ধৰ্ষণ যদি অনিবাৰ্য তেন্তে তাক উপভোগ কৰক : জ্যেষ্ঠ কংগ্ৰছ নেতাৰ বিকৃত ৰুচিৰ প্ৰকাশ





ভাৰতত কংগ্ৰেছ এতিয়া অস্তগামী বেলি। দেশখনৰ চৌদিশে দলটোক লৈ আশাবাদী লোকৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। কে আৰ ৰমেশ কুমাৰৰ দৰে বিকৃত ৰুচিৰ নেতা থকা দল এটাৰ এনে পৰিণতি স্বাভাৱিক। কৰ্ণাটকৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে বৃহস্পতিবাৰে ৰাজ্যখনৰ বিধানসভাত এনে এটা মন্তব্য দিলে যে তাক ধিক্কাৰ দিয়াটোও পৰ্যাপ্ত নহয়। মানে গৰিহণাৰো অযোগ্য। বিধায়ক ৰমেশ কুমাৰ কৰ্ণাটক বিধানসভাৰ প্ৰাক্তন অধ্যক্ষও। তেওঁ কৰ্ণাটক বিধানসভাৰ চলিত শীতকালীন অধিৱেশনত কয়- 'ধৰ্ষণ যদি অনিবাৰ্য হয়, তাক উপভোগ কৰা উচিত।’ বিকৃত ৰুচিৰ মন্তব্যটো শুনাৰ লগে লগে বিধানসভাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়



বিধানসভাত কৃষকৰ বিষয় লৈ আলোচনাৰ বাবে কংগ্ৰেছে সময় বিচাৰিছিল। তেতিয়া অধ্3 বিশ্বেশ্বৰে কয়, সকলোকে সময় আবণ্টন দিলে হাউছৰ কাম কিদৰে চলিব। তেওঁ কয় যে আপোনালোকে যি সিদ্ধান্ত ল'ব, তাতেই মই হা কৰিম। মই ব্যৱস্থাৰ পৰিৱর্তন বা নিয়ন্ত্রণ কৰিবতো নোৱাৰিম। সেয়ে পৰিস্থিতিক উপভোগ কৰিব লাগিব। হাউছৰ কার্যসূচীক লৈয়েই মোৰ চিন্তা।’’ অধ্যক্ষৰ এই বক্তব্যৰ পিছতে জ্যেষ্ঠ কংগ্রেছ নেতা ৰমেশে ধর্ষণৰ সৈতে বিষয়টোৰ তুলনা কৰি সেই বিতর্কিত মন্তব্য দিয়ে ।


মন্তব্যৰ পিছত চৌদিশে সমালোচিত হোৱাত কংগ্ৰেছ বিধায়কজনে ক্ষমা বিচাৰে। নিজৰ টুইটাৰ হেণ্ডেলত তেওঁ লিখিছে, ‘ধর্ষণক লৈ যি মন্তব্য মই বিধানসভাক দিছো, তাৰ বাবে মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। ঘৃণ্য অপৰাধক আলোকিত কৰা মোৰ উদ্দেশ্য নাছিল। শব্দ চয়নের ক্ষেত্রে ভৱিষ্যতে মই আৰু সতর্ক হ'ম।’



উল্লেখ্য যে কর্ণটকত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা যথেষ্ট বেছি। ৰাজ্যখনৰ আৰক্ষীৰ অনুসৰি, ২০১৯ চনৰ জানুৱাৰীৰ পৰা ২০২১ চনৰ মে'ৰ ভিতৰত ১ হাজাৰ ১৬৮টা ধর্ষণৰ ঘটনা ঘটিছে। তাৰে অধিকাংশই গণধর্ষণৰ ঘটনা। ৰাজ্যখনৰ চামুণ্ডী পাহাৰত সংঘটিত ধর্ষণ কাণ্ডটোৰ পিছত ৰাজ্যৰ গৃহমন্ত্রীৰ বক্তব্যক লৈও হুলস্থুল হৈছিল। তেওঁ কৈছিল, নির্জন স্থানত কোনো মহিলা পুৰুষ বন্ধুবৰ্গৰ সৈতে যোৱা অনুচিত।

11 views0 comments