা আৰু স্বদেশলৈ প্ৰত্যাৱৰ্তনত শীঘ্ৰেই সুখবৰ আহিব পাৰে।


শিক্ষাৰ্থী, চাকৰিয়াল আদিৰ জীৱনলৈ অনিশ্চয়তা নামি অহাৰ সমান্তৰালকৈ যুদ্ধখনে ভাৰতৰ অৰ্থনীতিত বিৰুপ প্ৰভাৱ পেলাব। ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাছিয়া-ইউক্ৰেইন সংকটে সদ্যহতে ভাৰতৰ বাণিজ্যিক ক্ষেত্ৰখনত প্ৰভাৱ পেলাৱো নাই বুলি মঙলবাৰে দাবীকৰিছিল। কিন্তু তেতিয়া যুদ্ধঘোষণা হোৱা নাছিল। কিন্তু যুদ্ধঘোষণা হোৱাৰ লগে লগে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি পালে। ইয়াৰ কুফল ভাৰতীয় অৰ্থনীতিত পৰিব। দেশখনে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হ’ব। অৰ্থাৎ সাধাৰণ নাগৰিকৰ জেপৰ পৰা অধিক ধন ওলাই যাব। যুদ্ধ আৰম্ভ নৌহওঁতেই প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম প্ৰায় এশ টকাৰ কাষ চাপিছে। শক্তি ক্ষেত্ৰখনৰ খ্যাতনামা বিশেষজ্ঞ নৰেন্দ্ৰ তানেজাৰ মতে, ভাৰতে ৮৫ শতাংশ খাৰুৱা তেল আমদানি কৰে। ইয়াৰ সিংহভাগ আহে চৌদি আৰব আৰু আমেৰিকাৰ পৰা। ইয়াৰ উপৰি ইৰাক, ইৰান, ওমান, কুৱেইট, ৰাছিয়াৰ পৰাও ভাৰতে খাৰুৱা তেল আমদানি কৰে। তেওঁ কয়, পৃথিৱীৰ তিনিখন খাৰুৱা তেল উৎপাদক বৃহৎ ৰাষ্ট্ৰৰ এখন হৈছে ৰাছিয়া। বাকী দুখন চৌদি আৰব আৰু আমেৰিকা। বিশ্বৰ খাৰুৱা তেলৰ ১২ শতাংশ ৰাছিয়া, ১২ শতাংশ চৌদি আৰব আৰু ১৬-১৮ শতাংশ খাৰুৱা তেল আমেৰিকাৰ। এই তিনিখন দেশৰ দুখ দেশ যদি যুদ্ধখনৰ সৈতে জড়িত হৈ পৰে, তেলৰ বজাৰত ইয়াৰ বৃহৎ প্ৰভাৱ পৰিবলৈ বাধ্য। তেলৰ যোগানত প্ৰভাৱ পৰিব। দামত প্ৰভাৱ পৰিব।

তেলৰ প্ৰত্যক্ষ সম্পৰ্ক দামবৃদ্ধিৰ সৈতে। তেলৰ দাম বাঢ়িলে দৈনন্দিন জীৱনত আৱশ্যকীয় সামগ্ৰীৰ লগতে প্ৰায় সকলো সামগ্ৰী দাম বৃদ্ধি পায়। ভাৰতৰ বাবে এইটোৱেি হৈছে সৰ্বাধিক চিন্তাৰ বিষয়। উল্লেখ্য যে বিগত প্ৰায় ডেৰ মাহে ভাৰতত পেট্ৰ’ল-ডিজেলৰ বৃদ্ধি পোৱা নাই। কিন্তু আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম ১৫-১৭ শতাংশ বৃ্দ্ধি পাইছে। এই অৱস্থাত যদি তেলৰ দাম পুনৰীক্ষণ কৰিবলগীয়া হয়, আমাৰ দেশখনত একেবাৰতে ১০ টকালৈকে পেট্ৰ’ল-ডিজেলৰ দাম বাঢ়িব পাৰে। এটা অধ্যয়ন মতে, খাৰুৱা তেলৰ দাম এক ডলাৰ বৃদ্ধি পালে ভাৰতীয় অৰ্থনীতিত ৮,০০০-১০,০০০ কোটি টকাৰ অতিৰিক্ত বোজা পৰে। তেন্তে অনুমান কৰক, যুদ্ধখনৰ বাবে খাৰুৱা তেলৰ দাম বৃদ্ধি পালে ভাৰতৰ জনসাধাৰণে মাহেকত কিমান টকা অতিৰিৰ্কভাৱে ভৰিব লাগিব পাৰে। কেৱল তেলতেই নহয়, জেপ খালী কৰিব অন্যান্য সামগ্ৰীৰ দামবৃদ্ধিয়েও।


ভাৰতত ইন্ধন ৰূপত প্ৰাকৃতিক গেছৰ ব্যৱহাৰ ৬ শতাংশ। ইয়াৰে ৫৬ শতাংশ আমদানি কৰিব লাগে। এইখিনি মূলতঃ কাটাৰ, ৰাছিয়া, অষ্ট্ৰেলিয়া, নৰৱে’ৰ পৰা আমদানি কৰা হয়। ভাৰতে এলএনজিৰ ৰূপত প্ৰাকৃতিক গেছ আমদানি কৰি ইয়াক পিএনজি আৰু চিএনজিলৈ পৰিৱৰ্তন কৰা হয়। পিছত সেইবোৰ উদ্যোগ, বিজুলী উৎপাদন, চিএনজি বাহন আৰু ৰন্ধন গেছৰ ৰূপত পাকঘৰত ব্যৱহাৰ কৰা হয়। ৰাছিয়া-ইউক্ৰেইন সংকটে এলএনজিৰ দাম বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনাৰ সৃষ্টি কৰিছে। প্ৰসংগক্ৰমে উল্লেখ্য যে ৰাছিয়াই ৪০ শতাংশ তেল আৰু প্ৰাকৃতিক গেছ ইউৰোপক বিক্ৰী কৰে। ইতিমধ্যে আৰ্থিক নিষেধাজ্ঞাত পৰা ৰাছিয়াৰ এই বজাৰখন বন্ধ হৈ পৰাৰ সম্ভাৱনা আছে। তেতিয়া যদি আমেৰিকাৰ হেঁচাত কাটাৰে ইউৰোপৰ দেশসমূহক অধিক পৰিমাণত প্ৰাকৃতিক গেছ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে ভাৰত সংকটত পৰিব পাৰে। অৱশ্যে যদি অন্য উৎপাদক দেশসমূহে তেল আৰু গেছৰ উৎপাদন বৃদ্ধি কৰিলে বিশ্ববাসীয়ে ইয়াৰ পৰা সকাহ পাব পাৰে। কিন্তু সকলোৰে নিজ নিজ সীমাবদ্ধতা আছে। এতিয়া মাথোঁ এটা কথাই হোৱা উচিত, যুদ্ধখন যিমান পাৰি সোনকালে সমাপ্ত কৰাৰ বাবে বিশ্ব সমাজখনে ৰাছিয়া আৰু ইউক্ৰেইনক বাধ্য কৰাব লাগিব। নহ’লে ভাৰতৰ অৰ্থনীতিত ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰিব।

7 views0 comments