মেট্ৰিক-হাইমাদ্ৰাছাৰ প্ৰ-পত্ৰ কেনেকৈ ক'ত পূৰণ কৰিব, কোনে দিব নালাগে মাচুল




ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ সম্ভৱ হৈ নুঠিলেও সমাগত বৰ্ষটোত উচ্চ মাধ্যমিক শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই। ইয়াৰ বাবে ছেবাই হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ দিন ঘোষণা কৰিছে। সেই অনুসৰি, ২৫ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰৰ ভিতৰত শিক্ষাৰ্থীয়ে অনলাইনৰ জৰিয়তে পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব।


অনলাইনত প্ৰ-পত্ৰ পূৰণৰ বাবে ছেবাই ইতিমধ্যে মুকলি কৰিছে এটা পৰীক্ষা প’ৰ্টেল। অৰ্থাৎ Sebaregitration.in প’ৰ্টেলটোত প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। কিন্তু ছয়মাহিলী পৰীক্ষাত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীয়ে প্ৰ-পত্ৰ পূৰণ কৰিব নোৱাৰিব।


ইফালে, প্ৰ-পত্ৰ পূৰণৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা মাচুল ৬৫০ টকা, পৰীক্ষা কেন্দ্ৰৰ মাচুল ৩০০ টকা, প্ৰেক্টিকেল পৰীক্ষাৰ মাচুল ১৫০ টকা আদায় দিব লাগিব। অৱশ্যে যিসকল ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম, সেই ছাত্ৰ-ছাত্ৰীয়ে মাচুল দিব নালাগে। কিন্তু তেওঁলোকে নৱম শ্ৰেণীত ৰোপণ কৰা গছৰ পুলিৰ ফটো আপলোড কৰিব লাগিব।

4 views0 comments